ETV Bharat / state

অসম লেখিকা সমাজৰ উদ্যোগত ডিফুত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উদযাপন - World Indigenous Day - WORLD INDIGENOUS DAY

World Indigenous Day : ডিফু ক্লাবত মাটি-মানুহ-সমন্বয় দিৱস হিচাপে 'আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস' উদযাপন ৷ এই অনুষ্ঠানত শুকুৰবাৰে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক মুক্তি যুঁজাৰু দেউৰাম দত্ত সোঁৱৰণী মহীয়ান বঁটা প্ৰদান কৰে লেখিকা সমাজে ৷

INDIGENOUS DAY CELEBRATES IN DIPHU
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:36 PM IST

ডিফু, 9 আগষ্ট : অসম লেখিকা সমাজে দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে ডিফু ক্লাবত মাটি-মানুহ-সমন্বয় দিৱস হিচাপে 'আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস' উদযাপন কৰে ৷ পুৱা বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণেৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী ৷ ইয়াৰ পিছতে জয়শ্ৰী শইকীয়াই উদ্বোধন কৰা কবি সন্মিলন সম্পন্ন হয় ৷ দুপৰীয়া লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাপতি গগৈয়ে অসম লেখিকা সমাজে কিদৰে মহিলা সকলৰ বাবে কাম কৰি আহিছে, লেখিকা সমাজে কৰি অহা কামৰ চমু খতিয়ান মুকলি সভাত দাঙি ধৰে ৷

ডিফুত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উদযাপন (ETV Bharat Assam)

এই মুকলি সভাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক মুক্তি যুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি মহীয়ান বঁটা প্ৰদান কৰে লেখিকা সমাজে ৷ বঁটা গ্ৰহণ কৰি বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে আজিৰ দিনটোত এগৰাকী মুক্তি যুঁজাৰুৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি তেখেতে গৌৰৱ অনুভৱ কৰা বুলি কয় ৷ এই সভাতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে লেখিকা জয়শ্ৰী শইকীয়াৰ “নক্ষত্ৰ” নামৰ গ্ৰন্থখন উন্মোচন কৰে ৷ লগতে কাৰ্বি আংলং জিলা লেখিকা সমাজৰ “প্ৰয়াস” নামৰ স্মৰণিকাখন উন্মোচন কৰে কাৰ্বি সংস্কৃতিৰ সাধক লুনচে তিমুঙে ৷

মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে সমাজসেৱী কুন্তিলা ৰংহাংপী ৷ এই সভাত শিল্পী বিয়জা পায়েঙক লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী “মাটি-মানুহ-সমন্বয়” বঁটা প্ৰদান কৰা হয় ৷ ইফালে নিৰ্দিষ্ট বক্তাৰ ভাষণত লেখক-সাংবাদিক জয়ছিং হাঞ্চে বঁটা প্ৰাপক পবিত্ৰ বৰাই আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ তাৎপৰ্যৰ লগতে আজিৰ পৰিস্থিতিত খিলঞ্জীয়াৰ অস্তিত্বক লৈ বিভিন্ন উদাহৰণেৰে এক বিদ্যায়তনিক ভাষণ প্ৰদান কৰে ৷ এই সভাতে পদ্মশ্ৰী ধনেশ্বৰ ইংতি, বোলছবি প্ৰযোজক ধনীৰাম তিচ’, শিল্পী পখিলা লেকথিপী, জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱা, অম্বিকা থাপা, শিল্পী জয়মতী নাৰ্জাৰী, লোকশিল্পী কিৎমত হাঞ্চু, লেখক-সাংবাদিক নগেন বৰা আৰু বিশিষ্ট লেখক তথা সমাজকৰ্মী ধৰম ছিং টেৰণক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক : আৰোহণৰ অধীনত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় : জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ অংশগ্ৰহণ - Arohan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.