ETV Bharat / state

কাজিৰঙাৰ জীৱকুল ৰক্ষা-পৰিৱেশ নিকাকৰণৰ নীৰৱ আন্দোলন দুই যুৱকৰ - A silent movement against plastic

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:12 PM IST

Plastic free Kaziranga: কাজিৰঙাৰ দুজন সাধাৰণ যুৱক, দেখাত সাধাৰণ যেন লগা কামৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপকাৰ কৰিছে দুয়োৱে । উপাৰ্জনৰ চিন্তাৰে কলিয়াবৰৰ দুয়োজন যুৱকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশ প্লাষ্টিকমুক্ত কৰি ৰাখিছে । এই কৰ্মৰ দ্বাৰা পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা তথা প্লাষ্টিকমুক্ত কাজিৰঙা গঢ়াৰ আহ্বান দুই যুৱকৰ ।

Plastic free Kaziranga
A silent movement against plastic (ETV Bharat Assam)

কলিয়াবৰ, 19 জুন: স্বচ্ছ ভাৰত, স্বচ্ছতা, পৰিবেশ নিকাকৰণ আদি সন্দৰ্ভত বহুতেই বহুকথা কৈ থাকে ৷ চৰকাৰে বিশাল আয়োজনেৰে স্বচ্ছ ভাৰত অভিযান চলায় ৷ কিন্তু প্ৰকৃততে কিমান ফলপ্ৰসূ হয় এইসমূহ অভিযান ? স্বচ্ছতাৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ দুই যুৱকে ৷ অতি সাধাৰণ যেন লগা এটা কামেৰে কাজিৰঙাৰ জীৱকুলৰ কল্যাণ সাধি আহিছে এই দুই যুৱকে ৷

প্লাষ্টিকমুক্ত কাজিৰঙা গঢ়াৰ আহ্বান দুই যুৱকৰ (ETV Bharat Assam)

715 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ অহা যোৱা কৰে বহু বাহন ৷ ব্যক্তিগত বা ৰাজহুৱা বাহনেৰে উজনিৰ পৰা নামনিলৈ আৰু নামনিৰ পৰা উজনিলৈ যাতায়াত কৰে বহু লোকে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত বহু লোকে জ্ঞাতে-অজ্ঞাতে পথৰ কাষত পেলাই দিয়ে প্লাষ্টিকৰ পানীৰ বটল, বিস্কুট-চিপচ্ আদিৰ পেকেট ৷ যিয়ে দূষিত কৰে পৰিৱেশ ৷

লগতে পঢ়ক: প্ৰদূষণ ৰোধৰ বাৰ্তা বিলাই ভাতৃ-ভগ্নীৰ পদযাত্ৰা - Foot march across India

কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ অধীনৰ দেওচূড়ত দুজন যুৱকে নীৰৱে চলাই আহিছে স্বচ্ছতাৰ অভিযান ৷ কলিয়াবৰৰ সুনীল কৰ্মকাৰ আৰু তেওঁৰ বন্ধু ৰবি দাসে দেওচূড় অঞ্চলত পথৰ কাষত পৰি থকা প্লাষ্টিকৰ বটল, পেকেট আদি বুটলি বস্তাত ভৰাই পৰিষ্কাৰ কৰি আহিছে পথৰ দুয়োকাষ ৷

লগতে পঢ়ক: গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great work by a teacher IN KALIABOR

কাজিৰঙাৰ জীৱ-জন্তুৱে যাতে পেলনীয়া পেকেটবোৰ ভক্ষণ কৰি বিপদত নপৰে তাৰ বাবেই দুই যুৱকে নীৰৱে চলাই আহিছে এই অভিযান ৷ যাত্ৰীসকলকো তেওঁলোকে আহ্বান জনাইছে, জীৱকুলৰ কথা চিন্তা কৰি কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা সময়ত পথৰ কাষত পেকেট-বটল আদি নেপেলাবলৈ ৷ দুই যুৱকৰ এই মহৎ কাৰ্যক প্ৰশংসা কৰিছে স্থানীয় লোকসকলেও ৷

কোনো এটা ভাল কাম কৰিবৰ বাবে প্ৰচাৰ গুৰুত্বপূৰ্ণ নহয়, প্ৰয়োজন মাথো এটা উদাৰ তথা পৰিৱৰ্তনকামী মনৰ ৷ সুনীল আৰু ৰবিয়ে স্বচ্ছতাৰ এই অভিযানেৰে দাঙি ধৰিছে তাৰেই এক নিদৰ্শন ৷ তেওঁলোকে আশা কৰিছে, এই পথেৰে পাৰ হোৱা পথচাৰীও তেওঁলোকৰ এই অভিযানৰ অংশ হ’ব ৷

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.