ETV Bharat / state

সজাল ধৰা ধাননিত অচিন পোকৰ আক্ৰমণ: বছৰৰ ভাতমুঠিক লৈ চিন্তিত কৃষক - Pests destroy paddy fields

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:17 AM IST

Worm in paddy fields: অচিন পোকে খেতিপথাৰ নষ্ট কৰাত কৃষকৰ মাজলৈ নামি আহিছে ভয়ংকৰ দুৰ্যোগ । মাজুলীত শালি ধানৰ খেতিত এই পোকে কৰিছে অনিষ্ট । কৃষকক উপযুক্ত ক্ষতিপূৰণ আহ্বান ।

Worm in paddy fields
অচিন পোকে নষ্ট কৰিছে খেতিপথাৰ (ETV Bharat Assam)

মাজুলী, ২১ আগষ্ট : বানৰ পাছত এইবাৰ মাজুলীৰ কৃষকৰ মাজলৈ নামি আহিছে আন এক দুৰ্যোগ । কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে ৰোৱা খেতি পথাৰত এতিয়া অচিন পোকৰ উপদ্ৰৱ । পূব মাজুলী অঞ্চলৰ শেনচোৱা, বনগাঁও, ঠাকুৰবাৰী চাপৰিত শুকান ধানখেৰ সদৃশ হৈছে সজাল ধৰা ধাননি । যি সময়ত ধাননি পথাৰ হ'ব লাগিছিল সেউজীয়া, সেই সময়ত হ'লগৈ হালধীয়া ।

কৃষি বিভাগৰ বিৰুদ্ধে কৃষকৰ ক্ষোভ :

এই অচিন পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি জিলাখনৰ কৃষি বিভাগক আবেদন-নিবেদন কৰাৰ পিচতো কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী খেতিয়ক ৰাইজে । কৃষি বিভাগে কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ নকৰাত কৃষিজীৱী ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । আশাৰে কৰা খেতি কেইডৰাৰ এনে ৰূপ দেখি কৃষকসকলে কাঢ়িছে হুমুনিয়াহ । খেতি কৰি পৰিয়াল পোহপাল দিয়া কৃষকসকলে কি দৰে বছৰটোৰ বাকীছোৱা সময়ত পৰিয়ালক পোহপাল দিব তাক লৈ চিন্তাত পৰিছে ।

ক্ষতিগ্ৰস্ত কৃষকৰ খবৰ লোৱা নাই বিধায়কে :

এইক্ষেত্ৰত একাংশ ভুক্তভোগী কৃষকে অভিযোগ উত্থাপন কৰি কয়, "এয়া কেৱল আমাৰ গাঁৱৰে সমস্য়া নহয়, সমগ্ৰ মাজুলীতেই খেতিপথাৰত এনে পোকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে । কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই । কৃষকসকলে বাৰে বাৰে অৱগত কৰাৰ পিচতো আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান ধৰা নাই ।"

এইসকল কৃষকে মাজুলীৰ বিধায়ক ভূৱন গামৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকে অঞ্চলটোৰ কৃষকসকলৰ অৱস্থাৰ বুজ লৈ শীঘ্ৰেই সহায়ৰ হাত আগবঢ়াবলৈ বিধায়ক ভুৱন গামক আহ্বান জনায় ।

লগতে পঢ়ক:কলিয়াবৰত উন্নতমানৰ ধানৰ বীজ সিঁচি পালে পতান - Paddy Seeds Scam In Assam

এফালে বানত বিধ্বস্ত খেতি-পথাৰ আনফালে পানীৰ বাবে হাহাকাৰ কৃষকৰ - Lack of water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.