ETV Bharat / state

আপোনাৰ ফোন নম্বৰেও কৰিব পাৰে ভাগ্য নিৰ্ণয় ! - Tips by Numerologist - TIPS BY NUMEROLOGIST

Tips by Numerologist Archana Barman: আমাৰ জীৱনত সংখ্যাৰ প্ৰভাৱ কি ? ফোন নম্বৰে কেনেদৰে ভাগ্য নিৰ্ণয় কৰে ? ফোন নম্বৰটো আপোনাৰ বাবে ভাল নে বেয়া সেয়া কেনেদৰে গম পাব ? এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ।

Tips by Numerologist Archana Barman
আপোনাৰ ফোন নম্বৰেও কৰিব পাৰে ভাগ্য নিৰ্ণয় !
author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 6:57 PM IST

আপোনাৰ ফোন নম্বৰেও কৰিব পাৰে ভাগ্য নিৰ্ণয় !

গুৱাহাটী, 9 এপ্ৰিল : আমাৰ সকলোৰে জীৱনত সংখ্যাৰ গুৰুত্ব অধিক। কাৰণ আমি নাজানো আমাৰ ভাগ্য কেনেদৰে সলনি কৰিম বা আমাৰ জীৱনৰ বেয়া প্ৰভাৱসমূহ কেনেদৰে দূৰ কৰিম। সেই বাবে আমি সংখ্যাতত্ত্বৰ সম্পৰ্কে জনাটো অতি গুৰুত্বপূৰ্ণ ।

আমাৰ জন্মৰ তাৰিখটোৰ পৰা আৰম্ভ কৰি আপুনি ব্যৱহাৰ কৰি থকা ফোন নম্বৰ, পানকাৰ্ড নম্বৰ, বেংকৰ পাচবুক, আধাৰ কাৰ্ড নম্বৰ, ATM কাৰ্ড নম্বৰ আদিৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ বস্তুতেই সংখ্যা আছে । এই নম্বৰসমূহৰ অৱদান আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ।

সংখ্যাতত্ত্বত মূলতঃ তিনিটা বস্তু অতি গুৰুত্বপূৰ্ণ সেইকেইটা হৈছে- জন্মৰ তাৰিখ, ফোন নম্বৰ আৰু নাম । এই তিনিটা বস্তুৰ যদি মিল নাথাকে তেন্তে তাৰ প্ৰভাৱ সদায় বেয়াই হ'ব ।

সংখ্যাতত্ত্ব অনুসৰি জন্মৰ তাৰিখটোও আপোনাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিছু এনে লোক আছে যিসকলে তেওঁলোকৰ প্ৰকৃত বা আচল জন্মৰ তাৰিখটো গম নাপায় । যাৰ ফলত তেওঁলোকে নিজেই এটা জন্মৰ তাৰিখ দি বনাই লয় । এই যিটো নতুনকৈ জন্মৰ তাৰিখ বনাই লয় সেইটো যদি মিল নাথাকে তাৰ পৰা কিন্তু জীৱনত বেয়া প্ৰভাৱ সমূহেই আহে । ঠিক তেনেদৰে নিজৰ জন্মৰ তাৰিখটোৰ লগতে যদি আপোনাৰ নামটো মিলি থকা নাই তেতিয়া ভিন্ন ধৰণৰ সমস্যা আপোনাৰ জীৱনত দেখা দিব পাৰে।

ফোন নম্বৰে কেনেদৰে আপোনাৰ ভাগ্য নিৰ্ণয় কৰে ? ফোন নম্বৰটো আপোনাৰ বাবে ভাল নে বেয়া সেয়া কেনেদৰে গম পাব ?

যেতিয়া আপুনি এটা নতুন নম্বৰ লয় তেতিয়া সেই নম্বৰটো লোৱাৰ পাচত তিনিমাহ আপুনি চাব । আপোনাৰ জীৱনটোত ইয়াৰ প্ৰভাৱ কেনেকুৱা ? যদিহে সেই নম্বৰটো ভাল হয় তেন্তে বহু উন্নতি হ'ব বা ভাল প্ৰভাৱ আপোনাৰ জীৱনত দেখা পাব । আৰু যদিহে সেই নম্বৰটো আপোনাৰ জীৱনৰ বাবে বেয়া তেন্তে নম্বৰটো লোৱাৰ পাচৰে পৰা ভিন্ন ধৰণৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত দেখা দিব ।

লগতে পঢ়ক: চৈত্ৰ নৱৰাত্ৰিৰ মহত্ব কি ? কেনেদৰে পালন কৰা হয় এই উৎসৱ... - CHAITRA NAVRATRI 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.