ETV Bharat / state

ভাৰতৰ শক্তিশালী বিৰোধী দলেই হৈছে তৃণমূল কংগ্ৰেছ : ৰিপুণ বৰা - Ripun Bora on Assam BJP

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 2:33 PM IST

Ripun Bora in Jonai : মাজৰবাৰীত উপস্থিত ৰিপুণ বৰা ৷ বৰাৰ উপস্থিতিত কেবাশ লোকে যোগদান কৰে তৃণমূল কংগ্ৰেছত ৷ সমাগত নিৰ্বাচনত বি টি আৰ, পঞ্চায়ত দখলৰ লক্ষ্যৰে টিএমচি আগবাঢ়িব বুলি কয় বৰাই ৷

Ripun Bora in Jonai
মাজৰবাৰীত উপস্থিত ৰিপুণ বৰা (ETV Bharat Assam)

জোনাই, ২০ জুন : ‘‘সাম্প্ৰদায়িক বিজেপিৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত চকু থৈ ৰাইজৰ বাবে মাতমতা একমাত্ৰ নেত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । অসমত টিএমচি নতুন দল যদিও ৩৫ বছৰীয়া এই দলে একেৰাহে ১৫ বছৰে পশ্চিমবংগত শাসন কৰি আছে । সমাজৰ দৰিদ্ৰ, দুখীয়া-নিছলা পিছপৰা লোকক লগত লৈ তৃণমূল কংগ্ৰেছ জন্ম হৈছে । এইদল বিলাসী জীৱন যাপন কৰা মানুহৰ বাবে নহয় । খাটি খোৱা মানুহৰ বাবেহে এই দল ।’’ এই মন্তব্য অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

তেওঁ কয়, ‘‘ক্ষুদ্ৰ উপাৰ্জন কৰি পেট চলাই থকা মানুহৰ বাবে জন্ম হৈছে টিএমচি । কেন্দ্ৰত দহ বছৰীয়া বিজেপি চৰকাৰৰ দিনত ৰাইজৰ ওপৰত কেৱল অন্যায় অত্যাচাৰ কৰাৰ বাহিৰে একো হোৱা নাই, সম্প্ৰদায়ৰ নামত, জনজাতি- অজনজাতি, হিন্দু-মুছলমান কৰি জাতিৰ নামত ভাগ ভাগ কৰি বিভেদ সৃষ্টি কৰা সাম্প্ৰদায়িক দলেই হৈছে বিজেপি ৷’’

বৰাই পুনৰ কয়, ‘‘এইখন চৰকাৰৰ দিনত সাধাৰণ ৰাইজে এমুঠি অন্ন ভালকৈ খাব নোৱাৰা হৈছে । সকলোতে কেৱল আকাশলঙ্ঘী মূল্যবৃদ্ধি । মূল্যবৃদ্ধিয়ে কোঙা কৰা চৰকাৰখনে ৰাইজক অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনিৰ ধন এফালে দিছে যদিও আনপিনেদি দহ গুণে কৰ লগাই সুদে-মূলে তুলি লৈছে । এইখন চৰকাৰে দুইকোটি চাকৰি বছৰি দিব বুলি কোৱাত ৰাইজে ভোট দিছিল যদিও দহ বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি জলাঞ্জলি দিলে চৰকাৰখনে ।’’

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ তেজপুৰ ভ্ৰমণ; কেইবাটাও অনুষ্ঠানত কৰিব অংশগ্ৰহণ - Assam CM Tezpur visit

উল্লেখ্য যে, সদ্যসমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ পাচতেই নিজৰ সাংগঠনিক ভেঁটি মজুত কৰাৰ বাবে গাঁৱে ভূঞে নামি পৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিয়ে । বুধবাৰে ধেমাজি জিলাৰ মাজবৰাৰী ৰাসমন্দিৰত চিচিবৰগাঁও ব্লক তৃণমূল কংগ্ৰেছৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী আয়োজন কৰা হয় ।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত কুমাৰ ৰয়ে আঁতধৰা যোগদান কাৰ্যসূচীত উপস্থিত থাকি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় ভাৰতবৰ্ষৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত একমাত্ৰ শক্তিশালী বিৰোধী দলেই হৈছে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ।

