ETV Bharat / state

বিশ্ব হস্তী দিৱস : কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক - World Elephant Day

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 4:59 PM IST

World Elephant Day : হস্তী দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী ৷ পুৱা বন বিভাগৰ পোহনীয়া হাতীসমূহক নোঁৱাই-ধুৱাই হস্তী পূজা কৰে বনকৰ্মীসকলে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ বিভিন্ন ডিভিজনত এই দিৱস উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷

WORLD ELEPHANT DAY CELEBRATION
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী (ETV Bharat Assam)

কাজিৰঙা, 12 আগষ্ট : আজি বিশ্ব হস্তী দিৱস ৷ সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে এই দিৱস ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো উদযাপন কৰা হয় বিশ্ব হস্তী দিৱসৰ ৷ বিশ্ব হস্তী দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগে গ্ৰহণ কৰে বিশেষ কাৰ্যসূচী ৷

আজি বিশ্ব হস্তী দিৱস (ETV Bharat Assam)

বিশ্ব হস্তী দিৱস উপলক্ষে আজি পুৱা কাজিৰঙাৰ বাগৰিত হস্তীপূজা কৰা হয় ৷ তদুপৰি, হাতীক গা-পা ধুৱাই, সেৱা সৎকাৰ কৰি সজাই তোলা হয় ৷ তদুপৰি হাতীক খাদ্য খুওৱা হয় ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ বিভিন্ন ডিভিজনত এই দিৱস উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ড৹ সোণালী ঘোষে জনাই যে কাজিৰঙাত বৰ্তমান 67 টা বিভাগীয় হাতীৰ লগতে আছে 1200টা বনৰীয়া হাতী ৷ আজি এই দিৱস উপলক্ষে কাজিৰঙাৰ বিভিন্ন ডিভিজনৰ মাজত বিভাগে অনুষ্ঠিত কৰিছে এখন প্ৰীতি ফুটবল খেল ৷ আনহাতে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ বাবে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলিও জনায় তেওঁ৷ বিষয়াগৰাকীয়ে লগতে হাতী সংৰক্ষণত গুৰুত্ব প্ৰদান কৰাৰ বাবে সকলোকে আহ্বান জনায় ৷ কেৱল মাত্ৰ এটা দিন হাতীৰ বাবে উদযাপন কৰিলে নহ'ব, হাতী সংৰক্ষণৰ বাবে সঁচা অৰ্থত ৰজাঘৰে প্ৰজাঘৰে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে সঞ্চালকগৰাকীয়ে ৷

লগতে পঢ়ক : লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য - WILD ELEPHANT MANACE

উল্লেখ্য যে, প্ৰত্যেক বছৰে 12 আগষ্টত উদযাপন কৰা বিশ্ব হস্তী দিৱস দিৱসৰ উদ্দেশ্য হৈছে বিশ্বজুৰি মানুহ আৰু সংগঠনসমূহক একত্ৰিত কৰি হাতীয়ে সন্মুখীন হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰা ৷ থাইলেণ্ডৰ The Elephant Reintroduction Foundation আৰু কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা পেট্ৰিচিয়া ছিমছে 2011 চনত বিশ্ব হাতী দিৱস আৰম্ভ কৰিছিল, যিটো প্ৰথমবাৰৰ বাবে 2012 চনৰ 12 আগষ্টত পালন কৰা হৈছিল ৷

লগতে পঢ়ক : হাতী সংৰক্ষণৰ বাবে উদযাপিত এটি বিশেষ দিন: বিশ্ব হস্তী দিৱস - World Elephant Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.