ETV Bharat / state

সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট - Assam Weather Forecast

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 11:55 AM IST

Assam Weather report : সাৱধান ! আগন্তুক কিছুদিন ৰাজ্যত হ’ব পাতলীয়াৰ পৰা মজলীয়া বৰষুণ ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বতৰৰ আগলি বতৰা ৷

সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট
সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট (ETV Bharat Assam)

গুৱাহাটী, ১৩ জুন : অহা চাৰি-পাঁচদিনলৈ ৰাজ্যজুৰি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব । এই তথ্য সদৰী কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, অহা কেইদিনত কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

বতৰৰ আগজাননী আৰু সতর্কতা অহা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত দুই এঠাইত ব্ৰজপাতৰ সৈতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে । আনহাতে, নামনি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ এলার্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

যোৱা ২৪ ঘণ্টাত অসমৰ কিছু কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোকৰাঝাৰ, ডিব্ৰুগড়, চৰাইদেউ আৰু শোণিতপুৰ জিলাৰ দুই এঠাইত প্ৰৱল (৬৪.৫-১১৫.৫ মিঃমিঃ) বৰষুণ হৈছিল । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক আছিল । ৰাজ্যখনৰ কালিৰ নুন্যতম সৰ্বৃনিম্ন তাপমাত্ৰা হাফলঙত ২০.০ ডিগ্ৰী চেলছিয়াছ আৰু মঙলবাৰে সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা শিলচৰত ৩৬.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হৈছিল ।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী‌ কৰা‌ তথ্য মতে, উল্লেখিত জিলাৰ কোনো কোনো অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব বুলি ভৱিষ্যদ্বাণী কৰি এই জিলাকেইখনত অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে । সেয়া হ’ল -

  • ১৩ জুনত ধুবুৰী আৰু কোকৰাঝাৰত
    সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট
    বৰষুণ হোৱাৰ সম্ভাৱনা (RMC Borjhar)
  • ১৪ জুনত ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও আৰু তামুলপুৰত
    Assam Weather report
    বৰষুণ হোৱাৰ সম্ভাৱনা (RMC Borjhar)
  • ১৫ জুনত ধুবুৰী, বৰপেটা আৰু বঙাইগাঁৱত

  • ১৬ জুনত বাক্সা আৰু বৰপেটা ৷
    Assam Weather report
    বৰষুণ হোৱাৰ সম্ভাৱনা (RMC Borjhar)

উত্তৰ প্ৰদেশৰ পৰা বিহাৰ, পশ্চিমবংগ আৰু অসম হৈ নগালেণ্ডলৈকে সমুদ্ৰ পৃষ্ঠ ০.৯ কিলোমিটাৰ ওপৰত ঘূর্ণী বতাহ প্ৰবাহিত হৈ থকাৰ ফলতেই চাৰি-পাঁচদিনলৈ অসমত বৰষুণৰ প্ৰভাৱ চলি থাকিব বুলি কোৱা হৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ কেইবাখনো জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ আগজাননী - Assam weather forecast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.