গুৱাহাটী : ৰাজ্যত পুনৰ পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ দৰে এক ভয়ংকৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান গুৱাহাটী মহানগৰী । মহানগৰীৰ বৰাগাঁৱৰ নিজাৰাপাৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত । লগতে দলবদ্ধ ধৰ্ষণতে সীমাবদ্ধ নাথাকি অভিযুক্তই সামাজিক মাধ্যমত ভাইৰেল কৰিলে ইয়াৰ এক ভিডিঅ’ ।
জানিব পৰা মতে, যুৱতীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল কিছুদিন পূৰ্বে । মহানগৰীৰ বৰাগাঁৱৰ নিজাৰাপাৰৰ এটা দুৰ্গা মন্দিৰত সংঘটিত কৰিছিল এই ঘটনা । তাৰ পিছত সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো । এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
যুৱতীগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত মুঠ ৯ জন যুৱক জড়িত আছিল । দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে গড়চুক আৰক্ষীয়ে উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি ইতিমধ্যে ৭ অভিযুক্তক আটক কৰিছে ৷ কিন্তু বৰ্তমানো মূল অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।
ধৃত অভিযুক্তকেইটা হ’ল
- কুলদ্বীপ নাথ (23)
- পিংকু দাস (18)
- মৃণাল ৰাভা (19)
- গগণ দাস (21)
- বিজয় ৰাভা (22)
- দীপাংকৰ মুখীয়া (21) আৰু
- সৌৰভ বড়ো (20)
আনহাতে আন দুই অভিযুক্ত ৰবিন দাস আৰু কৃষ্ণ পলাতক হৈ আছিল যদিও আজি বিয়লি আৰক্ষীয়ে ৰবীন দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি গড়চুক আৰক্ষীয়ে উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি তদন্ত আগবঢ়াই আছে যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয় ।
কি কয় আৰক্ষীয়ে
এই সন্দৰ্ভত মহানগৰ আৰক্ষী উপায়ুক্ত (পশ্চিম) পদ্মনাভ বৰুৱাই সাংবাদিকক জানিবলৈ দিয়ে, “কালি ৰাতি নিশা 2.30 -3 মান বজাত গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈলৈ এটা তথ্য আহে যে বৰাগাঁও অঞ্চলৰ মানুহৰ মাজত ৱাটছএপৰ যোগেদি এটা ভিডিঅ’ চাৰ্কুলেট হৈ আছে য’ত মানুহ এগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি থকা দেখা গৈছে ৷ প্ৰায় 8-9 জন মানুহ আৰু এগৰাকী মহিলা যাৰ গাত কাপোৰ-কানি নাই আৰু বৰ্বৰতাৰে তেওঁৰ লগত যৌন উৎপীড়ন চলিছে ৷ লগে লগে গড়চুক আৰক্ষী থানাৰ এটা দলে নিশা 3-3.30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ অনুসন্ধান আৰম্ভ কৰে আৰু দুজনমান মানুহৰ সন্ধান উলিয়াবলৈ সক্ষম হয় ৷ প্ৰথমে দুই-তিনিজনক কৰায়ত্ত কৰাৰ পিছত গুৱাহাটীৰ জালুকবাৰী, গড়চুক, নুনমাটি আদি অঞ্চলত অভিযান চলাই এই পৰ্যন্ত 7 জন মানুহক ধৰিবলৈ সক্ষম হৈছো ৷ এই 7 জন মানুহেই ভিডিঅ’ত আছিল ৷”
ক’ত, কেতিয়া ঘটিছিল ঘটনাটো
পদ্মনাভ বৰুৱাই সাংবাদিকক জানিবলৈ দিয়ে, “ প্ৰাৰম্ভিক অনুসন্ধানত আমি গম পাইছোঁ যে ঘটনাটো 17 নৱেম্বৰৰৰ ৷ ৰাস মহোৎসৱ চলি আছিল আৰু এই আটাইকেইজন ল’ৰা ৰাস চাবলৈ আহিছিল ৷ আটাইকেইজন বৰাগাওঁ অঞ্চলতে থাকে ৷ সেইদিনা ৰাস চাবলৈ আহোতে ওচৰৰে নিজৰাপাৰ নামৰ ঠাইত থকা এটা দুৰ্গা মন্দিৰৰ চৌহদত তেওঁলোকে কোৱামতে মদ, ড্ৰাগছ খাবলৈ যায় ৷ তাৰে এজন যুৱকে সেই ঠাইলৈ এগৰাকী মহিলাক লৈ আহিছিল আৰু আটাইকেইজন যুৱকে মিলি মহিলাগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায়, দলবদ্ধ ধৰ্ষণ কৰে ৷ তাৰে এজন যুৱকে ঘটনাটোক ভিডিঅ’ বনাইছিল যি পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে ৷"
উল্লেখ্য যে মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে হত্যা, হিংসা, ধৰ্ষণৰ দৰে জঘন্য ঘটনা । এইক্ষেত্ৰত সম্পূৰ্ণৰূপে মহানগৰ আৰক্ষী বিফল হৈছে বুলি উল্লেখ কৰে স্থানীয় সচেতন মহলে । যাৰ ফলত পুনৰ এই জঘন্য ঘটনা সংঘটিত হোৱা বুলিও একাংশই কয় ।
শেহতীয়া খবৰ অনুসৰি, যোৱা ১৭ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনাটো । ৰাস দেখুওৱাৰ চলেৰে এটা অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক লৈ আনিছিল বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত আন অভিযুক্তকেইটাক ফোন কৰি মাতে মূল অভিযুক্তটোৱে ।