ETV Bharat / state

তিতাবৰ সমষ্টিত কংগ্ৰেছতকৈ বিজেপিয়ে বেছি ভোট লাভ কৰিব: অজন্তা নেওগ - Jorhat Lok Sabha constituency

BJP Candidate From Jorhat LAC: তপন কুমাৰ গগৈ উদ্ধাৰ অভিযানত মন্ত্ৰী অজন্তা নেওগ ৷ যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈৰ জয় নিশ্চিত বুলি মন্তব্য মন্ত্ৰী নেওগৰ ৷ লগতে তিতাবৰ সমষ্টিত তপন গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক বিপুল ভোটত পৰাস্ত কৰিব বুলি মন্তব্য নেওগৰ ৷

BJP Candidate From Jorhat LAC
মন্ত্ৰী অজন্তা নেওগ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:49 PM IST

যোৰহাট, ১৯ মাৰ্চ: যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈ জয়ী হ’ব আৰু তিতাবৰ বিধানসভা সমষ্টিৰ পৰা তপন কুমাৰ গগৈয়ে কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ বহু হাজাৰ ভোট বেছি লাভ কৰিব ৷ যোৰহাট জিলা প্ৰভাৰীৰ তথা বিত্তমন্ত্ৰী অজন্তা নেওগে মঙলবাৰে যোৰহাটৰ ৰজাবাৰী ৰূপালীম ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে ৷

তেওঁ লগতে কয়, ৰাইজ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিকাশ যাত্ৰাৰ লগত থাকিব আৰু তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত জয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত ।উল্লেখ্য যে, ৰজাবাৰী ৰূপালীম ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সমাৰোহত আজি বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ প্ৰায় তিনিশৰো অধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে আৰু মন্ত্ৰী অজন্তা নেওগে তেওঁলোকক দললৈ আদৰণি জনাই আগন্তুক দিনত জাতি আৰু দলৰ হৈ একেলগে কাম কৰিবলৈ আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোগদান সভাত অংশগ্ৰহণৰ পাচত মন্ত্ৰী অজন্তা নেওগ আগন্তুক সাধাৰণ নিৰ্বাচনৰ কৌশল আৰু প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিবলৈ বিজেপি কৰ্মীসকলে বহুলাংশে অংশগ্ৰহণ কৰা এখন দলীয় সভাত অংশগ্ৰহণ কৰে । তেওঁ দলীয় কৰ্মীসকলক দলৰ প্ৰাৰ্থীসকলৰ ব্যাপক বিজয় নিশ্চিত কৰিবলৈ অধ্যৱসায়ীভাবে কাম কৰিবলৈ আহ্বান জনায় ।

তাৎপৰ্যপূৰ্ণ যে যোৰহাট লোকসভা সমষ্টিৰ পৰাৰ গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব আগৱঢ়োৱাৰ পিচত সমষ্টিটোত বিভিন্ন প্ৰান্তত ৰাজ্যিক বিজেপি আৰু মন্ত্ৰীসকলে বাহৰ পাতি যোগদান সভা অনুষ্ঠিত কৰাৰ লগতে গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । অন্যহাতে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে ব্যাপক জনসমাগম লাভ কৰাত বৰ্তমান বিজেপি শিবিৰত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে বুলি চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক: সাংসদ তপন গগৈৰ কাম-কাজত অসন্তুষ্ট যোৰহাটবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.