ETV Bharat / state

এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে কাজিৰঙাত যান-বাহন পাৰ কৰাৰ ব্যৱস্থা পৰিবহন বিভাগৰ - Traffic regulated for KNP animals

Keshab Mahanta in Kaliabor : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষাৰ বাবে যান-বহনৰ গতি নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ পৰিবহন বিভাগে ৷ সোমবাৰে কলিয়াবৰত পৰিবহণ মন্ত্ৰী উপস্থিত হৈ বুজ ল’লে যাতায়ত ব্যৱস্থাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:55 PM IST

Traffic regulated for safety of animals in Kaziranga
কলিয়াবৰত উপস্থিত পৰিবহণ মন্ত্ৰী (ETV Bharat Assam)

কলিয়াবৰ, 8 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও মাৰ যোৱা নাই বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা ৷ কাজিৰঙাৰ কেবাটাও অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে ৷ মানুহৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জীৱকুলৰ বাবেও অভাৱ হৈছে নিৰাপদ আশ্ৰয়স্থলৰ ৷ ফলত উদ্যানখনৰ বহু বন্য জীৱ-জন্তুৱে সেই স্থান এৰি ওখ আৰু নিৰাপদ স্থানলৈ ধাৱমান হৈছে ৷

এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে কাজিৰঙা যান-বাহন পাৰ কৰাৰ ব্যৱস্থা পৰিবহন বিভাগৰ (ETV Bharat Assam)

আনকি উদ্যানৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছে বহু বন্যপ্ৰাণী জীৱ-জন্তু৷ সেয়ে বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহন বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা । পূৰ্বৰ দৰে টাইম কাৰ্ডৰ সলনি এইবাৰ আৰক্ষীয়ে এছকৰ্ট জৰিয়তে দুয়ো দিশৰ পৰা অহা-যোৱা কৰা সকলো যান-বাহন এক নিৰ্দিষ্ট গতিত পাৰ কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

সোমবাৰে কলিয়াবৰৰ ৰাঙলু বন শিবিৰত উপস্থিত হৈ ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই যান-বাহনৰ গিতি-বিধি নিজেই তদাৰক কৰে । এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল যদিও জীৱকুলৰ ক্ষয়-ক্ষতি আৰু যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ হোৱা নাছিল । কিন্তু এইবাৰ আৰক্ষীৰ এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে যান-বাহনসমূহ পাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে ।’’

লগতে পঢ়ক : বছৰৰ দ্বিতীয়তো বানত কাজিৰঙাত ১১৪ টা জন্তুৰ মৃত্যু - ASSAM FLOOD 2024

‘‘দুয়ো দিশৰ পৰা লোৱা এই ব্যৱস্থাৰ ফলত পথৰ যান-বাহনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো জীৱ-জন্তুৰে হানি-বিঘিনি হোৱা নাই । বিগত বানৰ সময়ছোৱাত দেখা গৈছিল দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । কিন্তু এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পুলিচ প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট সংখ্যক বাহনক একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ আগবঢ়াই নিছে ।’’ তেওঁ কয় ৷

Traffic regulated for safety of animals in Kaziranga
কলিয়াবৰত পৰিবহণ মন্ত্ৰী (ETV Bharat Assam)

‘‘তদুপৰি উজনিৰ দিশৰ পৰা অহা গাড়ীসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যান-বাহনসমূহ পাৰ কৰাই আছে আৰক্ষীয়ে ।’’ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই কয় ৷

লগতে পঢ়ক : কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.