ETV Bharat / state

শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিনন্দন : কোনে কিদৰে লাভ কৰিব পাৰিব আঁচনিখনৰ সুবিধা - Abhinandan scheme

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 1:42 PM IST

Abhinandan scheme for Educational Loan Subsidy : অসম চৰকাৰে মুকলি কৰিছে অভিলাষী ‘‘অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি’’ৰ দ্বিতীয় পৰ্যায় । ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আঁচনিখন খোলা থাকিব ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে । আঁচনিখনৰ সুবিধা কোনে কিদৰে লাভ কৰিব পাৰিব তাৰ এক বিশেষ প্ৰতিবেদন...

education loan interest subsidy
শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিনন্দন (ETV Bharat)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ‘অভিনন্দন’ । এই আঁচনিখনৰ যোগেদি শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে ৰাজসাহায্য লাভেৰে ঋণ ল'ব পাৰিব । ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই অভিলাষী ‘‘অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি’’ৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে ।

শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্ৰদানেৰে শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘব কৰাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইতিমধ্যে ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই আঁচনিখনৰ দ্বিতীয় পৰ্যায় ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব ।

Abhinandan scheme for Educational Loan Subsidy
কোনে কিদৰে লাভ কৰিব পাৰিব আঁচনিখনৰ সুবিধা ? (Assam CM Official page)

অসমৰ লগতে আন ঠাইতো উচ্চশিক্ষা গ্ৰহণ কৰি থকা শিক্ষার্থীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষার্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব । এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে মুকলি কৰা হৈছে প'ৰ্টেল । ২০ অক্টোবৰলৈ এই প'ৰ্টেল মুকলি থাকিব ।

  • কেতিয়া আৰম্ভ হৈছিল অভিনন্দন আঁচনি :

২০১৯ চনৰ ২৬ ডিচেম্বৰত অসম চৰকাৰৰ অভিনন্দন আঁচনিখন মুকলি কৰা হৈছিল । কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । সেই সময়ত বৰ্তমান মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত আছিল ।

লগতে পঢ়ক : শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক - Educational apps for students

  • অভিনন্দন আঁচনিৰ উদ্দেশ্য :

উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীক শৈক্ষিক ঋণত ৫০ হাজাৰ টকাৰ ৰাজসাহায্য প্ৰদান কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য । অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি হাউছিং লোনৰ সৈতে আৰম্ভ কৰা হৈছিল । এই আঁচনিৰ অধীনত অসম চৰকাৰে শৈক্ষিক ঋণত উচ্চ শিক্ষা লাভ কৰা সকলো শিক্ষাৰ্থীক এককালীন ৰাজসাহায্য প্ৰদান কৰাৰ ব্যৱস্থা আছে । সকলো মুখ্য বেংক, বাণিজ্যিক বেংক, ফেডাৰেল বেংক আৰু আদি ইয়াত অন্তৰ্ভুক্ত ।

শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিনন্দন (Assam CM Official page)

যিসকল শিক্ষাৰ্থীৰ পৰিয়ালে ১ লাখ টকাতকৈ অধিক শৈক্ষিক ঋণ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে । শৈক্ষিক ঋণৰ আধাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অনলাইন বা অফলাইনযোগে এই আঁচনিৰ বাবে আবেদন জনাব পাৰে ।

  • অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনিৰ লাভালাভ :

এই আঁচনিৰ যোগেদি শৈক্ষিক ঋণত অসম চৰকাৰে ৫০ হাজাৰ টকাৰ ৰাজসাহায্য আগবঢ়াব । আবেদনকাৰী শিক্ষাৰ্থীয়ে তেওঁলোকে লাভ কৰা ঋণৰ ২৫ শতাংশ প্ৰদান কৰিয়েই ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰিব । ফেডাৰেল বেংক, এইচ ডি এফ চি বেংক আদিৰ দৰে বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰামীণ বেংক আদিৰ পৰা গ্ৰহণ কৰা ঋণৰ ভিত্তিত হিতাধিকাৰীয়ে ৰাজসাহায্য লাভ কৰিব । এই আঁচনিখনে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা লাভৰ বাবে উৎসাহিত কৰিবলৈ বিত্তীয় সহায়তা প্ৰদান কৰে ।

