ETV Bharat / state

ৰাজ্যৰ দুই পৃথক স্থানত দুগৰাকী ব্যক্তি নিৰুদ্দেশ : উদ্ধাৰ অভিযান অব্যাহত - TWO PERSON MISSING

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 3:34 PM IST

Missing Case In Assam : একেদিনাই সংঘটিত হৈছে দুটাকৈ নিৰুদ্দেশৰ ঘটনা ৷ ডুমডুমা নৈৰ জানত পৰি এজন লোক সন্ধানহীন হোৱাৰ বিপৰীতে তিতাবৰত গা ধুবলৈ পুখুৰীলৈ যোৱা এজন ব্যক্তিৰ নিৰুদ্দেশৰ খবৰে হুৱাদুৱা লগাইছে পৰিয়ালত ৷ চাওক বিতং খবৰ ...

TWO PERSON MISSING
উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat Assam)

তিনিচুকীয়া/যোৰহাট, 1 জুলাই : ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত নিৰুদ্দেশৰ ঘটনা ৷ তিনিচুকীয়া জিলাৰ গাভৰুভেটি নগাঁৱত ডুমডুমা নৈৰ জানত পৰি এজন লোক সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ ৷ সন্ধানহীন লোকজনৰ নাম মোহন যাদৱ ৷

দুগৰাকী ব্যক্তি নিৰুদ্দেশ (ETV Bharat Assam)

উক্ত জানটোৰ পাৰতে যাদৱৰ চাইকেল আৰু পোছাক পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । এই লক্ষণ চাই জানৰ পানীত লোকজন পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে এছ ডি আৰ এফক ৷ জানটোৰ পাৰৰ পথছোৱাৰ দুৰৱস্থাৰ বাবে এনেধৰণৰ অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ বৰ্তমানলৈকে উদ্ধাৰকাৰী দলে লাভ কৰা নাই লোকজনৰ সন্ধান ৷

লগতে পঢ়ক: ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ পশু চিকিৎসালয়ৰ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ মৃতদেহ - Mysterious Death

আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ সংগঠনটোৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে উক্ত পথছোৱা মেৰামতি কৰাৰ লগতে এখন দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনক যাতে আগলৈ এনেধৰণৰ ঘটনা সংঘটিত নহয় ৷

যোৰহাট: যোৰহাটতো এজন লোক নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, তিতাবৰৰ ৰঙাজানৰ এক নং মৰাণগাঁৱৰ দেৱেন শইকীয়া নামৰ ব্যক্তিজন দেওবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছে ৷

লোকজনৰ বাসগৃহৰ সমীপতে থকা এটা পুখুৰীত গা ধুবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ অৱশ্যে দেৱেন শইকীয়াৰ পৰিয়ালে তেওঁ ব্যৱহাৰ কৰা চেণ্ডেল আৰু পোছাক পুখুৰীটোৰ পাৰত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় ৷

লগতে পঢ়ক: মৰিয়নীৰ পৰা প্ৰায় এমাহ ধৰি সন্ধানহীন দুই ছাত্ৰী - Student missing case

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ব্যক্তিজনৰ সন্ধানত বিচাৰ-খোঁচাৰ আৰম্ভ কৰে যদিও ব্যৰ্থ হয় ৷ উপায়বিহীন পৰিয়ালৰ লোকে এই সম্পৰ্কে আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি নিশাৰ ভাগতে এছ ডি আৰ এফৰ সৈতে উপস্থিত হয় ঘটনাস্থলীত । এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় এন ডি আৰ এফৰ এটা দল ৷

অৱশ্যে উদ্ধাৰকাৰী দল দুটাই এই পৰ্যন্ত ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তাপৰ্যপূৰ্ণ যে, কেইটামান দিনৰ আগতেই তিতাবৰৰ আন এক অঞ্চলৰ এটা পুখুৰীত পৰি দুজনকৈ ছাত্রৰ সলিল সমাধি ঘটিছিল ।

লগতে পঢ়ক: চিকিৎসালয়ৰ পৰাই নোহোৱা হ’ল শ্বীনা বৰাৰ কংকাল : ইন্দ্ৰাণী মুখাৰ্জীৰ মতে সমগ্ৰ ঘটনা মনেসজা - Sheena Bora skeleton missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.