ETV Bharat / state

লামডিং-শিলচৰ পাহাৰ লাইনত সূচল ৰে'ল সেৱা - TRAIN SERVICES RESUME

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:25 PM IST

Lumding Silchar rail line: পুনৰ আৰম্ভ লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'ল সেৱা । ভূমিস্খলনৰ ফলত বিগত ৫ দিন ধৰি লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'ল চলাচল বন্ধ হৈ থকাৰ পিচত শনিবাৰৰ পৰা সূচল হয় ৰে'লসেৱা ।

Train services resume on Lumding-Silchar hill line in Haflong
শনিবাৰৰ পৰা লামডিং-শিলচৰ পাহাৰ লাইনত সূচল ৰে'ল সেৱা (ETV Bharat Assam)

হাফলং,১ জুন: লামডিং-শিলচৰ পাহাৰ লাইনত পুনৰ স্বাভাৱিক হৈ উঠিছে ৰে'ল চলাচল । ৰেমল ঘূৰ্ণিবতাহৰ তাণ্ডৱ আৰু ধাৰাসাৰ বৰষুণৰ বাবে ভূমিস্খলন হোৱাৰ ফলত বিগত ৫ দিন ধৰি লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'ল চলাচল বন্ধ হৈ আছিল । শনিবাৰে পুনৰ পাহাৰ লাইনত ৰে'ল চলাচল স্বাভাৱিক হৈ উঠে ।

ভূমিস্খলনৰ বাবে লামডিং শিলচৰ পাহাৰ লাইনত ৰে'ল চলাচল বন্ধ হৈ যোৱাৰ ফলত ডিমা হাছাও জিলাসহ বৰাক উপত্যকা ত্ৰিপুৰা-মণিপুৰ-মিজোৰাম ৰে'লপথৰে যোগাযোগ বিছিন্ন হৈ পৰিছিল বহিঃৰাজ্যৰ লগত । অৱশেষত বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ ৰে'লযাত্ৰীসকলে লাভ কৰিলে এই সুখবৰ । শনিবাৰে ৰে'ল চলাচল পাহাৰ লাইনত সুচল হৈ উঠাৰ পিছতে প্ৰথম পূৰ্বোত্তৰ সম্পৰ্কক্ৰান্তি ৰে'লগাড়ীখন লামডিঙৰ পৰা যাত্ৰা কৰি সন্ধিয়া ৬ বজাত নিউহাফলং ষ্টেচন পাৰ হৈ বদৰপুৰৰ দিশে ৰাওনা হয় ।

আনহাতে শিয়ালদাহ-আগৰতলা এক্সপ্ৰেছে সন্ধিয়া ৬:৩০ মান বজাত নিউহাফলং ষ্টেচনৰ পৰা আগৰতলাৰ উদ্দেশ্যে যাত্ৰা কৰে । ইয়াৰ উপৰি গুৱাহাটীৰ পৰা আগৰতলাৰ উদ্দেশ্যে চলাচল কৰা বিশেষ যাত্ৰীবাহী কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে'লগাড়ীখনে 1 বজাত গুৱাহাটীৰ পৰা আগৰতলা অভিমুখে ৰাওনা হয় । কিন্তু পাহাৰ লাইনত ৰে'ল চলাচল পুনৰ সুচল হৈ উঠিলেও শিলচৰ ৰে'ল ষ্টেচন বানৰ কৱলত পৰাৰ বাবে শনিবাৰ আৰু দেওবাৰ শিলচৰৰ পৰা সকলো যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

ইপিনে ধাৰাসাৰ বৰষুণৰ ফলত লামডিং শিলচৰ পাহাৰ লাইনত ভূমিস্খলনৰ ফলত ৰে'ল চলাচল বন্ধ হৈ পৰাৰ পিচতে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি ৰে'ল কৰ্মচাৰীসকলে এই ৰে'লপথ সুচল কৰি তোলে ।

লগতে পঢ়ক: লামডিং-শিলচৰ ৰে’ল পথেৰে পুনৰ আৰম্ভ যাত্ৰীবাহী ৰে’লৰ চলাচল - TRAIN SERVICES RESUME

ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম - Lumding To Silchar Train

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.