ETV Bharat / state

শৌচালয়ৰ টেংকিৰ গাঁতত পৰি অকাল মৃত্যুক সাৱটিলে দুই শিশুৱে - Tragic incident in barpeta road - TRAGIC INCIDENT IN BARPETA ROAD

Tragic incident in barpeta road : মছজিদৰ নিৰ্মীয়মাণ শৌচালয়ৰ টেংকিত পৰি দুটি শিশুৰ অকাল মৃত্যু ৷ অঞ্চলজুৰি শোকৰ ছাঁ ৷

Two children died in a toilet tank of a mosque in barpeta road
বৰপেটাৰোডত শোকাৱহ ঘটনা (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 3:16 PM IST

বৰপেটাৰোড, 30 মে’: বৰপেটাৰোডত শোকাৱহ ঘটনা ৷ সাতভইনীৰটোপত দুগৰাকীকৈ শিশুৱে অকালতে সাৱটি ল’লে মৃত্যুক ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বৰপেটাৰোডত শোকাৱহ ঘটনা (Etv bharat assam)

সলিল সমাধি ঘটা শিশু দুটিৰ নাম মহম্মদ হাবিব (5) আৰু আবুল হুছেইন (7) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, মৃত শিশু দুটি সাতভইনীৰটোপৰ আব্দুৰ ৰহমানৰ পুত্ৰ ৷ বৃহস্পতিবাৰৰ বিয়লি চাৰিমান বজাৰ পৰাই নিৰুদ্দেশ হৈ পৰে শিশু দুটি ৷ শিশু দুটিক বিচাৰি নাপাই পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ পৰিয়াল তথা স্থানীয় লোকে বিভিন্ন ঠাইত শিশু দুটিৰ বিচাৰ-খোচাৰ কৰে যদিও বহু সময় পৰ্যন্ত ক’তো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল ।

বহু সময়ৰ বিচাৰ-খোচাৰৰ অন্তত পৰিয়ালৰ লোকে ঘৰৰ কাষতে সন্ধান লাভ কৰে শিশু দুটিৰ ৷ জানিব পৰা মতে, মছজিদৰ শৌচালয়ৰ টেংকি বনাবলৈ গাত খান্দি থোৱা হৈছিল । কেবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উক্ত গাঁতটো বৰষুণৰ পানীৰে ভৰপূৰ হৈ পৰিছে আৰু দুৰ্ভাগ্যজনকভাবে ফুলকুমলীয়া শিশু দুটি খেলি থাকোতেই ভৰি পিচলি গাঁতটোত পৰি যায় ৷

বহু সময়ৰ বিচাৰ-খোচাৰৰ অন্তত স্থানীয়লোকে গাঁতটোত জমা হৈ থকা পানীত শিশু দুটিৰ ভৰিৰ চেণ্ডেল ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু শিশু দুটিৰ নিথৰ দেহ পাৰলৈ তুলি আনে ।

শিশু দুটিৰ সলিল সমাধি ঘটাৰ খবৰ বিয়পি পৰাৰ পাচতে সাতভইনীৰটোপৰ লগতে সমগ্ৰ বৰপেটাৰোড অঞ্চলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটি শিশুৰ মৃত্যুৰ কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ - CHILDS DEATH AT JMCH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.