ETV Bharat / state

গুৱাহাটী ফুৰাবলৈ বুলি নি কেনেকৈ ছেলিম খানে দুবাই পোৱাইছিলগৈ ৱাহিদাক? - Wahida Begum in India - WAHIDA BEGUM IN INDIA

Wahida Begum arrives in Assam : পাকিস্তান জেলৰ পৰা মুকলি হৈ নগাঁৱত উপস্থিত ৱাহিদা বেগম । নিজৰ সম্পত্তি দখলৰ বাবে নগাঁৱৰ বৰবজাৰত উপস্থিত হৈয়ে ৱাহিদাৰ বিস্ফোৰণ । ছেলিম খানৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৱাহিদাৰ । নগাঁৱৰ সম্পত্তিও বিক্ৰী নকৰাৰ দাবী তেওঁৰ । কেনেকৈ পাকিস্তান পাইছিল ৱাহিদা ?

Wahida Begum and her son return in India
গুৱাহাটী ফুৰাবলৈ গৈ কৈ কেনেকৈ ডুবাইত উপস্থিত হৈছিল ৱাহিদাই ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 4:50 PM IST

নগাঁও, ২২ আগষ্ট : পাকিস্তান জেলত আৱদ্ধ হৈ দেশজুৰিয়ে চৰ্চা লাভ কৰিছিল নগাঁৱৰ ৱাহিদা বেগম নামৰ এগৰাকী মহিলাই । ২৯ মে’ত পাকিস্তান জেলৰ পৰা মুক্তি লাভ কৰি সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৱাহিদা বেগমে । তাৰ পাছত চিকিৎসা গ্ৰহণ কৰি কিছুদিন পূৰ্বে গৃহভূমি নগাঁৱত উপস্থিত হৈছিল ৱাহিদা ।

পাকিস্তান জেলৰ পৰা মুকলি হৈ নগাঁৱত উপস্থিত ৱাহিদা বেগম (ETV Bharat Assam)

ইপিনে এজন কাবুলিৱালাৰ সৈতে গৈ পাকিস্তান জেলত বন্দী হৈ থকা সময়ত নগাঁৱৰ বৰবজাৰস্থিত ৱাহিদা বেগমৰ স্বামীৰ সম্পত্তি বিক্ৰী কৰি থৈ যোৱা বুলি দাবী কৰিছল নগাঁৱৰে প্ৰসেনজিৎ দত্ত নামৰ এগৰাকী ব্যৱসায়ীয়ে । কিন্তু নগাঁৱত উপস্থিত হোৱাৰ পাছত বৃহস্পতিবাৰে চহৰখনৰ বৰবজাৰস্থিত সম্পত্তি দখলৰ বাবে উপস্থিত হয় ৱাহিদা বেগম । বৰবজাৰস্থিত বাসগৃহত উপস্থিত হৈ ঘৰৰ ভিতৰত পূৰ্বৰ কোনো সামগ্ৰী নথকা বুলি দাবী কৰিছে ৱাহিদা বেগমে ।

লগতে পঢ়ক : পাকিস্তানৰ পৰা স্বদেশলৈ উভতিল অসমৰ ৱাহিদা সহ ৪ ভাৰতীয় - Pakistan releases Indian

  • কেনেকৈ পাকিস্তানৰ জেলত বন্দী হৈছিল ৱাহিদা ?

পাকিস্তান জেলৰ পৰা মুকলি হৈ নগাঁৱত উপস্থিত হোৱা ৱাহিদা বেগমে বৃহস্পতিবাৰে ই টিভি ভাৰতৰ সন্মুখত পাকিস্তান যাত্ৰাক লৈ কৰিলে বহু বিস্ফোৰক মন্তব্য । ৱাহিদাই দাবী মতে পূৰ্বৰে পৰাই চিনাকী থকা ছেলিম খান নামৰ এগৰাকী কাবুলিৱালাই প্ৰথমে গুৱাহাটী ফুৰাবলৈ নিয়াৰ কথা কৈ কেনেকৈ ৱাহিদাক লৈ দুবাইত উপস্থিত হৈছিল সকলো কথা ক’লে তেওঁ ।

ৱাহিদাৰ ভাষ্য,

‘‘ছেলিম খানৰ সৈতে পূৰ্বৰে পৰা চিনাকী আছিল ৷ আমাৰ চাচা এজনৰ জৰিয়তে চিনাকী হৈছিলো ৷ এদিন তেওঁ আমাক কৈছিল তোমালোকক গুৱাহাটী ফুৰাবলৈ লৈ যাওঁ বুলি ৷ কিন্তু গুৱাহাটীৰ সলনি আমি দুবাইত উপস্থিত হোৱাৰ বাবে চিঞৰ-বাখৰ কৰো ৷ তেতিয়া মোৰ ডিঙিত ছেলিমে বেজী (চেতনানাশক বেজী) প্ৰয়োগ কৰে ৷ আনকি দুবাইত মই চিঞৰ-বাখৰ কৰোতে ভৰিতো দুখ পাইছিলো ৷ তেনেকৈয়ে পাকিস্তান পাইছিলো ৷’’

