ETV Bharat / state

মই অন্য এখন ঠাইলৈ আহিছো, মোৰ কথা চিন্তা নকৰিবি: ভগ্নীক কান্দি কান্দি ক’লে উজ্জ্বলে - Youth missing

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:20 PM IST

Youth missing : ফিল'বাৰীৰ তৰাণীৰ এজন যুৱক বিগত তিনিদিন ধৰি নিৰুদ্দেশ হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আলফা (স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ কৰি সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱকজনক ঘৰলৈ উভতাই পঠাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

Youth missing
তিনিদিন ধৰি নিৰুদ্দেশ ফিল'বাৰীৰ তৰাণীৰ এজন যুৱক (ETV BHARAT ASSAM)

তিনিচুকীয়া, 2 জুন : সন্ধানহীন এজন যুৱকক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ তিনিদিনে নিৰুদ্দিষ্ট হৈ থকা যুৱকজনে আলফা (স্বাঃ)ত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ নিৰুদ্দিষ্ট যুৱকজনক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰত ৷ তিনিচুকীয়া জিলাৰ ফি’লবাৰীত সংঘটিত হৈছে এই ঘটনা ৷

সন্ধানহীন এজন যুৱকক লৈ চাঞ্চল্য (ETV BHARAT ASSAM)

তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ তৰাণীৰ এজন যুৱক বিগত তিনিদিন ধৰি নিৰুদ্দেশ হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী তৰাণীৰ মনেশ্বৰ বৰুৱাৰ পুত্ৰ উজ্জ্বল বৰুৱা বৃহস্পতিবাৰে কেৰালালৈ কৰ্ম সংস্থাপনৰ বাবে বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ ঘৰৰ পৰা যোৱা দিনৰ পৰাই পৰিয়ালৰ লোকে যোগাযোগ কৰিব বিচাৰি আছিল উজ্জল বৰুৱা লগত ৷ কিন্তু পৰিয়ালৰ কাৰো ফোন কলৰ উত্তৰ দিয়া নাছিল নিৰুদ্দিষ্ট উজ্জ্বলে ৷

শনিবাৰে পুৱাৰ ভাগত উজ্জলৰ ভগ্নীয়ে পুনৰ উজ্জ্বলক ফোন কৰাত যুকজনে ফোন কলৰ উত্তৰ দিয়াৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷ তাৰ পিচতেই "মই অন্য এখন ঠাইলৈ আহিছো, তঁ‌হতি মোৰ কথা চিন্তা নকৰিবি, ঘৰত মা-দেউতাক কৈ দিবি মই নিজৰ ইচ্ছাই আহিলোঁ অন্য এখন ঠাইলৈ" বুলি কান্দি কান্দি ফোনৰ সংযোগ বিচ্ছিন্ন কৰি ম’বাইল অফ কৰি দিয়ে বুলি জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ পেঙেৰী থানাত অৱগত কৰে ৷ পিচত আৰক্ষীয়ে উজ্জ্বল বৰুৱাৰ ম’বাইল নম্বৰ লোকেচন ট্ৰেক কৰাত নাগালেণ্ডৰ মন জিলাত অৱস্থিতি ধৰা পৰে ৷

ইফালে যুৱকজন নিৰুদ্দেশ হোৱা পিচতেই পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে ৷ লগতে উজ্জ্বলে আলফা (স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ কৰি সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱকজনক ঘৰলৈ উভতাই পঠাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷ আনহাতে উজ্জ্বল বৰুৱাৰ নিৰুদ্দেশ হোৱাৰ খবৰে পেঙেৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : গুৱাহাটীত ছুৰিকাঘাতৰ ঘটনা: আৰক্ষীৰ জালত উদভ্ৰান্ত প্ৰেমিক ! - Stabbing Incident In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.