ETV Bharat / state

আৰক্ষীৰ এনকাউন্টাৰৰ বলি কুশ কুটুমক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ; পৰিয়ালে বিচাৰিছে ন্যায় - Jorhat encounter

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:29 PM IST

Jorhat police firing: যোৰহাটত আৰক্ষীৰ গুলীয়ে বুকু ভেদ কৰা চোৰ কুশ কুটুমক উন্নত চিকিৎসা বাবে A.M.C.H লৈ প্ৰেৰণ । পৰিয়াল আৰু স্থানীয় লোকে J.M.C.H ত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ।

Jorhat encounter
Jorhat police firing (ETV Bharat Assam)
কুশ কুটুমক উন্নত চিকিৎসা বাবে A.M.C.H লৈ প্ৰেৰণ (ETV Bharat Assam)

যোৰহাট, ৭ মে': যোৰহাটত সোমবাৰে সংঘটিত এটা এনকাউন্টাৰৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কুশ কুটুম নামৰ এটা চোৰ । আৰক্ষীৰ গুলীয়ে হাওঁফাওঁ ভেদিছিল কুটুমৰ । লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । কিন্তু কুশ কুটুমৰ স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত তেওঁক সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

কুশ কুটুমক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিচতেই নিশালৈ তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উত্তেজনাৰ সৃষ্টি কৰে । ইচ্ছাকৃতভাৱে আৰক্ষীয়ে কুশ কুটুমক গুলীওৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আৰক্ষী নিয়োগ কৰিবলগীয়া হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

কুশ কুটুমক ডিব্ৰুগড়লৈ নিয়াৰ সময়ত তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে আৰক্ষীৰ হতাহতি হোৱাৰো অভিযোগ উঠিছে । কুশ কুটুমৰ এনকাউন্টাৰৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে পৰিয়ালে । কুটুমৰ পৰিয়ালৰ এগৰাকী সদস্যই সংবাদ মাধ্যমক জনোৱা মতে, ঘৰৰ ভিতৰত কুশ কুটুমক দেখাৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰে ।

কিন্তু কুটুমে পলায়ন কৰাত পথাৰত শূন্যলৈ দুজাঁই গুলী চলোৱাৰ লগতে কুটুমলৈও গুলী নিক্ষেপ কৰে । গুলীবিদ্ধ হোৱাৰ পিচতো কুশ কুটুমক আৰক্ষীয়ে গুৰিয়াই-লঠিয়াই লৈ যোৱা বুলি আন এগৰাকী ব্যক্তিয়ে অভিযোগ তুলিছে । কুটুমক কিয় গুলীয়ালে বুলি প্ৰশ্ন কৰাত দণ্ডাধীশৰ নিৰ্দেশত গুলী চলোৱা বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক উত্তৰ দিয়া বুলিও তেওঁলোকে সংবাদ মাধ্যমক জনাইছে ।

উল্লেখ্যে যে চুৰিৰ অভিযোগত পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুশ কুটুমে সোমবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল । পিচত আৰক্ষীয়ে কুশক ধৰিবলৈ ঘৰলৈ আহে আৰু আত্মসমৰ্পনৰ বাবে নিৰ্দেশ দিয়ে । কিন্তু কুটুমে পলায়নৰ চেষ্টা চলোৱাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীয়ে কুটুমৰ হাওঁফাওঁ ভেদি যায় ।

লগতে পঢ়ক: যোৰহাটত আৰক্ষীৰ গুলীয়ে বুকু ভেদিলে চোৰৰ - Police encounter

লগতে পঢ়ক: আদালতত জুৱাৰ সম্ৰাট বিকাশৰ মুখ থেকেচা - IPL Gamblers In Tinsukia

লগতে পঢ়ক: ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা - Advocate fraud case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.