ETV Bharat / state

মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে গোকাট মিছা কৈছে : ৰিপুণ বৰা - Assam CM on Muslim Population - ASSAM CM ON MUSLIM POPULATION

Ripun Bora Slams Assam CM : ১৯৫১ চনৰ লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা আছিল ২৪.৬৮%, কিন্তু মুখ্যমন্ত্ৰীয়ে ১২ শতাংশ বুলি কৈছে । আনহাতে, ২০১১ চনৰ লোকপিয়ল মতে মুছলমান জনসংখ্যা ৩৪.২২% । জনসংখ্যা বৃদ্ধি এটা অৱধাৰিত প্ৰক্ৰিয়া । এইবোৰ ভুৱা কথা কৈ বিভাজন কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । মুছলমানৰ জনসংখ্যা বৃদ্ধি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা মন্তব্য সাম্প্ৰদায়িক আৰু অসাংবিধানিক আখ্যা ৰিপুণ বৰাৰ ।

Ripun Bora Slams Assam CM
মুছলমান জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰিপুণ বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:00 PM IST

গুৱাহাটী, ১৯ জুলাই : ৰাজ্যত মুছলমানৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ তৃণমূলৰ সভাপতি ৰিপুণ বৰাৰ । শুকুৰবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা তথ্যৰ বিৰুদ্ধে সোচ্চাৰ হয় তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ।

সংবাদমেল সম্বোধন অসম প্ৰদেশ তৃণমূলৰ সভাপতি ৰিপুণ বৰাৰ (ETV Bharat Assam)

সংবাদমেলত তেওঁ কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা ৪০% লৈ বৃদ্ধি আৰু তেওঁৰ চৰকাৰে প্ৰতিদিনে অবৈধ অনুপ্ৰৱেশকাৰীক ব্যাপক হাৰত চিনাক্ত কৰি বহিষ্কাৰ কৰা বুলি কৰা মন্তব্য সম্পূৰ্ণৰূপে ভুৱা, সাম্প্ৰদায়িক আৰু অসাংবিধানিক । তেওঁৰ দাবী, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজক বিপথে পৰিচালিত নকৰি শুদ্ধ তথ্য ৰাইজৰ আগত প্ৰকাশ কৰক ।

ইয়াৰ উপৰি তৃণমূলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে ১৯৫১ চনৰ লোকপিয়ল মতে, অসমত মুছলমান জনসংখ্যা আছিল ২৪.৬৮%, কিন্তু মুখ্যমন্ত্ৰীয়ে ১২ শতাংশ বুলি কৈছে । আনহাতে, ২০১১ চনৰ লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা আছিল ৩৪.২২% । ১৯৫১ চনৰ পৰা ২০১১ চনলৈ ৬০ বছৰত অসমত ১০ শতাংশ মুছলমান জনসংখ্যা বৃদ্ধি পাইছে । জনসংখ্যা বৃদ্ধি হোৱাটো এক গতানুগতিক প্ৰক্ৰিয়া । কিন্তু এইবোৰ ভুৱা কথা কৈ মুখ্যমন্ত্ৰীয়ে বিভাজনৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে ।

তেওঁ লগতে কয়, জনসংখ্যা বৃদ্ধিটো এটা ৰাষ্ট্ৰীয় সমস্যা । কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় কেৱল মুছলমানৰ কথাটো উল্লেখ কৰিলে ? যিহেতু ২০১১ চনৰ পিচত দেশত লোকপিয়ল হোৱাই নাই, তেন্তে তেওঁ কিহৰ ভিত্তিত এই কথা ক'লে ? মুছলমান কাৰ্ডৰ পলিচীয়ে এতিয়া আৰু বিজেপিত কাম নিদিয়ে বুলিও তেওঁ দাবী কৰে ।

আনহাতে, বাংলাদেশৰ পৰা প্ৰতিদিনে বাংলাদেশী আহি অসমত সোমাই আছে আৰু অসম আৰক্ষীয়ে তেওঁলোকক ধৰি পঠিয়াই দিয়ে বুলি কোৱা প্ৰসংগত ৰিপুণ বৰাই প্ৰশ্ন কৰে, এনেধৰণৰ মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয় নেকি । অসমত যদি অনুপ্ৰৱেশ হৈছে তাৰ বাবে দায়ী কোন বুলিও তেওঁ প্ৰশ্ন কৰে । ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়েই দায়ী বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয়, বিদেশীমুক্ত অসম কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল বিজেপিয়ে । গতিকে মুখ্যমন্ত্ৰীৰ শেহতীয়া এইবোৰ কথাৰ পৰাই স্পষ্ট হৈছে যে বিজেপি ইয়াত সম্পূৰ্ণ বিফল হৈছে ।

ইফালে শেহতীয়া মুছলিম বিবাহ আইনৰ সংশোধনী সন্দৰ্ভত তৃণমূলৰ অসম প্ৰদেশৰ সভাপতিগৰাকীয়ে কয় যে আইন আয়োগে শুধৰণিৰ বাবে নোকোৱাকৈয়ে মুখ্যমন্ত্ৰীয়ে ১৯৩৫ চনৰ পৰা চলি থকা আইন এখন কিয় নিঃশেষ কৰিব বিচাৰিছে ? কিন্তু এই ক্ষেত্ৰত মুছলমান সমাজে প্ৰতিবাদ কৰা নাই বা ইয়াৰ বিৰুদ্ধে কোনেও আদালতলৈ যোৱা নাই বুলিও তেওঁ আক্ষেপ কৰে । মুছলমান লোকক লক্ষ্য কৰি লৈ হাৰাশাস্তি কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ব লাগে : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma
লগতে পঢ়ক :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.