ETV Bharat / state

নিৰ্বাচনকেন্দ্ৰিক এই বাজেট : ৰিপুণ বৰা - TMC VS bjp

Assam Budget 2024-2025: মঙলবাৰে অসম তৃণমূল কংগ্ৰেছে সম্বোধন কৰে এখন সংবাদমেলৰ ৷ সংবাদমেলখনত ৰাজ্য চৰকাৰক তীক্ষ্ণ ভাষাৰে কটাক্ষ কৰাৰ লগতে অসম চৰকাৰে 24-25 বৰ্ষৰ বাবে দাখিল কৰা বাজেটখনকো সমালোচনা কৰে ৷ নিৰ্বাচনত জিকিবৰ বাবে হিতাধিকাৰী সৃষ্টি কৰা বাজেট বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয়, “এই বাজেট হিতাধিকাৰী সৃষ্টি, পশ্চাদগামী আৰু নিৰ্বাচনকেন্দ্ৰিক বাজেট ৷ ”

Assam Budget 2024-2025
'এই বাজেট নিৰ্বাচনকেন্দ্ৰিক বাজেট'; ৰিপুণ বৰা
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 7:02 AM IST

'এই বাজেট নিৰ্বাচনকেন্দ্ৰিক বাজেট'; ৰিপুণ বৰা

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : অসম চৰকাৰে 24-25 বৰ্ষৰ বাবে দাখিল কৰা বাজেট সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে অসম তৃণমূল কংগ্ৰেছে ৷ দলটোৰ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলখনত উক্ত বাজেটক তথ্য সহকাৰে তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বৰাই । বৰাই এই বাজেটক হিতাধিকাৰী সৃষ্টি, কাল্পনিক, পৰনিৰ্ভৰশীল, নিবনুৱা বিৰোধী আৰু পশ্চাদগামী বাজেট বুলি অভিহিত কৰে ।

এই সন্দৰ্ভত বৰাই কয়, "24-25 বৰ্ষৰ বাজেট প্ৰকৃততে নিৰ্বাচনত জিকিবৰ বাবে হিতাধিকাৰী সৃষ্টি কৰা বাজেট ৷ কিয়নো মুঠ বাজেটত আয়ৰ 1,43,606 কোটি টকাৰ ভিতৰত হিতাধিকাৰী সৃষ্টিত খৰচ হ’ব 55 হাজাৰ কোটি টকা । বাজেটৰ মুঠ আয়ৰ পৰা 20 শতাংশ চৰকাৰৰ ঋণৰ সূত পৰিশোধত ব্যয় হ’ব 28, 721 কোটি টকা, দা-দৰমহাত ব্যয় হ’ব 36,399 কোটি টকা । গতিকে হিতাধিকাৰী, ঋণৰ সূত আৰু দা-দৰমহা মিলালে মুঠ খৰচ হ’ব 1,20,128 কোটি টকা । তেনেস্থলত ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে বাকী থাকিব মাত্ৰ 23,478 কোটি টকা" ৷

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে অসমৰ বিজেপি চৰকাৰখনৰ ৰাজ্যৰ উন্নয়নতকৈ নিৰ্বাচন জয়ী হোৱাটোহে মূল লক্ষ্য ৷ ইয়াৰোপৰি ৰিপুণ বৰাই উক্ত বাজেটক এখন কাল্পনিক আৰু পৰৰ ওপৰত নিৰ্ভৰশীল বাজেট বুলি অভিহিত কৰে । তেওঁ কয় যে এইবাৰৰ বাজেটৰ আমদানি শিতানত কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আচঁনিৰ পৰা আৰু কেন্দ্ৰীয় কৰৰ অংশ হিচাবে মুঠ 63,147 কোটি টকা আহিব বুলি ধৰা হৈছে ৷ অৰ্থাৎ মুঠ আয়ৰ 1,43,606 কোটি টকাৰ 63,147 কোটি টকা কেন্দ্ৰৰ পৰা আহিব বুলি ধৰিহে লোৱা হৈছে অৰ্থাৎ অসম চৰকাৰে নিজাববীয়াকৈ ৰাজহ আহৰণত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লক্ষণীয় বিষয় যে, কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যই পাবলগীয়া পুঁজি মুকলি কৰি দিয়া নাই । গতিকে পৰৰ ওপৰত নিৰ্ভৰশীল আৰু কাল্পনিক বাজেটৰ পৰা ৰাজ্যখনৰ কি উন্নয়ন হ’ব সহজে অনুমেয় ৷ লগতে বৰাই কয় যে এই বাজেটত দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান, বান সমস্যা, চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবেও কোনো বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ নাই ।

অৰুণোদয়, লাখপতি বাইদেউ আঁচনি, বিভিন্ন উৎসৱ পাৰ্বনত অনুদান, অযোধ্যাকে ধৰি বিভিন্ন মঠ-মন্দিৰ ভ্ৰমণ আদি আঁচনিবোৰৰ দ্বাৰা অসমৰ 3.35 কোটি জনতাৰ প্ৰায় 1.60 কোটি জনতাক হিতাধিকাৰী হিচাবে সামৰি লৈছে এই বাজেটে । কিন্তু অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বাবে কোনো বিশেষ পুঁজি ধাৰ্য কৰা নহ’ল ৷ অসমৰ ভয়াবহ বান পৰিস্থিতি স্বত্বেও এই বাজেটত ব্ৰহ্মপুত্ৰৰ বানপানী সমস্যাৰ নামত মাত্ৰ 200 কোটি টকা ধাৰ্য কৰা হৈছে ।

অসমৰ এনে ভয়াবহ নিবনুৱা সমস্যা স্বত্বেও এই বাজেটত দক্ষতা, নিবনুৱা আৰু উদ্যোগী বিকাশৰ নামত মাত্ৰ 35423 কোটি ধাৰ্য কৰা হৈছে ৷ প্রাৰম্ভিক উদ্যোগৰ নামত ধাৰ্য কৰা হৈছে মাত্ৰ 18 কোটি টকা, ইয়াৰ বিপৰীতে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে ধাৰ্য কৰা হৈছে 25 কোটি টকা ৷

জনসাধাৰণৰ সু-স্বাস্থ্য চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হোৱা স্বত্বেও যোৱা তিনিটা বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত স্বাস্থ্য শিতানত বাজেট হ্ৰাস কৰি চৰকাৰে অক্ষমণীয় অপৰাধ কৰিছে বুলি সংবাদমেলযোগে বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক: বাজেটক নিৰ্বাচনমুখী বাজেট আখ্যা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.