ETV Bharat / state

মুকলি আকাশৰ তললৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱ - Child Labour case in Jonai

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:48 AM IST

KMSS VP got bailed: বৃহস্পতিবাৰে বিয়লি শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱক ৷ জামিনত মুকলি আকাশৰ তললৈ আহে কৃষক নেতাজনে ৷

vice president of krishak mukti sangram samiti accused of recruiting child labour have been granted bail
মুকলি আকাশৰ তললৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱ (ETV Bharat Assam)

জোনাই, 27 জুলাই : শিশু শ্ৰমিক নিয়োগৰ অভিযোগত আটক হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱ ৷ অৱশেষত বহু অভিযোগৰ অন্তত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল চেইফ পাৱ ।

উল্লেখ্যে যে, বৃহস্পতিবাৰে চেইফ পাৱৰ নিজা এখন দোকানৰ নিৰ্মাণৰ বাবে মিস্ত্ৰীগৰাকীয়ে দুটি শিশু শ্ৰমিক অৰ্থাৎ মিস্ত্ৰীগৰাকীৰ এগৰাকী ভতিজা আৰু ভায়েকক কামত নিয়োগ কৰিছিল । তেনে সময়তে মিছিং জাতীয় সংগঠন TMPK ৰ একাংশ কৰ্মীয়ে শিশু দুগৰাকীয়ে কাম কৰি থকা প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত জোনাই থানাত শিশু দুগৰাকীক গতাই দিয়ে ৷

ঘটনা সন্দৰ্ভত চেইফ পাৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । এই ঘটনাৰ পিছতে কৃষক নেতাগৰাকীক জোনাই আৰক্ষীয়ে আটক কৰি নিশা জোনাই থানাত আৱদ্ধ কৰি ৰাখে আৰু কেবাঘণ্টা ধৰি জেৰা চলায় । জেৰাৰ অন্তত কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷ ঘটনাৰ পিছতে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা সজাতি দলৰ লগতে জোনাইৰ বহু বিশিষ্ট ব্যক্তিয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰ পিছতে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱ । আনফালে, মুকলি আকাশৰ তললৈ আহিয়েই নিজৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক নেতা চেইফ পাৱে ৷

জোনাইৰ লগতে ধেমাজি জিলাত সংঘটিত হৈ অহা বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই আক্ৰোশমূলকভাবে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে এনেদৰে ষড়যন্ত্ৰমূলকভাবে গোচৰ ৰুজু কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে কৃষক নেতাগৰাকীয়ে ।

লগতে পঢ়ক: শিশু শ্ৰমিক ব্যৱহাৰৰ অভিযোগত আটক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতিক - child labour

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি - INCREASE SALARY OF MINISTER AND MLA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.