ETV Bharat / state

তেজপুৰত বন্যহস্তী আৰু ম'হৰ সন্ত্ৰাস, সষ্টম বন বিভাগ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 4:49 PM IST

Assam Flood 2024: বানৰ ফলত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বনাঞ্চলৰ কেইবাটাও বন শিবিৰ প্লাৱিত হৈছে । বনাঞ্চলৰ বহু বন্যপ্ৰাণীয়ে জনাঞ্চলত প্ৰৱেশ কৰিছে । হাতী আৰু বনৰীয়া ম'হৰ মুক্ত বিচৰণক লৈ আতংকিত হৈছে সাধাৰণ ৰাইজ । বনৰীয়া ম'হৰ আক্ৰমণত আহত কেইবাজনো লোক ।

Assam Flood 2024
তেজপুৰত বন্যহস্তী আৰু ম'হৰ সন্ত্ৰাস, সষ্টম বন বিভাগ (ETV Bharat)

তেজপুৰ, ৪ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলো বানৰ কৱলত পৰিছে । জিলাখনৰ বুঢ়াচাপৰি বনাঞ্চলৰ বিভিন্ন শিবিৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । এনে পৰিস্থিতিত বনাঞ্চলৰ বহু বন্যজন্তুৱে ওখ ঠাইত আশ্ৰয় লৈছে আৰু জনাঞ্চলত প্ৰৱেশ কৰিছে ।

উল্লেখ্য যে ৩ দিন পূৰ্বে পোৱালিসহ প্ৰায় ৬ টা হাতী তেজপুৰ কলিবাৰীস্থিত উত্তৰ অসমৰ আৰক্ষী মহাপৰিদৰ্শকৰ কাৰ্যালয়ৰ সমীপত আশ্ৰয় লৈছে । এনে পৰিস্থিতিত অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে । ইফালে যোৱা নিশাৰে পৰা হাতীৰ জাকটোৰ ৪ টা হাতীয়ে তেজপুৰ দ' পৰ্বতীয়াৰ পৰা আহি অগ্নিগড়ৰ সমীপত অৱস্থান কৰিছে । ইফালে এটা পোৱালিসহ দুটা হাতীয়ে দ' পৰ্বতীয়া অঞ্চলত অৱস্থান কৰিছে আৰু বন বিভাগে নিৰীক্ষণত ৰাখিছে ।

লক্ষণীয়ভাৱে বানৰ ফলত শোণিতপুৰ জিলাত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে । জীয়াভৰলী নদীৰ সোঁতত দুলাবাৰীৰ আবচনা বেগম নামৰ এগৰাকী মহিলা উটি যায় আৰু বুঢ়াচাপৰিৰ সিংহবীৰ ছেত্ৰী আৰু তেজপুৰ কলিবাৰীৰ মোলান দাস নামৰ এজন লোকো ব্ৰহ্মপুত্ৰৰ পানীত উটি যায় । ইয়াৰে ছেত্ৰীৰ মৃতদেহ নদীৰ পাৰত উদ্ধাৰ হয় আৰু দাসৰ মৃতদেহ এতিয়ালৈ উদ্ধাৰ হোৱা নাই ।

ইফালে তেজপুৰত বনৰীয়া ম'হৰ আক্ৰমণত মহিলাসহ ৩ গৰাকী লোক আহত হৈছে । আহত লোক কেইগৰাকী হৈছে কুমাৰগাঁৱৰ বিমল দাস, কটন ৰোডৰ নিভা সৰকাৰ আৰু জাহাজঘাঁটৰ দুখী মাঝি ৷ আটাইকে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইয়াৰ মাজতে পুৱাই এটা বনৰীয়া ম'হে তেজপুৰত সন্ত্ৰাসৰ সৃষ্টি কৰে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা ম'হটোক লৈ শংকিত হৈ পৰিছে স্থানীয় লোক ৷ সম্প্ৰতি ম'হটোৱে কুমাৰগাঁওৰ এটা হোলাত অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে ৷

শেহতীয়া খবৰ অনুসৰি শোণিতপুৰ জিলাৰ ২৬ খন গাঁও বানৰ কৱলত পৰিছে । অৱশ্যে বান পৰিস্থিতি ঠাইভেদে উন্নত হৈছে । জৰাসৰ নৈৰ জলস্তৰ হ্ৰাস হৈছে যদিও ব্ৰহ্মপুত্ৰৰ লগতে জীয়াভৰলী নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । ব্ৰহ্মপুত্ৰ, জীয়াভৰলী, জৰাসৰ, বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু ঘগৰা নৈৰ বানত জিলাখনৰ ২৬ খন গাঁও প্লাৱিত হৈছে । বৰছলা সমষ্টিৰ ১ নং বচাশিমলু, ২ নং বচাশিমলু, চিতলমাৰীৰ লগতে বৰছলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে । এনে পৰিস্থিতিত বানপীড়িত লোকসকল খাদ্য সংকটত পৰা দেখা গৈছে । বহু লোকে ইতিমধ্যে মথাউৰিত আশ্ৰয় লৈছে ৷

কোনো কোনো স্থানত বানাক্ৰান্তই চৰকাৰী সাহায্য লাভ নকৰাৰো অভিযোগ কৰিছে । আনহাতে জিলা প্ৰশাসনে বালিপৰাৰ অমিয় ভৱন আৰু তেজপুৰৰ লুথেৰাণ হাইস্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰিছে । জিলাখনত মুঠ ৫ টা ৰাজহ চক্ৰৰ ভিতৰত ৬৫,০৬১ গৰাকী লোক বানৰ কৱলত পৰিছে । ইয়াৰ ভিতৰত ২৭,৬৩৩ জন পুৰুষ, ২১,৮৭৯ গৰাকী মহিলা আৰু ১৫,৫৪৯ টা শিশু আছে । জিলা প্ৰশাসনে বৰ্তমানলৈকে ২ টা সাহায্য শিবিৰ আৰু ১০ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে বুলি জানিবলৈ দিছে জিলা দুৰ্যোগ প্ৰশমন বিভাগে ।

লগতে পঢ়ক :বানৰ বিভীষিকাৰ মাজতে ৰাজ্যত বন্যপ্ৰাণীৰ সন্ত্ৰাস: নিহত 1, আহত 2 - Man Animal conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.