হায়দৰাবাদ: আইফোন 16 ছিৰিজ মুকলিৰ পাচতে এপলে কিছু পুৰণি মডেলৰ মূল্য হ্ৰাস কৰিছে । এতিয়া কোম্পানীয়ে আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । এপলে এতিয়া কিছু পুৰণি আইফোন মডেলৰ উৎপাদন বন্ধ কৰি বজাৰৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে । কোম্পানীয়ে এই আইফোনকেইটা নিজৰ অফিচিয়েল ৱেবছাইটৰ পৰা আঁতৰাই পেলাব বুলি জানিব পৰা গৈছে । কোম্পানীটোৰ এই সিদ্ধান্ত সেইসকল আইফোন প্ৰেমীসকলৰ বাবে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে যিসকলে দাম কৰ্তনৰ পিছত উক্ত আইফোন মডেলটো ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল । আইফোন 16 ছিৰিজ মুকলি কৰাৰ পিছত কোম্পানীটোৱে আইফোন 15 প্ৰ’, আইফোন 15 প্ৰ’ মেক্স, আইফোন 13 আৰু এপল ৱাচ ছিৰিজ 9 বন্ধ কৰিবলৈ ওলাইছে ।
সেৱা আৰু সুৰক্ষাৰ আপডেট থাকিবনে?
আইফোন 16 ছিৰিজ মুকলি কৰাৰ পিছত কোম্পানীটোৱে আইফোন 15 প্ৰ’, আইফোন 15 প্ৰ’ মেক্স আৰু আইফোন 13 ক তালিকাৰ পৰা বাদ দিবলৈ ওলাইছে । বৰ্তমান আগ্ৰহী গ্ৰাহকে আইফোন 14, আইফোন 14 প্লাছ, আইফোন 15, আইফোন 15 প্লাছ, আইফোন 16 আৰু আইফোন 16 প্ৰ’ ক্ৰয় কৰিব পাৰিব । সুখবৰটো হ’ল যে কোম্পানীয়ে ৱেবছাইটৰ পৰা আঁতৰাবলৈ ওলোৱা আইফোনসমূহে সেৱা, সুৰক্ষা আপডেট আৰু অ’ এছ আপডেট লাভ কৰিব । প্ৰডাকচন বন্ধ হোৱাৰ পিছতো মাজে মাজে নতুন নতুন আপডেট লাভ কৰি থাকিব ।
মডেলবোৰ কেতিয়া মুকলি কৰা হৈছিল?
আইফোন 15 প্ৰ’, আইফোন 15 প্ৰ’ মেক্স আৰু এপল ৱাচ ছিৰিজ 2023 চনৰ 9 ছেপ্টেম্বৰত মুকলি কৰা হয় । কিন্তু গ্ৰাহকৰ মাজত জনপ্ৰিয়তা লাভ কৰা আইফোনটো 2021 চনৰ 13 ছেপ্টেম্বৰত মুকলি কৰা হয় ।
এতিয়া iPhone 15 Pro কিনিব পাৰিবনে?
উল্লেখ্য যে, কোম্পানীটোৱে যিটো আইফোন নিজৰ ৱেবছাইটৰ পৰা আঁতৰাই পেলাইছে, সেইটো আপুনি অফলাইন মাৰ্কেট আৰু অনলাইন মাৰ্কেটৰ পৰা কিনিব পাৰে । এই মডেলসমূহ বন্ধ কৰাৰ লগে লগে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু আমাজনে ইয়াৰ ওপৰত বাম্পাৰ ডিছকাউণ্ট আগবঢ়াইছে । তলত উল্লেখ কৰা আইফোন মডেলসমূহ এপলৰ অফিচিয়েল চেনেলত উপলব্ধ । ইয়াৰ মূল্য হ’ল :
- iPhone SE (2022): 47,600 টকা
- iPhone 14 and iPhone 14 Plus: 59,990 টকাৰ পৰা 69,990 টকা
- iPhone 15 and iPhone 15 Plus: 69,990 টকা 79,990 টকা
- iPhone 16 Series : 13 ছেপ্টেম্বৰৰ পৰা প্ৰি-অৰ্ডাৰ (79,990 টকাৰ পৰা আৰম্ভ)
Apple Watch ৰ উপলব্ধতা
এপল ৱাচ ছিৰিজ 10 আৰু আপডেট কৰা এপল ৱাচ আল্ট্ৰা 2 ৰ মূল্য 24,900 টকাৰ আগমনৰ পিছত ভাৰতত উপলব্ধ হৈছে Apple Watch SE । একেদৰে 20 ছেপ্টেম্বৰৰ পৰা এপল ৱাচ ছিৰিজ 10 আৰু এপল ৱাচ আল্ট্ৰা-2 ৰ নতুন ক’লা টাইটানিয়াম ভেৰিয়েণ্টৰ বিক্ৰী আৰম্ভ হৈছে । এপল ৱাচ আল্ট্ৰা-2 ৰ মূল্য 89,900 টকা, আনহাতে এপল ৱাচ ছিৰিজ 10 ৰ মূল্য 46,900 টকা ।
এপলে নতুন প্ৰডাক্ট মুকলি কৰাৰ পিছত পুৰণি মডেলৰ উৎপাদন বন্ধ কৰি দিয়ে বুলি জনা যায় । ইয়াৰ উপৰিও ই গ্ৰাহকক শেহতীয়া ডিভাইচসমূহলৈ উন্নীত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।