ETV Bharat / state

আলফা স্বাধীনৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুজন - TWO PERSONS DETAINED

উজনি অসমত আলফা স্বাধীনৰ নামত ধন দাবীৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীৰ জালত পৰিছে দুজন লোক ৷

TWO PERSONS DETAINED
আলফা স্বাধীনৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুজন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 5:36 PM IST

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বহু সৰু-বৰ ব্যৱসায়ীক আলফা স্বাধীনৰ নামত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল । তিনিচুকীয়া আৰক্ষীয়ে তেনে কিছু অভিযোগ লাভ কৰাৰ পাছত আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে চলোৱা তদন্তৰ পাছত সোমবাৰে নিশা জিলাখনৰ দুগৰাকীকৈ লোকক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী ।

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত স্থানীয় আৰক্ষী আৰু সেনাৰ সহযোগত চলোৱা অভিযানত ফিল’বাৰীৰ গুটিবাৰীৰ অপূৰ্ব মৰাণ (৩০) আৰু মুক্তি মৰাণ (৩৩) ক আটক কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ফিল’বাৰীৰ কেইবাজনো ব্যৱসায়ীক ভয়-ভাবুকিৰে আলফা স্বাধীনৰ নাম সম্বলিত পত্ৰত ধন দাবী কৰিছিল এই দুই যুৱকে । আৰক্ষীয়ে দুই যুৱকক কৰায়ত্ব কৰাৰ সময়ত আলফা স্বাধীনৰ পেডসহ কেইবাখনো ধন দাবী পত্ৰ জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে অপূৰ্ব মৰাণ আলফা স্বাধীনৰ এগৰাকী আত্মসমৰ্পণকাৰী সদস্য আছিল ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে আলফা (স্বাঃ) ৰ এটা দলে জাগুনৰ ৰাধা চেতিয়া নামৰ ব্যৱসায়ীজনৰ চাহ ফেক্টৰীত কৰ্মৰত গৌতম বসুমতাৰী নামৰ কৰ্মচাৰীজনক অপহৰণ কৰি নিছিল ৷ সম্পূৰ্ণ 15 দিন নিজৰ জিম্মাত ৰখাৰ পাছত আলফা (স্বাঃ)ই এৰি দিছিল গৌতমক ৷ যাক লৈ তিনিচুকীয়াত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ধন সংগ্ৰহৰ বাবে আলফা স্বাধীনে অভিযান আৰম্ভ কৰা বুলি বহুতেই মন্তব্য কৰি আহিছে যদিও এইক্ষেত্ৰত সংগঠনটোৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ ইয়াৰ মাজতে আজি এইদৰে আলফা (স্বা)ৰ দুজনকৈ সদস্য ধৰা পৰা ঘটনা উদ্বেগজনক ৷

লগতে পঢ়ক: ভালে ভালেই উভতি আহিল গৌতম; মুক্তিলাভৰ বাবে পৰেশ বৰুৱাক জনালে ধন্যবাদ

অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.