ETV Bharat / state

বহুতকে বিনামূলীয়া খাদ্য যোগান ধৰি আহিছে মৰাণৰ মনোজে - Free Food by Youth - FREE FOOD BY YOUTH

Humanity of Moran youth : স্বাৱলম্বিতাৰ লগতে মানৱতাৰ ধৰ্ম পালন কৰিছে মনোজ কুমাৰ গগৈয়ে ৷ আন বহুতেই কৰিব নোৱৰা কাম কৰি চৰ্চালৈ আহিছে যুৱকজন ৷ অহসায়জনৰ ভোক দূৰ কৰি আত্মসন্তুষ্টি লাভ কৰা মনোজ কুমাৰ গগৈৰ কথাৰে...

Humanity of Moran youth
বহুতকে বিনামূলীয়া খাদ্য যোগান ধৰি আহিছে মৰাণৰ মনোজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 6:27 PM IST

ডিব্ৰুগড়, ৩০ আগষ্ট : পৃথিৱীলৈ মানুহ হিচাবে আহি মানুহৰ কথাই যদি নাভাবে কেনেকৈ হ’ব ! মানুহৰ ধৰ্ম পালন কৰিবলৈ বৰ বেছি একো নালাগে, লাগে এটা ভাল মন ৷ সেই মনটোৰ অভাৱতে বহু ধনী মানুহেও যি কাম কৰিব পৰা নাই, সেই কাম কৰি আহিছে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে ৷

বহুতকে বিনামূলীয়া খাদ্য যোগান ধৰি আহিছে মৰাণৰ মনোজে (ETV Bharat Assam)

মৰাণৰ মনোজ কুমাৰ গগৈ ডাঙৰ ব্যৱসায়ী নহয় ৷ বৰ বিশেষ অভাৱ নোহোৱাকৈ নিজৰ জীৱনটো চলাই নিয়াৰ লগতে আন দহজনৰ কথাও ভাবি মানুহৰ সংজ্ঞাবাহী যুৱকজন এখন ফাষ্টফুডৰ ব্যৱসায়ী ৷ । মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথৰ কাষত মনোজ কুমাৰ গগৈৰ আছে ‘অসমীয়াগিৰি’ নামৰ এখন সৰু ফাষ্টফুডৰ দোকান ৷ কিন্তু এই দোকানখনৰ আছে এক মহান বিশেষত্ব আছে ৷ যাৰ ফলত মনোজ কুমাৰ গগৈ হৈ পৰিছে আলোচনাৰ বিষয় ৷

পেটৰ ভোক নিবাৰণৰ বাবে নগৰ-চহৰৰ মাজমজিয়াত বহু অঘৰী, মানসিক বিকাৰগ্ৰস্ত আদি লোকে সক্ষমজনৰ ওচৰত হাত পতা দেখা যায় ৷ বহুসময়ত বহুলোকে তেওঁলোকৰ প্ৰতি নেদেখুৱায় সহমৰ্মিতা ৷ আওকাণ কৰা হয় বহুলোকৰ দ্বাৰা ৷ কিন্তু মনোজ কুমাৰ গগৈ তেনে নহয়, মানৱদৰদী যুৱকজনে নিজৰ দোকানখনত বিনামূলীয়াকৈয়ে তেনে অক্ষম লোকক যোগান ধৰে খাদ্য ৷ তদুপৰি দোকানখনলৈ অহা আন বিশেষভাৱে সক্ষম লোকৰ পৰাও খাদ্যৰ বিনিময়ত মনোজ কুমাৰ গগৈয়ে নলয় টকা ৷ ইয়াৰ বাবে যুৱকজনে ফাষ্টফুডৰ দোকানখনত আঁৰি থৈছে এখন বেনাৰ- ‘‘শাৰীৰিকভাৱে অক্ষম, মানসিক বিকাৰগ্ৰস্ত আৰু অঘৰী লোকৰ বাবে খাদ্য আৰু পানী বিনামূলীয়া ৷’’

উল্লেখ্য যে নিবনুৱা যুৱক মনোজে ২০০৪ চনত আৰম্ভ কৰিছিল মৰাণৰ প্ৰথমখন ফাষ্টফুডৰ দোকান । ইয়াৰ পিছতে ২০১৫ চনত মৰাণ নগৰৰ পৰিবাণু পথৰ সমীপত স্থায়ীভাৱে আৰম্ভ কৰে ফাষ্টফুডৰ দোকানখন । প্ৰায় এটা বছৰ পূৰ্বৰ পৰা মনোজে বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া খাদ্য আৰু পানী যোগান ধৰি আহিছে তেওঁৰ ফাষ্টফুডৰ দোকানত । মনোজ কুমাৰ গগৈয়ে জানিবলৈ দিয়া অনুসৰি সাধাৰণ গ্ৰাহকৰ দৰে প্ৰতিদিনেই বহু বিশেষভাৱে সক্ষম লোক তেওঁৰ ফাষ্টফুডলৈ আহে আৰু এটকাও নিদিয়াকৈ খাদ্য আৰু পানী খাই যায় ।

মনোজৰ বাবে এয়া হেনো তেওঁৰ আত্মসন্তুষ্টি । শিক্ষা সামৰি চাকৰি বিচাৰি ঘূৰি ফুৰা মনোজে চৰকাৰী চাকৰি‌ লাভ নকৰি আৰম্ভ কৰা ফাষ্টফুডৰ দোকানখনত আন দুজন যুৱককো সংস্থাপন দিবলৈ সক্ষম হৈছে । সাম্প্ৰতিক সময়ত এজন অসমীয়া যুৱকৰ এনে কাৰ্যক এতিয়া সকলোৱে শলাগিছে ।

লগতে পঢ়ক : পদপথৰ আৰ্তজনৰ কাষত নজৰুল : নতুন কাপোৰ পিন্ধাই খুৱালে আহাৰ

মঙলদৈত মানৱতাৰ অপূৰ্ব নিদৰ্শন : পদপথৰ মানসিকভাৱে অসুস্থ ব্যক্তিক উদ্ধাৰ

বৃ্দ্ধ পিতৃ-মাতৃৰ প্ৰতি অনন্য সেৱা এগৰাকী যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.