ETV Bharat / technology

টিভিএছ জুপিটাৰ 110 : মূল্য, বৈশিষ্ট্য, ভিন্নতা - 2024 TVS Jupiter 110

author img

By ETV Bharat Tech Team

Published : Aug 24, 2024, 1:56 PM IST

2024 TVS Jupiter 110 Review: শেহতীয়াভাৱে বজাৰত উপলব্ধ হোৱা টিভিএছ জুপিটাৰ 110 ক্ৰয় কৰাৰ পৰিকল্পন পুহি ৰাখিছে নেকি ৷ যদি ক্ৰয় কৰিম বুলি ভাবিছে ক্ৰয় কৰাৰ পূৰ্বে জানি লওঁক স্কুটাৰখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা---

2024-tvs-jupiter-110-launched-5-things-to-know
উন্নত প্ৰযুক্তিৰে 73,700 প্ৰাৰম্ভিক মূল্যত বজাৰত উপলব্ধ টিভিএছ জুপিটাৰ 110 (TVS Motor Company)

নিউজ ডেস্ক, 24 আগষ্ট: দেশীয় বাইক আৰু স্কুটাৰ নিৰ্মাতা কোম্পানী টিভিএছ মটৰ কোম্পানীয়ে বৃহস্পতিবাৰে মুকলি কৰিলে তেওঁলোকৰ আটাইতকৈ জনপ্ৰিয় স্কুটাৰ টিভিএছ জুপিটাৰৰ নতুন মডেলটো । টিভিএছ জুপিটাৰ 110 নামেৰে জনাজাত এই স্কুটাৰখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে । যদি আপুনি কিনিব বিচাৰে তেন্তে অনুমোদিত ডিলাৰশ্বিপৰ পৰা ক্ৰয় কৰিব পাৰে । কিন্তু ক্ৰয় কৰাৰ পূৰ্বে স্কুটাৰখনৰ বিষয়ে কিছু নতুন তথ্য জনাটো উচিত-

2024 বৰ্ষৰ টিভিএছ জুপিটাৰ 110 ডিজাইন

নতুন জুপিটাৰখনৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ সম্পূৰ্ণ নতুন ডিজাইন, যিটো দেখাত অতি আকৰ্ষণীয় । ইয়াৰ সন্মুখৰ এপ্ৰ’নখন সম্পূৰ্ণৰূপে নতুনকৈ ডিজাইন কৰা হৈছে, য’ত টাৰ্ণ ইনডিকেটৰকে ধৰি এল ই ডি লাইট বাৰ সংযুক্ত কৰা হৈছে । ইয়াৰ উপৰিও নতুন এল ই ডি হেডলেম্প আৰু বহু নতুন ৰঙৰ বিকল্পৰ সৈতে বজাৰত মুকলি কৰা হৈছে এই স্কুটাৰখন ।

চাইড প্ৰফাইলৰ কথা ক’বলৈ গ’লে ইয়াত সুস্পষ্ট ৰেখা আছে, আনহাতে পিছফালে এটা পাতল এল ই ডি টেইল লেম্প আছে, য’ত ইন্টিগ্ৰেটেড টাৰ্ণ ইনডিকেটৰ আছে । এই স্কুটাৰখনৰ ডিজাইনত টিভিএছে গ্লছ ব্লেক প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । যাৰ ফলত ই আঁচোৰৰ প্ৰতিৰোধী (resistant to scratches) হোৱাটো নিশ্চিত বুলি আশা কৰিব পাৰি । ইয়াৰ উপৰিও টিভিএছে দাবী কৰিছে যে চিটটো বৰ্তমান পৰ্যন্ত যিমানবোৰ মডেল আছে সকলোতকৈ ডাঙৰ আৰু ইয়াত ধাতুৰ বডি পেনেল ব্যৱহাৰ কৰা হৈছে ।

