ETV Bharat / state

ডিমা হাছাওত পথ দুৰ্ঘটনাত নিহত দুজন - Road Accident in Dima Hasao

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:52 PM IST

Road Accident : ডিমা হাছাওত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

Road Accident
পথ দুৰ্ঘটনাত নিহত দুজন

হাফলং, 29 মাৰ্চ : ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে ডিমা হাছাও জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে এই পথ দুৰ্ঘটনা ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ৷ জানিব পৰা মতে বৃহস্পতিবাৰে নিশা 11 টা বজাত শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাংটিং পেট্ৰল পাম্পৰ ওচৰতে এখন টাটা মোবাইল বাহন আৰু এখন ট্ৰাকৰ মখামুখী সংঘৰ্ষ হয় ৷ ফলত টাটা মোবাইল বাহনখনৰ চালক আৰু বাহনখনত থকা এগৰাকী মহিলা যাত্ৰীৰ থিতাতে মৃত্যু ঘটে ৷

এ এছ 02 চি চি 9717 টাটা মোবাইল বাহন আৰু এ এছ 01 আৰ চি 3712 ট্ৰাক খন নিজ নিজ লেনত গৈ আছিল ৷ কিন্তু লাংটিং পেট্ৰল পাম্পৰ ওচৰতে ডিভাইডাৰ পাৰ হৈ টাটা মোবাইল বাহন খনে ট্ৰাকত খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে ৷ ফলত টাটা মোবাইল বাহন খনৰ চালক বিজয় দাস আৰু বাহন খনত থকা মহিলা যাত্ৰী লিমিতা ফংলোৰ থিতাতে মৃত্যু ঘটে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যত বিগত দিন সমূহত সংঘটিত হোৱা কেইবাটাও পৃথক পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জৰাজীৰ্ণ বাট-পথ তথা লেহেমীয়া গতিত হৈ থকা চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে বিগত সময়ত ৰাজ্যখনত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক : তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ - Road Accident In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.