ETV Bharat / state

নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP - ANUP CHETIA TO JOIN AGP

Anup Chetia: আঞ্চলিকতাবাদত বিশ্বাসী আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই শীঘ্ৰে যোগ দিব প্ৰত্যক্ষ ৰাজনীতিত ৷ সকলো ঠিকে-ঠাকে থাকিলে ১৪ অক্টোবৰৰ পৰা চেতিয়াৰ হ’ব এক নতুন ৰাজনৈতিক পৰিচয় ৷

Anup Chetia
নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ (ETV Bharat assam)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 5:05 PM IST

নিউজ ডেস্ক, ১ অক্টোবৰ: সকলো যদি ঠিকে-ঠাকে থাকে তেন্তে আৰু মাত্ৰ দুটা সপ্তাহৰ পিছতে অসমৰ আঞ্চলিক ৰাজনীতিত পৰিলক্ষিত হ'ব এক নতুন দৃশ্য ৷ ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ প্ৰাৰম্ভিক আলোচনা সম্পূৰ্ণ হৈছে, এতিয়া বাকী আছে মাথো আনুষ্ঠানিকতা ৷ বৰ্তমানৰ চৰকাৰখনৰ অংশীদাৰ দল অসম গণ পৰিষদে আগন্তুক ১৪ অক্টোবৰত ভৰি দিব ৪০ বছৰত ৷ দলটোৰ প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোতে অগপত আনুষ্ঠানিকভাৱে যোগ দিবলৈ সাজু হৈছে আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া ৷

উল্লেখ্য যে অগপই এইবাৰ দলটোৰ এই ৪০ বছৰীয়া প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব তিনিচুকীয়া জিলাৰ পানীতোলাৰ জেৰাইগাঁৱত ৷ জেৰাইগাঁৱৰ বিষয়ে নতুনকৈ পৰিচয় দিয়াটো নিস্প্ৰয়োজন ৷ আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ গৃহগাঁও হৈছে এই জেৰাইগাঁও ৷ কেৱল বৰুৱা বা চেতিয়াই নহয়, আলফাই হওক বা আলফা স্বাধীনেই হওক, দুয়োটা সংগঠনৰে কেইবাজনো শীৰ্ষ নেতা এই জেৰাইগাঁৱৰেই ৷ সেয়েহে বিগত প্ৰায় তিনি দশকৰো অধিক কালজুৰি সময়ে সময়ে সংবাদ মাধ্যমত বিশেষ চৰ্চাত থাকে এই জেৰাইগাঁও ৷

এই জেৰাইগাঁৱতেই অগপই আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ সিদ্ধান্ত লোৱাটো আৰু সেই অনুষ্ঠানতে অনুপ চেতিয়াৰ দৰে এজন নেতাই আনুষ্ঠানিকভাৱে আঞ্চলিকতাবাদী শিবিৰত যোগ দিবলৈ সাজু হোৱাটো স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ৷ অৱশ্যে এই সম্ভাব্য যোগদান সন্দৰ্ভত মুকলিকৈ এতিয়াও কোনো কথা ক'ব খোজা নাই অগপ নেতৃত্ব বা অনুপ চেতিয়াই ৷ কিন্তু ই টিভি ভাৰতৰ হাতত পৰা অগপৰ দলীয় শীৰ্ষ সুত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে চেতিয়াৰ যোগদানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷

এই প্ৰসংগত অগপৰ সভাপতি অতুল বৰাই ই টিভি ভাৰতক কৌশলী মন্তব্য আগবঢ়াই কয়, "আঞ্চলিকতাবাদত বিশ্বাসী সকলো লোকৰ বাবেই অগপৰ দুৱাৰ সদায় খোলা আছে ৷ আগন্তুক দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো আঞ্চলিকতাবাদত, জাতীয়তাবাদত বিশ্বাস ৰখা বহুজনে অগপত যোগদান কৰিব ৷"

ইপিনে এই প্ৰসংগত অনুপ চেতিয়াইও ই টিভি ভাৰতক ক'লে, "এতিয়াই মই এই বিষয়ত একো নকও ৷ সময়ত অসমৰ ৰাইজে সকলো নিজেই দেখিব, জানিব ৷" আচলতে নকও নকও বুলিও আকাৰে ইংগিতে বহুখিনি কথাই ক'লে অতুল বৰা আৰু অনুপ চেতিয়াই ৷ মন কৰিবলগীয়া যে কেইমাহমানৰ পূৰ্বে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভ্ৰাতৃ বিমল বৰুৱাইও যোগ দিছিল অগপত ৷

লগতে পঢ়ক: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ অগপত যোগদান: আলফা সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য - Paresh Baruah Brother Joins AGP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.