ETV Bharat / state

লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ দেওবৰীয়া সাপ্তাহিক বজাৰ স্থানান্তৰ - Sunday Weekly Market

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 9:29 AM IST

ইতিহাস হ’ল তিনিচুকীয়া চহৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ দেওবৰীয়া সাপ্তাহিক বজাৰ ৷ কালিৰ (দেওবাৰ) পৰা গেলাপুখুৰীৰ বাইপাছ পথস্থিত দেওবাৰ বজাৰস্থলীলৈ স্থানান্তৰ ৷ বজাৰ কৰাৰ লগতে নতুন স্থানত বজাৰখন চাবলৈও বহুলোকৰ সমাগম ঘটিল প্ৰথম দিনটোত ৷

Sunday Weekly Market in Tinsukia
দেওবৰীয়া সাপ্তাহিক বজাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৫ আগষ্ট : ইতিহাস হ’ল তিনিচুকীয়া চহৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ ঐতিহ্যমণ্ডিত দেওবৰীয়া সাপ্তাহিক বজাৰখন । কিয়নো উজনিৰ অন্যতম ব্যৱসায়ীক তথা জনবহুল চহৰ হিচাপে পৰিগণিত তিনিচুকীয়াৰ লোকসকলৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ একমাত্ৰ ভৰসাৰ থল এই দেওবৰীয়া বজাৰখন দেওবাৰৰ পৰা স্থানান্তৰ কৰা হয় গেলাপুখুৰীস্থিত বাইপাছ পথৰ কাষৰ দেওবৰীয়া বজাৰ গৃহলৈ ।

দেওবাৰে নতুন স্থানতে তিনিচুকীয়া পৌৰসভাৰ আহ্বান মৰ্মে দেওবৰীয়া বজাৰখন বহে । পূৰ্বে দেওবাৰ বুলি ক’লেই তিনিচুকীয়া চহৰৰ ছবিখনেই সলনি হৈ পৰে ৷ কিয়নো বহু বছৰ ধৰি প্ৰতি দেওবাৰে চহৰখনৰ মেৰুদণ্ড স্বৰূপ জি এন বি পথ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷

পুৱাৰে পৰা হাতত মোনা লৈ খাদ্য সম্ভাৰ বিচাৰি পথটোত উথপথপ লাগে গ্ৰাহকৰ ৷ তিনিচুকীয়া চহৰৰ লগতে দাঁতিকাষৰীয়া বহুলোকে দেওবাৰৰ দিনটোলৈ আশা কৰি থাকে মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৷ পথৰ দুয়োকাষে শাক-পাচলিৰ পৰা ফল-মূল, চাউল-চিৰা-গুৰ, মাছ-মাংস, কাণী-কাপোৰ, জোতা-চেন্দেল, বাচন-বৰ্তনকে আদি কৰি সকলো সামগ্ৰীৰে ওপচি পৰে বজাৰখন ৷

ক্ৰমশঃ বজাৰখনে কেৱল জি এন বি পথতে সীমাবদ্ধ নাথাকি পৰ্বতীয়া পথ, গেলাপুখুৰী পথ, চলিহা নগৰ পথ, ডি এম লোহিয়া পথ, কলেজ ৰোড আদিলৈ সম্প্ৰসাৰণ ঘটি এক বৃহৎ বজাৰলৈ উন্নীত হৈছে ৷ যোৱা কেইটামান বছৰৰ পৰা সাপ্তাহিক বজাৰখনলৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বৰডুমচা, নামচাই, ডায়ুনৰ লগতে তিনিচুকীয়া জিলাৰ শদিয়া, কাকপথাৰ, জাগুন আদিৰ পৰা বিভিন্ন শাক-পাচলি লৈ বজাৰখনলৈ আগমন ঘটে ভালেসংখ্যক ক্ষুদ্ৰ ব্যৱসায়ী ৷ যাৰ পৰিপ্ৰেক্ষিতত কেইটামান বছৰৰ পৰা বজাৰখনৰ ছবি সলনি হৈ পৰে ৷

মহিলা বিক্ৰেতাৰ সংখ্যা অধিক :

উল্লেখনীয় কথাটো হ'ল বজাৰখনত পুৰুষতকৈ মহিলা বিক্ৰেতাৰ সংখ্যা অধিক । জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্যখনৰ বিভিন্ন গাঁৱৰ পৰা অহা মহিলাসকলে বাৰীৰ শাক-পাচলি আৰু অন্যান্য সা-সামগ্ৰী বজাৰখনত বিক্ৰী কৰিবলৈ আহে ৷ গাঁৱৰ থলুৱা খাদ্য সম্ভাৰৰ জুটি লৈ ভালপোৱাসকলে পুৱাই নিজৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দেওবাৰৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে ।

ঢেঁকীয়া, চেংমৰা, টেঙেচী, মচন্দৰী, মানুমুনি, মাটিকাদুৰী, লাই, লফা, পালেং, চোকা আদি বিভিন্ন শাক-পাতৰ পৰা বেতগাঁজ-বাঁহগাঁজলৈ, ঔ-টেঙাৰ পৰা বতৰৰ ফল কমলা, কৰদৈ, ৰবাব টেঙালৈকে উপলব্ধ বজাৰখন সকলোৰে প্ৰিয় ৷ অৱশ্যে এই বজাৰখনে দেওবাৰৰ দিনটোত তিনিচুকীয়া চহৰখনক একপ্ৰকাৰে অচল কৰি তোলে ৷

জি এন বি পথটো বজাৰৰ দিনা আঁহততল চাৰিআলিৰ পৰা সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয় ৷ সেইদৰে পথটোৰ আনটো মূৰৰ চাইডিং চাৰিআলিৰ পৰা যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হয় ৷

৫.৪৮ কোটি টকাৰে বজাৰগৃহ নিