ETV Bharat / state

গোলাঘাটৰ ৰঙামাটি টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক - Drugs seized in Golaghat

দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক ৷ এখন চাৰিচকীয়া বাহনত তালাচী চলাই সৰবৰাহকাৰীসহ 22 টা চাবোনৰ বাকচত 263.79 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 6:58 PM IST

DRUGS SEIZED IN GOLAGHAT
ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক
ৰঙামাটি টোল গেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক

গোলাঘাট, 25 এপ্ৰিল : ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ সফলতা ৷ বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি দেৰগাঁও আৰক্ষী থনাৰ অন্তৰ্গত ৰঙামাটি টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটা দলে AS 05 N 0175 নম্বৰৰ চাৰিচকীয়া বাহনখনত তালাচী চলাই সৰবৰাহকাৰীসহ 22 টা চাবোনৰ বাকচত 263.79 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে গোলাঘাট শালমাৰা টুপৰ 25 বছৰীয়া মহম্মদ আৰু ৰঙাজান চাহ বাগিচাৰ 27 বছৰীয়া জিছকেল চান্দ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

সৰবৰাহকাৰী দুটাই অতি কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ এই অভিযানত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বৃহৎ আৰক্ষীৰ দলে সহযোগ কৰে ৷

উল্লেখযোগ্য যে ক্ৰমান্বয়ে ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে গোলাঘাট জিলা ৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ সীমান্ত অঞ্চলৰে অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ ৷ এই মাৰাত্মক ড্ৰাগছ সেৱন কৰাৰ ফলতে উঠি অহা যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত পৰাৰ লগতে বহু পৰিয়াললৈ নামি আহিছে অমানিশা ৷ আৰক্ষীয়ে সময়ে সময়ে ড্ৰাগছ বিৰোধী অভিযানত সৰহবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও জেলৰ পৰা মুকলি হৈ পুনৰ এনে বে-আইনী কাৰ্যত লিপ্ত হৈ পৰে ৷

লগতে পঢ়ক : মাৰ্ঘেৰিটাত নিহত হোৱা নাই কোনো আলফা(স্বা)ৰ সদস্য: তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক প্ৰত্যুত্তৰ আলফা(স্বা)ৰ - ULFA I Ambush

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.