ETV Bharat / state

ডিব্ৰুগড়ত ৭০০ কোটিৰো অধিক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:43 PM IST

CM Inaugurate Projects at Dibrugarh : হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা । ডিব্ৰুগড় জিলাত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু শিলান্যাস ।

ডিব্ৰুগড়ত ৭০০ কোটিৰো অধিক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড়ত ৭০০ কোটিৰো অধিক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড়ত ৭০০ কোটিৰো অধিক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, ৬ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিকাশ যাত্ৰাৰ অংশস্বৰূপে নাহৰকটীয়াত উপস্থিত হৈ ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টিৰ কেইবাটাও প্ৰকল্প উদ্বোধন তথা শিলান্যাস কৰে । নাহৰকটীয়াৰ লেঙেৰীজান খেলপথাৰত আয়োজিত এক বিশাল জনসভাত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩২ খন বাগানলৈ একোখনকৈ এম্বুলেঞ্চ প্ৰদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড় নগৰত ১৯৪ কোটি টকাৰে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্প, মৰাণৰ তিলৈত ৯ কোটি টকাৰে নিৰ্মাণ কৰা ষ্টেডিয়াম, চাবুৱাত ১০ কোটি টকাৰে নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্প, বৰপথাৰত ২৪ কোটি টকাৰে নিৰ্মাণ কৰা গ্ৰীড ছাবষ্টেচন আৰু ডিব্ৰুগড় জিলাৰ মুঠ ৫২ খন জল জীৱন আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে এই সভাতে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে অসম মালা আঁচনিৰ অধীনত লাহোৱালৰ নতুন আলিৰ পৰা টিংৰাই তিনিআলি টিৱাৰি গোল্লা আলিলৈকে ৯৫ কোটি টকা, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিগম পাঁচআলি হৈ বামুণবাৰীলৈ ৬১ কোটি টকা আৰু চেঁচা তিনিআলিৰ পৰা গৰুধৰীয়া গাঁও ইটাখুলি পথাৰলৈকে ৫০ কোটি টকাৰ পথসহ ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ মুঠ ২৬ টা পথৰ আধাৰশিলা স্থাপন কৰে ।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে চাবুৱাৰ বালিজানত নিৰ্মাণ হ’বলগীয়া শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰি ইয়াৰ বাবে ৬০ কোটি টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰে । ইফালে নাহৰকটীয়াৰ লেঙেৰীজান খেলপথাৰত ৰাইজক সম্বোধন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নামচাং বাগানত দেশৰ সৰ্ববৃহৎ সংহত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কল’নীৰ শুভ উদ্বোধন কৰি পৰিদৰ্শন কৰে ।

লগতে পঢ়ক :অগপ-এ আই ইউ ডি এফে প্ৰাৰ্থী দিয়াৰ পিচতহে কংগ্ৰছে ঘোষণা কৰিব অসমৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.