শেহতীয়াকৈ সদ্যসমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পতন হোৱাটো নিশ্চিত হৈ পৰিছে বুলি তেওঁ কয় । ইফালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ মাজৰবাৰীত আজি তৃণমূল কংগ্ৰেছত শ শ লোকে যোগদান কৰা কাৰ্যই অহা বিধানসভা নিৰ্বাচনত বিধায়ক ভূৱন পেগুৰো ৰাজনৈতিক কেৰিয়াৰ যৱনিকা পৰিব বুলি কটাক্ষ কৰে ৷

তেওঁ পুনৰ কয় মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুয়ে মিচিং জাতীয় সংগঠনক ভুৱা প্ৰতিশ্ৰুতি দি জাতিটোক কেৱল ৰাজনীতি কৰি গৈছে বুলি উল্লেখ কৰি মিচিং ৰাইজৰ উন্নয়নৰ স্বাৰ্থত একো কাম কৰা নাই, কেৱল নিজৰ ৰাজনৈতিক দিশৰ সুৰক্ষাৰ স্বাৰ্থত জাতিটোক ব্যৱহাৰ কৰি গৈছে বুলি তীৰ্যক মন্তব্য কৰে ।

অসমত এতিয়া একমাত্ৰ বিৰোধী দল হিচাপে তৃণমূল কংগ্ৰেছে ভূমিকা গ্ৰহণ কৰিছে ৷ লোকসভা নিৰ্বাচনৰ পাচত ৰাজ্যত খালি হৈ থকা পাঁচটাকৈ বিধানসভা উপ নিৰ্বাচনত বিৰোধীয়ে এজন প্ৰাৰ্থী থিয় কৰোৱাটো দৰকাৰ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি আগন্তুক পঞ্চায়ত, বিটিআৰ আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত দখল কৰিবলৈ এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই ৰিপুণ বৰাই ।

লগতে পঢ়ক : বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi

বিজেপিয়ে হিন্দু-বাঙালীৰ জলন্ত-সমস্যা সমাধানৰ বাবে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈ সমস্যা সমাধান কৰা নাই, কেৱল ভোটৰ বাবে আভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰক আগন্তুক দিনত বাঙালী ৰাইজে উৎখাত কৰা প্ৰয়োজন । কা আইনৰ অধীনত থলুৱা বাঙালীসকলক বিদেশী সজোৱাৰ চক্ৰান্ততো লিপ্ত হৈছে বিজেপি ।

বঙালী ৰাইজক বিপথে পৰিচালিত কৰি অসমীয়া বঙালী ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰিছে এইটো দলে । অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কোষাধ্যক্ষ ঘনকান্ত চুতীয়াই সভাত উপস্থিত থাকি কয় অসমত থকা প্ৰত্যেকজন লোকেই অসমীয়া ।

সকলো জাতি-জনজাতি সকলো মিলিয়েই আমি বৃহত্তৰ জাতি গঠন কৰিব লাগিব বুলি কয় । আজিৰ সভাত বিজেপি দলৰ পৰা প্ৰায় পাঁচশগৰাকী লোকে তৃণমূল কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ টিএমচিত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীত জোনাই ব্লক তৃণমূল কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰগোঁহাই, যুৱ নেতা বিক্ৰম ৰামচিয়াৰীকে ধৰি বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক : ম্যাদ উকলিছে নেকি হিমন্ত বিশ্ব শৰ্মাই কৰা ৰাজনীতিৰ ? ড৹ শৰ্মা থাকিলে বিজেপি নাথাকিব বুলি কোনে ক’লে ? - Assam politics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.