লগতে পঢ়ক : আজিৰে পৰা সলনি হ'ল এইবোৰ নিয়ম... - NEW RULES FROM 1st SEPTEMBER

  • যোগ্যতাৰ মাপকাঠী :

আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাটো প্ৰয়োজনীয় । শিক্ষাৰ্থীয়ে বাণিজ্যিক বেংক বা গ্ৰামীণ বেংকৰ পৰা ঋণ গ্ৰহণ কৰিলেহে আঁচনিৰ দ্বাৰা লাভাবাম্বিত হ'ব । ঋণ গ্ৰহণ কৰা বেংকটো ৰিজাৰ্ভ বেংকৰ দ্বাৰা স্বীকৃত হ'ব লাগিব । উক্ত আঁচনিখনৰ লাভ কেৱল শৈক্ষিক ঋণৰ ওপৰত ৰাজসাহায্যৰ ৰূপতহে গ্ৰহণ কৰিব পাৰিব । অসমৰ লগতে আন ঠাইতো উচ্চশিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ৰাজসাহায্য উপলব্ধ ।

২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত অনুমোদিত ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য । বৰ্তমানৰ সাংসদ অথবা বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱাখণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানৰ বাবে এই সুবিধা উপলব্ধ নহয় । দুই লাখ টকাতকৈ কম পৰিমাণৰ ঋণ বা বেংকৰ দ্বাৰা 'এন পি এ' হিচাপে পৰিগণিত ঋণৰ একাউন্টৰ ক্ষেত্ৰত এই ৰাজসাহায্য প্ৰযোজ্য । প্ৰতিগৰাকী শিক্ষার্থীয়ে এই সুবিধা মাত্ৰ এবাৰৰ বাবেহে লাভ কৰিব ।

লগতে পঢ়ক : আপোনাৰ বাৰু পান কাৰ্ডখন হেৰাইছে নেকি; তেন্তে কেনেকৈ পুনৰ এই নথিখন লাভ কৰিব ? - Get PAN Card Online With Aadhaar

  • প্ৰয়োজনীয় নথিপত্ৰ :

১. আৱাসিক প্ৰমাণ-পত্ৰ : শিক্ষামূলক উদ্দেশ্যৰ বাবে প্ৰদান কৰা পি আৰ চি

২. পৰিচয় প্ৰমাণ-পত্ৰ : শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড, পাৰপত্ৰ, পান কাৰ্ড, ভোটাৰ আই ডি নাইবা ফটোসহ ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক

৩. ঠিকনা প্ৰমাণ-পত্ৰ : আধাৰ কাৰ্ড, পাৰপত্ৰ, ভোটাৰ আই ডি নাইবা বিদ্যুৎ বিল নাইবা টেলিফোন বিল (তিনি মাহতকৈ অধিক পুৰণি হ'ব নোৱাৰিব)

৪. বেংক ঋণৰ নথি-পত্ৰ :

৫. অভিভাৱকৰ পৰিচয় প্ৰমাণ-পত্ৰ : আধাৰ কাৰ্ড, পাৰপত্ৰ, পান কাৰ্ড, ভোটাৰ আই ডি, ফটোসহ ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক নাইবা ড্ৰাইভিং লাইচেন্স

  • আবেদন প্ৰক্ৰিয়া :

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়া যথেষ্ট সহজভাৱেই সম্পন্ন কৰা যায় । প্ৰয়োজনীয় সকলো নথি-পত্ৰৰে dids.assam.gov.in যোগে আবেদন কৰিব পাৰি । যোগ্য বিবেচিত হোৱা শিক্ষার্থীসকলে আবাসিক প্ৰমাণ-পত্ৰ, পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণ- পত্ৰ, বেংক ঋণৰ নথিপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ দি dids.assam.gov.inৰ জৰিয়তে অথবা ১৮০০-২০২৬-২৫৬ নম্বৰত যোগাযোগ কৰি অভিনন্দন আঁচনিত আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক : পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা - Assam Accord

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.