ETV Bharat / state

সোণাৰিত নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য - Rehabilitation centre in Sonari - REHABILITATION CENTRE IN SONARI

Youth died in Rehab Center : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কাৰণ ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Allegation against Rehab Centre
ৰিনিউৱেল ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 1:14 PM IST

Updated : Jun 18, 2024, 1:45 PM IST

মৰাণ, ১৮ জুন : ৰাজ্যৰ বিভিন্ন স্থানত গঢ় লৈ উঠা নিচামুক্তি কেন্দ্ৰত পৰ্যাপ্ত সুবিধা আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা নথকাত প্ৰায়ে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে । কিছু সংখ্যকে নিজৰ ব্যৱসায়িক লাভালাভৰ বাবে নিচামুক্তি কেন্দ্ৰ স্থাপন কৰি ধন লুণ্ঠনৰ বাবে চেষ্টা চলাই আহিছে বুলিও অভিযোগ উঠিছে ।

ৰিনিউৱেল ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰ (ETV BHARAT ASSAM)

ইয়াৰ মাজতেই চৰাইদেউ জিলাৰ সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত মঙলবাৰে চিকিৎসাধীন যুৱকৰ মৃত্যু হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত যুৱকজন সোণাৰিৰ ১৩ নং ৱাৰ্ডৰ দেৱজিৎ নন্দী । যুৱকজনৰ মৃত্যুৰ পাছতে সোণাৰিৰ বৰাহী চাৰিআলিস্থিত ৰিনিউৱেল ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ।

ভুক্তভোগী পৰিয়ালটোৱে নিচামুক্তি কেন্দ্ৰটোত নিয়মীয়া স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ কৰিছে । যুৱকজনৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি যোৱা ২৩ ডিচেম্বৰৰ পৰা এই নিচামুক্তি কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকাৰ পাচত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত আজি পুৱা ভৰ্তি কৰোৱা হৈছিল যুৱকজনক । কিন্তু চিকিৎসালয়তে যুৱকজনৰ মৃত্যু হয় ।

আনহাতে,পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰতিমাহে মাছুল আদায় কৰাৰ পাচতো এই কেন্দ্ৰটোত থকা নিচাসক্ত লোকসকলক প্ৰদান কৰা নহয় পৰ্যাপ্ত সুবিধা । দেওবাৰে নিশা যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা ভাল নহয় বুলি জনাইছিল যদিও বিশেষ অসুবিধা নাই বুলি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই পৰিয়ালক জনোৱাৰ পাছত আজি হঠাৎ যুৱকজনৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত যুৱকজনৰ মৃতদেহ এতিয়ালৈকে চমজি লোৱা নাই পৰিয়ালৰ লোকে । অভিযোগ অনুসৰি ইযাৰ পূৰ্বেও এই কেন্দ্ৰটোত আন এজন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:De-addiction Centre: নিচামুক্তি কেন্দ্ৰ নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই বলৱৎ হ’ব নতুন এছ অ' পি

তিনিচুকীয়াৰ নিচামুক্তি কেন্দ্ৰত কি চলিছে ? ভুক্তভোগীৰ বিস্ফোৰক অভিযোগ - Rehabilitation cente in Tinsukia

Youth Dies In Rehab Centre : নিচামুক্তি কেন্দ্ৰৰ ছাদৰ ওপৰৰ পৰা পৰি মৃত্যু যুৱকৰ

Last Updated : Jun 18, 2024, 1:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.