ETV Bharat / state

হোলীৰ সময়ত গ্ৰহদোষৰ পৰা বাচিব কিদৰে ? - Holi 2024

Holi 2024 : হোলীৰ সময়ত কি নিয়ম পালন কৰি শিশু সকলক নজৰ দোষৰ পৰা বচাব পাৰে ? জ্যোতিষ শাস্ত্ৰ অনুসৰি হোলীৰ সময়চোৱাত গ্ৰহৰ সমস্যাসমূহ নিবাৰণৰ উপায় কি ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

What to do to get rid of grahadosh on Holi
হোলীৰ সময়ত গ্ৰহদোষৰ পৰা বাচিব কিদৰে ?
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 10:28 AM IST

হোলীৰ সময়ত গ্ৰহদোষৰ পৰা বাচিব কিদৰে ?

গুৱাহাটী, ২৪ মাৰ্চ : এয়া ৰঙৰ উৎসৱ ফাকুৱাৰ বতৰ । আবিৰৰ ৰঙৰে ৰঙীন হৈছে ৰাজ্যৰ আকাশ-বতাহ । আবিৰৰ আছে বহু মাহাত্ম । কোৱা হয় যে বছৰত এবাৰ হ'লেও গাত আবিৰ সানিব লাগে । আবিৰে আমাৰ শাৰীৰৰ ভিন্ন ধৰণৰ ৰোগৰ পৰা প্ৰতিৰোধ কৰিব পাৰে । পূৰ্বতে আৰু এতিয়াও ভিন্ন ঠাইত আবিৰ প্ৰকৃতিক অৰ্থাৎ ভিন্ন ধৰণৰ গছৰ গুটি বা পাতেৰে প্ৰস্তুত কৰা হয় ।

জ্যোতিষ শাস্ত্ৰ অনুসৰি হোলীৰ সময়চোৱাত গ্ৰহৰ সমস্যাসমূহ নিবাৰণৰ উপায় :

যদিহে আপুনি কোনো গ্ৰহদোষত ভুগি আছে তেন্তে হোলীৰ প্ৰথমদিনা এখন পানত অলপমান ঘিঁ লগাই (দেশী ঘিঁ হ'লে ভাল) তাত অকমান বাটচা লগাই ঘৰৰ সন্মুখত বা যিকোনো খোলা স্থানত কাউৰীৰ বাবে অৰ্পণ কৰিব পাৰে । এনে কৰিলে আপোনাৰ যি গ্ৰহদোষ আছে সেয়া নিবাৰণ হ'ব ।

লগতে সেই সামগ্ৰীখিনি অৰ্পণ কৰাৰ পাচত যি কোনো হোলীৰ ৰং আপোনাৰ শৰীৰত যেনেদৰে তেল মালিচ কৰে তেনেদৰে লগাব । এনেদৰে এঘণ্টা মান ৰোৱাৰ পাছত কুহুমীয়া পানীৰে গাটো ধুই দিব । এই নিয়ম মানিলে ফলত গ্ৰহদোষ নিৰ্মূল হয় আৰু লগতে ই শৰীৰত ভিন্ন ধৰণৰ চৰ্মৰোগ নিৰাময়ত সহায় কৰে ।

হোলীৰ দিনা যিহেতু সদায় প্ৰথমতে ভগৱানৰ চৰণত ৰঙ দিয়া হয় আৰু তাৰ পাছতহে গাঁত লগোৱা হয় । সেয়ে ভগৱানৰ চৰণত আপুনি যি ৰঙ দিব, সেই ৰঙ তেনেদৰে অকমান সময় ৰাখি তাৰ পাচত এটা তাবিজত সেই ৰঙখিনিৰ অকমান ভৰাই কলা সূতাৰে বান্ধি সৰু লৰা-ছোৱালীক পিন্ধাব পাৰে তেতিয়া নজৰ দোষৰ পৰা বাচিব পাৰে বুলি কৰা হয় । কিন্তু এই তাবিজটো প্ৰতি বছৰে সলনি কৰিব লাগিব ।

লগতে পঢ়ক : কোনে কোনে চাব নোৱাৰিব হোলীকা দাহন ! - Holika Dahan Muhurat 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.