ETV Bharat / state

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দাৰাগাঁৱলৈ বৈছে পৰ্যটকৰ লানি নিচিগা সোঁত - Daragaon Tourist Spot

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:04 PM IST

Daragaon Tourist Spot : শাৰী শাৰী সেউজ পাহাৰ আৰু দিৰিং নৈৰ কুলু কুলু শব্দই আকৰ্ষণীয় কৰি তুলিছে দাৰাগাঁৱক ৷ প্ৰকৃতিৰ শীতল বুকুত কিছু সময় জিৰণি লোৱাৰ বাবেই যেন দাৰাগাঁৱলৈ ঢাপলি মেলিছে পৰিয়ালসহ বহুজনে ৷

TOURISTS THRONG TO BAKSAS DARAGAON
দাৰাগাঁৱলৈ ঢাপলি মেলিছে পৰিয়ালসহ বহুজনে (ETV Bharat Assam)

বাক্সা, 21 জুলাই : প্ৰকৃতিৰ ৰম্যভূমি হৈছে বাক্সাৰ দাৰাগাঁও ৷ ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ পাদদেশত অৱস্থিত দাৰাগাঁৱৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাতবাউল দি মাতে পৰ্যটকক ৷ বিদেশী ৰাষ্ট্ৰ ভূটানৰ শাৰী শাৰী সেউজ পাহাৰ আৰু দিৰিং নৈৰ কুলু কুলু শব্দই আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে দাৰাগাঁৱক ৷

দাৰাগাঁৱলৈ বৈছে পৰ্যটকৰ লানি নিচিগা সোঁত (ETV Bharat Assam)

পৰিস্কাৰ পানী যুঁৱলীত শিলৰ শৃংখলিত সৌন্দৰ্যই আৰু অধিক জেউতি চৰাইছে ঠাইখনৰ ৷ বৰ্তমান গৰমৰ দিনত অৱসৰ বিনোদনৰ বাবে দাৰাগাঁৱলৈ বহু লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷ শৰীৰ, মন নৈৰ পানীৰে শীতল কৰাৰ বাবে আগমন ঘটিছে স্থানীয় লগতে জিলাখনৰ বাহিৰৰ বহুলোকৰ ৷ প্ৰকৃতিৰ শীতল বুকুত কিছু সময় জিৰণি লোৱাৰ বাবেই যেন দাৰাগাঁৱলৈ ঢাপলি মেলিছে পৰিয়ালসহ বহুজনে ৷

প্ৰকৃতি ৰাণীৰ শীতল বুকুত আপোন পাহৰা হৈ পৰিছে প্ৰতিগৰাকী পৰ্যটক ৷ এই গৰমত দিৰিং নদীৰ শীতল পানীত সাতুঁৰি নাদুৰি শাত পেলাইছে শৰীৰ ৷ শ্বিলং বা মানালীৰ সলনি এতিয়া অৱসৰ বিনোদনৰ বাবে দাৰাগাঁৱত ভিৰ কৰিছে বহু লোকে ৷

উল্লেখ্য যে, নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহতো ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে-ভাগে পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা উপস্থিত হয় বনভোজকাৰী দল ৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশ, দিৰিং নদীৰ কুলু কুলু শব্দ, বিশাল শিলৰ মাজত সকলো আত্মহাৰা হৈ পৰে ৷

জিলাখনৰ ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠা দ্বাৰাগাঁও বনভোজস্থলীত বনভোজকাৰী তথা পৰ্যটক সকলৰ বাবে মনোৰঞ্জনৰ বিশেষ ব্যৱস্থা আছে৷ আনহাতে বনভোজস্থলীসমূহত গঢ়ি উঠা দোকানসমূহতো বিভিন্ন জনজাতীয় খাদ্য সামগ্ৰী উপলব্ধ হয় ৷

লগতে পঢ়ক : আজি গুৰু পূৰ্ণিমা: গংগাত স্নান কৰিবলৈ বিভিন্ন ঘাটত ভক্তৰ ভিৰ - Guru Purnima 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.