ETV Bharat / state

কাজিৰঙাত পুনৰ চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ - Smuggled timber seized - SMUGGLED TIMBER SEIZED

Smuggled timber seized: বন বিভাগৰ একাংশ লোকক মেনেজ কৰি কাজিৰঙাত অব্যাহত আছে বনদস্যুৰ দপদপনি ৷ দিনে-নিশাই অবৈধভাৱে গছ কাটি তহিলং কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰ । এই বিষয়বোৰত গুৰুত্ব দিবলৈ যেন আহৰি নাই বন বিভাগৰ একাংশ বৰমূৰীয়াৰ ৷

Vehicle carrying smuggled timber again seized in Kaziranga
চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:51 PM IST

কাজিৰঙা,১৩ জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে কাঠৰ অবৈধ সৰবৰাহ । বিভিন্ন উপায় অৱলম্বন কৰি আৰক্ষী-প্ৰশাসন কিম্বা বন বিভাগৰ চকুত ধূলি দি একাংশ সৰবৰাহকাৰীয়ে চলাই গৈছে কাঠৰ অবৈধ সৰবৰাহ ৷ সময়ে সময়ে বন বিভাগে অভিযান চলাই যদিও নিতৌ সৰবৰাহকাৰীয়ে চলাই গৈছে এই দুষ্কাৰ্য । কোনো কোনো সময়ত বন বিভাগলৈ উঠিছে সন্দেহৰ আঙুলি ।

চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ (ETV Bharat Assam)

এইবাৰ বন বিভাগৰ একাংশ লোকক মেনেজ কৰি কাজিৰঙাত বনদস্যুৱে দপদপনি চলোৱাৰ অভিযোগ ৷ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰত দিনে-নিশাই অবৈধভাৱে গছ কাটি তহিলং কৰা হৈছে যদিও এই বিষয়বোৰত গুৰুত্ব দিবলৈ যেন আহৰি নাই বন বিভাগৰ একাংশ বৰমূৰীয়াৰ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অত্যন্ত প্ৰয়োজনীয় হিচাপে বিবেচিত হোৱা কাৰ্বি আংলং তহিলং কৰাত নামি পৰা একাংশ বনদস্যুৱে বুধবাৰে নিশা কাঠ কঢ়িয়াই আনোতে বন বিভাগৰ হাতত ধৰা পৰে ৷ মন কৰিবলগীয়া কথাটো হ’ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত দিনে-নিশাই অব্যাহত আছে অবাধ বন ধ্বংসযজ্ঞ । একাংশ অসাধু ব্যৱসায়ীয়ে কাৰ্বি পাহাৰৰ মূল্যবান গছ কাটি অব্যাহত ৰাখিছে কাঠৰ ৰমৰমীয়া ব্যৱসায় ।

এনে সময়তে বুধবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰে নিশা কাজিৰঙা বন বিভাগে এক অভিযান চলায় ৷ অভিযানত জব্দ হয় চোৰাংকৈ কঢ়িয়াই অনা এখন কাঠভৰ্তি পিকআপ ভান । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া চেপেনাকোবোৱা এলেকাৰ পৰা কাজিৰঙাৰ বন বিভাগে জব্দ কৰে পিকআপ ভানখন । বন বিভাগে জব্দ কৰা বাহনখনৰ নম্বৰ AS 03CC 5868 । বাহনখনৰ সৈতে কোনো লোকক আটক কৰাৰ তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই ।

লগতে পঢ়ক: লামডিঙত অব্যাহত কাঠৰ অবৈধ সৰবৰাহ; কাজিৰঙাত খয়েৰ কাঠভৰ্তি কণ্টেইনাৰ জব্দ - Wood smuggling

চোৰাং কাঠৰ গাড়ী জব্দ কৰা বনকৰ্মীক দুৰ্বৃত্তৰ প্ৰহাৰ - Attack on forest guard

ৰঙাপৰাত চোৰাং সামগ্ৰীৰ অবাধ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.