ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰা দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক - CM TWEET ON BANGLADESHI

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুজন বাংলাদেশীক আটক কৰে অসম পুলিচে ৷ পৰৱৰ্তী সময়ত ধৃত দুয়োকে সীমান্তৰ সিপাৰে ওভতাই পঠিওৱা হয় ৷

CM TWEET ON BANGLADESHI
ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰা দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক (Assam CM's twitter)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 4:11 PM IST

গুৱাহাটী : বাংলাদেশৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰা দুজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰী কৰে ।

মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত কয়, ‘‘অসম আৰক্ষীৰ এটি দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত কবীৰ শিখধৰ আৰু ছেলিম নামৰ দুজন বাংলাদেশী নাগৰিকক আটক কৰি সীমান্তৰ সিপাৰে ওভতাই পঠিয়ায় । অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আমাৰ এই প্ৰয়াস নিৰন্তৰ চলি থাকিব ৷ অসম আৰক্ষীৰ শলাগ ল'লোঁ ৷’’

মন কৰিবলগীয়া যে, ৰাজ্যৰ ৰাজনৈতিক (খ) বিভাগে জাৰি কৰা শেহতীয়া নিৰ্দেশনাত কোৱা হৈছে যে যোৱা জানুৱাৰী মাহৰ পৰা আগষ্ট পৰ্যন্ত ৫৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে । ইয়াৰে ৪৫ জনক সীমা পাৰ কৰি তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু ৯ জনক কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হৈছে ।

ইয়াৰ লগতে ৰাজ্যখনত বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ জিলাকেইখনত সন্দেহজনক বিদেশীৰ উপস্থিতি ধৰা পৰিছে । ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি সম্ভাব্য ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সীমান্ত শাখাক অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ আৰু বিতাড়নৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলযোগে অসমত অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধিৰ বাবে অসমৰ ভাৰত-বাংলা সীমান্তত ১২খন নতুন থানা গঠন কৰাৰ কথা সদৰী কৰে ৷

লগতে পঢ়ক : অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ১২খন নতুন থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.