ETV Bharat / state

গোৱালপাৰাত নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা; ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Rehab Center

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 2:12 PM IST

Murder in Goalpara Rehab Center: গোৱালপাৰাৰ নিউ লাইফ ফাউণ্ডেচন নিচামুক্তি কেন্দ্ৰত যুৱক মৰিয়াই মৰিয়াই হত্যা । নিচামুক্তি কেন্দ্ৰ ছীল কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী মেঘালয়ৰ দল-সংগঠনৰ । হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ৮ জনকৈ অভিযুক্ত ।

Youth murdered by inmate in Goalpara New Life Foundation
নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা (ETV Bharat Assam)

গোৱালপাৰা, ৭ জুলাই: গোৱালপাৰা চহৰৰ নয়াপাৰাস্থিত নিউ লাইফ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত অঘটন ৷ অভিযোগ অনুসৰি, এই নিচামুক্তি কেন্দ্ৰটোত যোৱা ৪ জুনত মেঘায়লৰ নিকছামছেং মাৰাক নামৰ এগৰাকী যুৱকক হত্যা কৰা হৈছিল ৷ সেই অভিযোগত ইতিমধ্যে আৰক্ষীয়ে ৮ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

CCTV ৰ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি, এই নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে ইয়াত আশ্ৰয় লৈ থকা আন কেবাগৰাকীও যুৱকে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে মেঘায়লৰ নিকছামছেং মাৰাকক ৷ এই বাতৰি পোহৰলৈ অহাৰ পাচতে গাৰো জাতীয় পৰিষদ, আসিক ষ্টেট পিউপল ফ্ৰণ্টকে আদি কৰি মেঘালয়ৰ কেবাটাও দল-সংগঠনে হত্যাকাৰীক উচিত শাস্তি দিবলৈ দাবী জনায় ।

উল্লেখ্য যে, যোৱা ২ জুনত কৃষ্ণাই আৰক্ষীয়ে কৃষ্ণাইত ড্ৰাগছৰ নিচাত আসক্ত তিনিগৰাকী যুৱকক আটক কৰিছিল । আটক কৰাৰ পিচত তিনিজন যুৱক ক্ৰমে নূৰ ছেলিম আহমেদ, ৰাকেশ দাস আৰু নিকছামছেং মাৰাকক গোৱালপাৰা চহৰত থকা নিউ লাইফ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত ৰাখিছিল ।

লগতে পঢ়ক : শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

ইয়াৰে মেঘালয়ৰ ৰিচুবেল পাৰাৰ নিকছামছেং চন্দ্ৰ মাৰাকে চলিত মাহৰ ৩ জুলাইৰ নিশা আত্মহত্যাৰ চেষ্টা কৰা বুলি দাবী কৰি মাৰাকক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় নিউ লাইফ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে ৷ আৰক্ষীৰ তদন্ত নিচামুক্তি কেন্দ্ৰটোৰ লোকে কেবাবাৰো নিজৰ ভাষ্য সলনি কৰিছিল ৷ এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে নিকছামছেং মাৰাকৰ আত্মীয়ই ৷ ইয়াৰ পাচতে গোৱালপাৰা সদৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

আজি ৬ জন অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে । জেল হাজোতলৈ প্ৰেৰণ কৰা লোকসকল ক্ৰমে প্ৰাণজ্যোতি নাথ, হানিফ আলী, জিন্টু চক্ৰৱৰ্তী, সোণমইনা বণিক্য, মহচেন খান আৰু কুণাল দাস ।

লগতে পঢ়ক : হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.