ETV Bharat / state

অসম আৰক্ষীৰ বিৰুদ্ধে গীর্জা, শিক্ষানুষ্ঠানত অকর্তৃত্বশীলভাৱে তথ্য সংগ্ৰহৰ অভিযোগ: জিলা আয়ুক্তক স্মাৰক পত্ৰ - United Christian Forum

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:36 PM IST

Karbi Anglong Churches : ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামে জিলা আযুক্তক স্মাৰকপত্ৰ যোগে ডিফু আৰু ডকমকা আৰক্ষী থানাৰ অধীনৰ বিভিন্ন খ্ৰীষ্টিয়ান গীর্জা, শিক্ষানুষ্ঠান আৰু আন প্ৰতিষ্ঠানলৈ গৈ অকর্তৃত্বশীলভাৱে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে বুলি অভিযোগ প্ৰদান কৰে ৷ জিলাখনৰ খ্ৰীষ্টিয়ান ধর্মাবলম্বী লোকসকলৰ মাজত আশংকাৰ সৃষ্টি হোৱা বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷

ALLEGATION AGAINST ASSAM POLICE
জিলা আয়ুক্তক স্মাৰক পত্ৰ (ETV BHARAT ASSAM)

ডিফু, 15 মে’ : কাৰ্বি আংলং জিলাৰ ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামে জিলা আযুক্ত মধুমিতা ভাগৱতীক 14 মে'ত এখন স্মাৰকপত্ৰযোগে ডিফু আৰু ডকমকা আৰক্ষী থানাৰ অধীনৰ বিভিন্ন খ্ৰীষ্টিয়ান গীর্জা, শিক্ষানুষ্ঠান আৰু আন প্ৰতিষ্ঠানলৈ গৈ অকর্তৃত্বশীলভাৱে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে বুলি অভিযোগ প্ৰদান কৰে ৷ আৰক্ষীৰ দলে গৈ গীৰ্জা আৰু আন প্ৰতিষ্ঠানৰ ফটো তোলাৰ লগতে তথ্য বিচাৰি বিভিন্ন প্ৰশ্ন কৰাক লৈ জিলাখনৰ খ্ৰীষ্টিয়ান ধর্মাৱলম্বী লোকসকলৰ মাজত আশংকাৰ সৃষ্টি হোৱা বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷

ALLEGATION AGAINST ASSAM POLICE
অকর্তৃত্বশীলভাৱে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰাৰ অভিযোগ (ETV BHARAT ASSAM)

স্মাৰক পত্ৰযোগে 2022 চনৰ 16 ডিচেম্বৰত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এখন নিৰ্দেশ জাৰি কৰি গীর্জা আৰু খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানৰ তথ্য সংগ্ৰহৰ নিৰ্দেশ সকলো জিলাৰ আৰক্ষী অধীক্ষকক দিয়া বুলি উল্লেখ কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তেওঁ অৱগত নহয় বুলিও ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি 2023 চনৰ 7 জুনত ইউ চি এফৰ সজাতি দলে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিশেষ শাখাত গৈ এই সন্দর্ভত শীর্ষ আৰক্ষী বিষয়াক সাক্ষাৎ কৰা কালত চৰকাৰী আদেশ অবিহনে এনে কোনো তথ্য সংগ্ৰহ কৰা নহয় বুলি আশ্বাস দিয়া বুলিও উল্লেখ কৰে স্মাৰকপত্ৰত ৷

স্মাৰক পত্ৰযোগে আৰক্ষীৰ এনে কর্মই খ্ৰীষ্টিয়ান ধর্মাৱলম্বীসকলৰ মাজত ভয় আৰু শংকাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে আৰু বিষয়টো অতি শীঘ্ৰে সমাধান কৰিবলৈ জিলা আযুক্তক আহ্বান জনায় তেওঁলোকে ৷

ALLEGATION AGAINST ASSAM POLICE
আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ (ETV BHARAT ASSAM)

আনহাতে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে মঙলবাৰে নিশা এক প্ৰেছ বাৰ্তা যোগে প্ৰকাশ কৰে যে, যোৱা 12/2/2024 তাৰিখে আৰক্ষী সঞ্চালক প্ৰধানে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠান আৰু আন প্ৰতিষ্ঠানৰ লগতে ব্যক্তি সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল ৷ কেথলিক এডুকেশ্যনেল ট্ৰাষ্টৰ এখন স্মাৰক পত্ৰৰ ভিত্তিত ডি জি পিয়ে এই নিৰ্দেশ জাৰী কৰিছিল বুলি উল্লেখ কৰে তেওঁ ৷ কেথলিক সংগঠনটোৱে খ্ৰীষ্টীয়ান শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিৰ নিৰাপত্তা সুৰক্ষিত কৰাটো দাবী কৰিছিল ৷

ALLEGATION AGAINST ASSAM POLICE
জিলা আয়ুক্তক স্মাৰক পত্ৰ ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামৰ (ETV BHARAT ASSAM)

আনহাতে গোলাঘাট জিলাৰ ইউ চি এফ সংগঠনে অসমৰ মুখ্যমন্ত্ৰীক 19/2/2024 তাৰিখে পুনৰ এখন স্মাৰক পত্ৰৰ জৰিয়তে কিছুদিন পূৰ্বে খ্ৰীষ্টিয়ান স্কুলৰ ওপৰত আক্ৰমণ সন্দৰ্ভত খেদ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল ৷ ইয়াৰ ভিত্তিতেই কাৰ্বি আংলং জিলা আৰক্ষীয়ে খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থতহে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জিলা আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা বাৰ্তাত জানিবলৈ দিয়ে ৷

প্ৰেছ বাৰ্তাত লগতে উল্লেখ কৰে যে, এই সন্দৰ্ভত বাতৰি কাকত আৰু ভিজুৱেল মিডিয়াত বাতৰিও প্ৰকাশ পাইছিল জিলাখনৰ খ্ৰীষ্টান ধৰ্মী সকলক ভয়-ভীত নহ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ৱাকফ সম্পত্তি বেদখলৰ বিৰুদ্ধে কৰা আবেদন বাতিল উচ্চ ন্যায়ালয়ৰ : কি কয় অধিবক্তাই ? - Encroachment On Waqf Property

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.