ETV Bharat / technology

পশ্চিম বংগ আৰু উত্তৰ-পূবত এয়াৰটেল পেমেণ্টছ বেংকৰ প্ৰায় 80,000 বেংক সেৱা কেন্দ্ৰ স্থাপন - AIRTEL PAYMENTS BANK

Airtel Payments Bank: পশ্চিম বংগ আৰু উত্তৰ-পূবত বিত্তীয় পৰিৱেশ গঢ়ি তোলাৰ বাবে এয়াৰটেল পেমেণ্টছ বেংকৰ পদক্ষেপ ৷ 80,000 ৰো অধিক এলেকাত কেন্দ্ৰ স্থাপন ৷

Airtel Payments Bank expands banking access
পশ্চিম বংগ আৰু উত্তৰ-পূবত এয়াৰটেল পেমেণ্টছ বেংকৰ প্ৰায় 80,000 বেংক সেৱা কেন্দ্ৰ স্থাপন (Financial Express)
author img

By ETV Bharat Tech Team

Published : Oct 25, 2024, 10:21 AM IST

হায়দৰাবাদ: ভাৰতৰ আগশাৰীৰ টেলিকমিউনিকেচন সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলৰ বেংকি সেৱা- এয়াৰটেল পেমেণ্টছ বেংকে বেংকিং সেৱা দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যাবলৈ গ্ৰহণ কৰিছে পদক্ষেপ ৷ দেশৰ সকলো প্ৰান্তৰ লোকে যাতে বেংকিং সেৱা লাভ কৰিব পাৰে সেই উদ্দেশ্যৰে এয়াৰটেল পেমেণ্টছ বেংকে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

এয়াৰটেল পেমেণ্টছ বেংকে পশ্চিম বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিত্তীয় পৰিৱেশক নতুনকৈ গঢ়িবলৈ যত্ন কৰিছে, পৰ্যাপ্ত সেৱা লাভ নকৰা জনগোষ্ঠীসমূহৰ বাবে বেংকিং সুলভতা বৃদ্ধি কৰি । 80,000 ৰো অধিক এলেকাত বেংকিং পইণ্ট স্থাপনৰ জৰিয়তে বেংকটোৱে এই অঞ্চলসমূহত বিত্তীয় অন্তৰ্ভুক্তিক লাভান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । পূৰ্বতে বেংকিংৰ কোনো সুবিধা নথকা দুৰ্গম গাঁৱত 22 হাজাৰ বেংকিং কেন্দ্ৰ স্থাপন কৰি ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিত অৰিহণা যোগাইছিল । সমান্তৰালভাৱে ইয়াৰ সৈতে জড়িত কৰাইছিল 9500 ৰো অধিক মহিলাক ।

"পশ্চিম বংগ আৰু উত্তৰ-পূবত আমাৰ প্ৰচেষ্টা বেংকিংক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা আৰু স্থানীয় জনগোষ্ঠীক সবলীকৰণ কৰা । চাহ বাগিচাৰ শ্ৰমিকসকলে সময়মতে মজুৰি পোৱাটো নিশ্চিত কৰাই হওক বা মহিলা ঔদ্যোগিক ব্যৱসায়ীক সহায় কৰাই হওক - এয়াৰটেল পেমেণ্টছ বেংকে আৰ্থিক সুলভতাক পুনৰ গঠন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"-এয়াৰটেল পেমেণ্টছ বেংকৰ পৰিচালন সঞ্চালক আৰু শীৰ্ষ কাৰ্যবাহী বিষয়া অনুব্ৰত বিশ্বাসে এইদৰে কয় ।

উল্লেখ্য যে, এয়াৰটেল পেমেণ্টছ বেংকে পশ্চিম বংগ আৰু অসমৰ 35 খনতকৈও অধিক চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে, মজুৰি প্ৰদানৰ ক্ষেত্ৰত ৷

এয়াৰটেল পেমেণ্টছ বেংকে স্থানীয় জনগোষ্ঠীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আৰু অঞ্চলটোৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰা বেংকিং সমাধান প্ৰদানৰ বাবে প্ৰযুক্তিৰ সহায় লৈ নিজৰ প্ৰসাৰতা বৃদ্ধি কৰি আছে । বেংকটোৰ প্ৰসাৰৰ লগে লগে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু অভাৱগ্ৰস্ত জনসংখ্যাৰ বাবে বেংকিং ব্যৱস্থা সুলভ হৈ পৰিব আৰু প্ৰতিষ্ঠানটোৱে নিজৰ এই মিছন পূৰণৰ প্ৰতি দায়বদ্ধ হৈ আছে ।

লগতে পঢ়ক: UPI লেনদেনৰ সীমা বৃদ্ধি ৰিজাৰ্ভ বেংকৰ; UPI লাইট ৱালেটৰ সীমাও বৃদ্ধি

এতিয়াৰে পৰা প্ৰয়োজনত GPay জৰিয়তেও লাভ কৰিব পাৰিব ঋণ; কেনেকৈ ? - Google Muthoot Finance tie up

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.