ETV Bharat / state

প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ মহিলাৰ, কলিয়াবৰত ঘেৰাও বিদ্যুত বিভাগৰ কাৰ্যালয় - Protest Against APDCL

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:44 AM IST

Prepaid Smart Meters in Assam: নতুন প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰ, অত্যাধিক বিদ্যুতৰ বিলত অতিষ্ঠ ৰাইজ । এই ব্য়ৱস্থাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ প্ৰতিবাদী কাৰ্যসূচী । প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাই কলিয়াবৰৰ অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত একাংশ সচেতন মহিলা গ্ৰাহক ৷ পুৰণি মিটাৰ ব্যৱস্থা পুনৰ বাহালৰ দাবী ৷

Prepaid Smart Meters in Assam
কলিয়াবৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ গ্ৰাহকৰ (ETV Bharat Assam)

কলিয়াবৰ, 25 জুন: "স্মাৰ্ট মিটাৰে জলা-কলা খুৱাইছে আমাৰ দৰে দিন মজুৰিৰে চলি থকা পৰিয়ালবোৰক । স্মাৰ্ট মিটাৰ সংযোগ হোৱাৰ পাচত কিমান ইউনিট বিদ্যুৎ খৰচ হৈছে, তাৰ আমি কোনো হিচাপ নোপোৱা হ’লো ৷ কেৱল বিলকেই শোধাই থাকিব লগা হ’ল" - এই অভিযোগৰে কলিয়াবৰত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে স্থানীয় একাংশ মহিলা বিদ্যুৎ গ্ৰাহকে ।

অসম শক্তি বিতৰণ নিগমৰ বিৰুদ্ধে এনেদৰে সোমবাৰে কলিয়াবৰত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী মহিলা গ্ৰাহকসকলে ৷ অসম শক্তি বিতৰণ নিগমৰ প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পুৰণি মিটাৰ ব্যৱস্থা পুনৰ বাহাল কৰিবলৈ দাবী তোলে মহিলাসকলে ৷ স্মাৰ্ট মিটাৰৰ অত্যাধিক বিলে গ্ৰাহকৰ মূৰত মাধমাৰ শোধোৱাৰ অভিযোগ তুলি গ্ৰাহকসকলে শীঘ্ৰে পুৰণি মিটাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: Protest against electricity bills:মৰিয়নিত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

কলিয়াবৰৰ অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ প্ৰৱন্ধক কাৰ্যালয়ত সোমবাৰে একাংশ সচেতন মহিলা উপস্থিত হৈ প্ৰৱন্ধকক সাক্ষাৎ কৰি সমস্যা সন্দৰ্ভত অৱগত কৰে আৰু শীঘ্ৰে সমাধান দাবী কৰে ।

মহিলাসকলে কয়, "পূৰ্বতে 200-250 টকাৰ মাহেকীয়া বিলৰ পৰিৱৰ্তে এতিয়া 700-800 ৰ পৰা 1500-2000 টকা পৰ্যন্ত বিল আহিবলৈ লোৱাত আমাৰ দৰে সাধাৰণ পৰিয়ালবোৰে দিনতে আন্ধাৰ দেখিছো । তদুপৰি, একাউণ্টত টকা থাকিলেও যিকোনো সময়তে কম ধন আছে বুলি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে । প্ৰতিবিধ অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাবে বিদ্যুৎ বিভাগৰ প্ৰি-পেইড স্মাৰ্ট মিটাৰ ব্যৱস্থাই আমাৰ টেঁটু চেপি ধৰিছে ৷ "

বিদ্যুৎ বিভাগৰ এই প্ৰি-পেইড স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ জৰিয়তে বিভাগটোৱে লুণ্ঠনৰাজ চলোৱা বুলিও ৰাইজে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক: বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল: ক্ষোভিত সোণাৰিৰ উপভোক্তা - Charaideo Electrical Sub Division

Protest against electricity bills:তেজপুৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.