মৰাণ, 9 জুলাই: চাৰিওফালে কেৱল পানী আৰু পানী ৷ অভাৱ হৈছে অকণমান ওখ ঠাইৰ ৷ আপোন ঘৰখন হেৰুৱাই শোকত ভাগি পৰিছে বন্যাৰ্ত ৷ শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাইজৰ দুৰ্গতিৰ অন্ত হোৱা নাই ৷ এইবোৰৰ মাজতে এইবাৰ খোৱাঙৰ কাৱৈমাৰীত পথৰ ওপৰতে অনুষ্ঠিত কৰা হ’ল এখন বিশেষ শ্ৰাদ্ধ অনুষ্ঠান ৷
ঘৰ, চোতাল সকলো পানীত ডুব গৈ থকা বাবে পথৰ কাষত থকা আশ্ৰয় শিবিৰতে পিতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে দুই পুত্ৰই । জানিব পৰা মতে, খোৱাং কাৱৈমাৰীৰ তোলেধৰ তামুলী নামৰ লোকজনৰ কিছুদিন পূৰ্বে মৃত্যু হয় ৷ যাৰ বাবে পিতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ সকলোবোৰ আয়োজন কৰিছিল পৰিয়ালৰ লোকে । কিন্তু শেহতীয়া বানত ঘৰ, চোতাল সকলো পানীৰ তলত ডুব যোৱাত উপায়ন্তৰ হৈ পথৰ ওপৰতে পিতৃৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰে দুই পুত্ৰই ।
লগতে পঢ়ক : ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024
কিন্তু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা স্থানৰ চাৰিওফালে পানী ৷ সেয়ে শ্ৰাদ্ধলৈ নাৱত আহিব লগা হৈছে ভকতসকল । পিতৃৰ শ্ৰাদ্ধৰ বাবে সকলো আয়োজন কৰিও বানৰ বাবে এইদৰে পথৰ ওপৰত শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ পাই দুখত ভাগি পৰিছে পৰিয়ালটো ।
উল্লেখ্য যে, চলিত বছৰৰ এয়া হৈছে দ্বিতীয়টো বান ৷ আজিও অনিয়ন্ত্ৰিত ৰাজ্যৰ বান পৰিস্থিতি । এইবাৰ বানৰ কবলত পৰিছে লাখ লাখ লোক ৷ লগতে নষ্ট হৈছে বিঘাই বিঘাই কৃষি পথাৰ । বহুলোকে নিজৰ আপোন ঘৰখনৰ লগতে হেৰুৱা লগা হৈছে মৰমৰ পশুধন কেইটাও ।
লগতে পঢ়ক : বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024
আহাৰ মহীয়া এই বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাঙৰ কেইবাখনো গাঁৱত সৃষ্টি কৰিছে জলপ্ৰলয় ৷ আপোন ঘৰখন, অতি কষ্টৰে সাঁচতীয়া ধনেৰে ক্ৰয় কৰা সামগ্ৰীসূহ এৰি এতিয়া আশ্ৰয় শিবিৰতে দিন কটাইছে বহু বানপীড়িতই ৷
চৰকাৰে দিয়া খাদ্য খাই নিশা আশ্ৰয় শিবিৰতে শুইছে বানাক্ৰান্ত । মনত মাথোঁ এটা চিন্তাই খুলি খুলি খাইছে- পানী কমি যোৱাৰ পাচত আপোন ঘৰখন বিছাৰি পাব নে !
লগতে পঢ়ক : ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024