‘‘যেতিয়া চেতনা ঘূৰি আহে, তেতিয়া আমাক বিক্ৰী কৰি থকা হৈছিল ৷ মইতো বোৰ্খা নিপিন্ধো ৷ মই বোৰ্খা খুলি দিওতে সকলোৱে দেখিলে যে মোৰ চেহেৰা আৰু তেওঁলোকৰ চেহেৰাৰ মাজত পাৰ্থক্য আছে ৷ আমাৰ অসমীয়া কথা, সিহঁতৰ কথা (ভাষা) আমি নাজানো ৷ তেতিয়া এজন মানুহে কয় - বিবি আপলোগো কে সাথ গলত হ’ ৰহা হে ৷ তাৰ পাচত মই আৰ্মীৰ ওচৰলৈ নিজে গ’লো ৷ আৰ্মীয়ে আমাক প্ৰটেকশ্যন (সুৰক্ষা) দিলে ৷ তাৰ পাছত আৰ্মীয়ে সকলো কাম কৰি আমাক গাদানিত আনিলে ৷ ইয়াৰ পাছত ইণ্ডিয়া এম্বেচিলৈ লৈ গৈ আমাক ৱাঘা ব’ৰ্ডাৰ পাছ কৰালে ৷’’

এইবোৰৰ লগতে ৱাহিদা বেগমে উল্লেখ কৰা মতে, পাকিস্তানী সেনাক সমগ্ৰ বিষয় অৱগত কৰাৰ পাছতেই অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰাৰ অভিযোগত ৱাহিদাক গ্ৰেপ্তাৰ কৰাৰ উপৰি ছেলিম খানকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । আনকি কাবুলি ছেলিম খানে ৱাহিদাক আফগানিস্তানত নি বিক্ৰী কৰাৰ পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰে ৱাহিদা বেগমে ।

লগতে পঢ়ক : পাক জে'লৰ পৰা মুকলি হৈ নগাঁৱলৈ কেতিয়া আহিব ৱাহিদা বেগম ? - Wahida Begum Pakistan imprison

  • নগাঁৱৰ বৰবজাৰস্থিত সম্পত্তিক লৈ ৱাহিদা-প্ৰসেনজিৎ দত্তৰ সংঘাত ?

কাবুলি ছেলিম খানৰ সৈতে গৈ পাকিস্তান জেলত বন্দী হোৱা ৱাহিদা বেগমৰ স্বামীৰ পৰলোক ঘটিছিল প্ৰায় দহ বছৰ পূৰ্বেই । ৱাহিদাৰ স্বামীৰ নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰত আছিল কোটিটকীয়া সম্পত্তি । কিন্তু ৱাহিদা বেগম পাকিস্তান জেলত বন্দী হৈ থকাৰ সময়তে ৱাহিদাৰ স্বামীৰ উক্ত সম্পত্তি নগাঁৱৰে প্ৰসেনজিৎ দত্ত নামৰ এগৰাকী ব্যৱসায়ীক বিক্ৰি কৰা বুলি দাবী কৰিছিল ব্যৱসায়ী প্ৰসেনজিৎ দত্তই ।

লগতে পঢ়ক : আজি স্বদেশত উপস্থিত হ'ব পুত্ৰসহ নগাঁৱৰ ৱাহিদা; পাকিস্তানত বন্দী আন তিনিগৰাকী ভাৰতীয়কো মুক্তি - Wahida Begum return from Pakistan

বৃহস্পতিবাৰে হঠাৎ উক্ত সম্পত্তি দখলৰ বাবে ৱাহিদা বেগম উপস্থিত হেৱাৰ পাছতেই উপস্থিত হয় ব্যৱসায়ী প্ৰসেনজিৎ দত্তও । উক্ত সম্পত্তি ৱাহিদা বেগমে বিক্ৰী নকৰা বুলি দাবী কৰাৰ বিপৰীতে সম্পত্তিডোখৰ ক্ৰয় কৰা বুলিয়েই পুনৰ দাবী কৰে প্ৰসেনজিৎ দত্তই । উক্ত সম্পত্তিক লৈ সম্প্ৰতি আতালতত গোচৰ চলি থকা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ? - NAGAON WOMAN IN PAKISTAN JAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.