ETV Bharat / state

১০ দিন পিচত উদ্ধাৰ ডিমা হাছাওত পথ নিৰ্মাণকাৰী সংস্থাৰ দুই অপহৃত কৰ্মচাৰী - Kidnapped Case

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 12:07 PM IST

Kidnappe in Dima Hasao : ডিমা হাছাওৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলঙলৈ চলি আছে টু লেন পথৰ নিৰ্মাণ । যোৱা ২৬ জুলাইৰ নিশা কৰ্মৰত দুজন কৰ্মচাৰীক অপহৰণ কৰিছিল এটা দুৰ্বৃত্তৰ দলে ।

Crime in Dima Hasao
দুই অপহৃত কৰ্মচাৰী (ETV Bharat Assam)

হাফলং, ৫ আগষ্ট: অৱশেষত উদ্ধাৰ হ'ল ডিমা হাছাওৰ পৰা অপহৃত দুই কৰ্মচাৰী । ডিমা হাছাওৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলংলৈ চলি থকা টু লেন পথ নিৰ্মাণত কৰ্মৰত দুজন কৰ্মচাৰী অপহৰণৰ ১০ দিন পিচত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

উল্লেখ্য় যে, পথ নিৰ্মাণকাৰী অনুচা নামৰ কোম্পানীটোৰ কাম চলি থাকোতে সংঘটিত হয় এই অপহৰণৰ ঘটনাটো । যোৱা ২৬ জুলাইৰ নিশা ১০ বজাত ১০/১২ জনীয়া এটা অচিনাক্ত বন্দুকধাৰী দল শিবিৰত উপস্থিত হৈ কৰ্মচাৰী দুজনক অপহৰণ কৰিছিল । ইয়াৰ পিচতেই আৰক্ষীয়ে কৰ্মচাৰী দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ।

২৬ জুলাইত হৈছিল অপহৰণ :

অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা দুই কৰ্মচাৰী হৈছে কৰিমগঞ্জ জিলাৰ অচিমগঞ্জৰ আব্দুল কাদিৰ আৰু হাইলাকান্দি জিলাৰ সহাবাদ গাঁৱৰ ইকবাল লস্কৰ ৷ যোৱা ২৬ জুলাইৰ নিশা ১০ বজাত এই অপহৰণৰ পিচতে নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে ।

কোন এই দুৰ্বৃত্তৰ দল ?

দেওবাৰে নিশা নিৰ্মাণ সংস্থাৰ দুই কৰ্মচাৰী উদ্ধাৰ কৰি হাফলঙলৈ আনে আৰক্ষীয়ে । এই দুজন কৰ্মচাৰীক উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি অৱশেষত ১০ দিন পিচত অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

যোৱা ২৬ জুলাইত মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিয়ানগ্লো পোনগাঁৱত থকা অনুচা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাৰ শিবিৰত নিশা ১০ বজাত বন্দুকধাৰী দুৰ্বৃত্তৰ দলে শ্ৰমিক আৰু কৰ্মচাৰীসকলক মাৰধৰ কৰি দুই কৰ্মচাৰীক অপহৰণ কৰি লৈ গৈছিল ।

আৰক্ষীয়ে দুই অপহৃত কৰ্মচাৰীক উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে এই অপহৰণকাণ্ডৰ সৈতে কোন জড়িত হৈ আছে, সেই বিষয়ে কোনো তথ্য় লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক:৮ দিনেই সন্ধান নাই দুই অপহৃত কৰ্মচাৰীৰ

নাগালেণ্ডৰ থানাত বন্দী যোৰহাটৰ যুৱক - Two youths kidnapped in Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.