উন্নীতকৃত ইঞ্জিন টিভিএছ জুপিটাৰ 110

নতুন জুপিটাৰ 110ত কোম্পানীটোৱে ইন্ধন ইনজেকচন প্ৰযুক্তিৰ সৈতে নতুন 113.3 চিচি, এয়াৰ কুলড ইঞ্জিন ব্যৱহাৰ কৰিছে । এই ইঞ্জিনে 5000 আৰ পি এমত সৰ্বোচ্চ শক্তি 7.91 বি এইচ পি আৰু একে আৰ পি এমত সৰ্বোচ্চ টৰ্ক 9.2 এন এম উৎপন্ন কৰে ।

ইয়াত চিভিটি অটোমেটিক ট্ৰেন্সমিছন ধৰি ৰখা হৈছে যদিও কোম্পানীয়ে ইয়াক ইলেক্ট্ৰিক এছিষ্টৰ বৈশিষ্ট্য দিছে, যাৰ ফলত টৰ্ক আউটপুট 9.8 এনএমলৈ বৃদ্ধি পাইছে । এই বৈশিষ্ট্য প্ৰাৰম্ভিক ত্বৰণ বা অভাৰটেকিঙৰ সময়ত উপকাৰী বুলি প্ৰমাণিত হয় । এই স্কুটিৰ গতিবেগ ঘণ্টাত 82 কিলোমিটাৰ ।

2024 চনৰ টিভিএছ জুপিটাৰ 110 ৰ বৈশিষ্ট্য

টিভিএছ মটৰ কোম্পানীয়ে নিজৰ সামগ্ৰীত নতুন বৈশিষ্ট্য যোগ কৰাৰ বাবে পৰিচিত আৰু শেহতীয়া টিভিএছ জুপিটাৰ 110 ইয়াৰ উদাহৰণ । ইয়াত দুটা হেলমেট ৰাখিব পৰাকৈ চীটৰ তলত ঠাই আছে, মোবাইল ডিভাইচ চাৰ্জিঙৰ বাবে ইউএছবি প’ৰ্ট, বাহ্যিক ফিউৱেল ফিলাৰ কেপ আৰু এল ই ডি লাইটিং আছে ।

ইয়াৰ উপৰিও ইয়াত এটা নতুন ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ফিট কৰা হৈছে যিয়ে এপ্লিকেচন সমৰ্থনৰ সৈতে ব্লুটুথ সংযোগৰ বৈশিষ্ট্য প্ৰদান কৰে । টিভিএছে জৰুৰীকালীন ষ্টপ চিগনেল, অটোমেটিক টাৰ্ণ ইনডিকেটৰ, ডিষ্টেন্স টু এম্পটি ফিচাৰ, ভইচ কমাণ্ড ফাংচনেলিটি, হেজাৰ্ড লেম্প আৰু ফ’ল’-মি হেডলেম্পও প্ৰৱৰ্তন কৰিছে ।

কি কি ৰঙত উপলব্ধ

টিভিএছ জুপিটাৰ 110 ডন ব্লু মেট, গেলেক্টিক কপাৰ মেট, টাইটানিয়াম গ্ৰে মেট, ষ্টাৰলাইট ব্লু গ্লছ, লুনাৰ হোৱাইট গ্লছ আৰু মিটিঅ’ৰ ৰেড গ্লছ ৰঙত উপলব্ধ 2024 বৰ্ষৰ টিভিএছ জুপিটাৰ 110 ।

2024 চনৰ টিভিএছ জুপিটাৰ 110 ৰ ভেৰিয়েন্ট আৰু মূল্য

কোম্পানীয়ে নতুন জুপিটাৰ 110 ড্ৰাম, ড্ৰাম এলয়, ড্ৰাম এছএক্সচি আৰু ডিস্ক এছএক্সচিকে ধৰি চাৰিটা ভেৰিয়েণ্টত প্ৰৱৰ্তন কৰিছে । ইয়াৰ প্ৰাৰম্ভিক মূল্য 73,700 টকাৰ পৰা আৰম্ভ হৈ 87,250 টকা পৰ্যন্ত (এক্স-শ্ব’ৰুম) ।

লগতে পঢ়ক: 83,598 মূল্যত ভাৰতবৰ্ষত মুকলি 2024 বৰ্ষৰ হিৰো গ্লেমাৰ - 2024 Hero Glamour 125

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.