ETV Bharat / state

পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ - ULFA I ISSUED EXTORTION NOTICE

২৭ অক্টোবৰ অৰ্থাৎ দেওবাৰৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব বুলি সকীয়াই দিয়া হৈছে এই পত্ৰত ৷

ULFA I issued extortion notice
পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 10:31 PM IST

যোৰহাট: উজনিত পুনৰ আলফা স্বাধীনৰ ধন দাবী ৷ যোৰহাটৰ বিভিন্ন ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছে আলফা স্বাধীনে ৷ বিগত 15 আগষ্টত ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপনেৰে আলফা স্বাধীনে ৰাজ্যবাসীক আতংকিত কৰি তোলাৰ ঘটনা মাৰ নৌযাওতেই পুনৰ সংগঠনটোৱে এইদৰে বিভিন্নজনলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰা ঘটনাই স্বাভাৱিকতে একাংশ লোকৰ মাজত সংশয়ৰ সৃষ্টি কৰিছে ৷

আলফা স্বাধীনৰ কেপ্তেইন অসীম অসম স্বাক্ষৰিত এনে ধন দাবী পত্ৰ ইতিমধ্যে উজনি অসমৰ বিভিন্ন ব্যৱসায়ীৰ হাতত আহি পৰিছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটো । যোৰহাটৰ বিভিন্ন ব্যৱসায়ীৰ হাতত আলফা স্বাধীনে দাবী কৰা লাখ লাখ টকাৰ ধন দাবী কৰা পত্ৰ আহি পৰিছে ।

ULFA I issued extortion notice
২৭ অক্টোবৰৰ ভিতৰত ধন আদায় দিয়াৰ দাবী পত্ৰ (ETV Bharat)

পত্ৰখনত আলফা স্বাধীনে উল্লেখ কৰিছে যে সংগঠনৰ বিশেষ কামৰ বাবে প্ৰয়োজন হোৱাৰ বাবে বৰঙণি হিচাপে এই পইচা বিচৰা হৈছে । ২৭ অক্টোবৰ অৰ্থাৎ দেওবাৰৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব বুলি সকীয়াই দিয়া হৈছে এই পত্ৰত ৷ অন্যথাই শাস্তিৰ সন্মুখীন হ'বলৈ সাজু থাকিবলৈও পৰোক্ষভাৱে সকীয়নি দিয়া হয় । আনহাতে এনে ধন দাবী পত্ৰ লাভ কৰা একাংশ ব্যৱসায়ীয়ে গোপনে আৰক্ষীৰ কাষ চাপিছে আৰু আন একাংশই এই কথা গোপনে ৰাখিছে বুলিও এক চৰ্চা চলিছে ।

ইপিনে যোৰহাট আৰক্ষীয়ে এই ঘটনা গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাই বৰ্তমান অসম আৰক্ষীৰ ভিতৰচ'ৰাতো তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে ‌। অৱশ্যে এই ধন দাবী পত্ৰ সঠিক নে ভুৱা সেয়া আলফা স্বাধীনৰ বিবৃতিতহে স্পষ্ট হ'ব ।

লগতে পঢ়ক: ফেক্টৰীৰ কৰ্মচাৰীক অপহৰণ; অপহৰণৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.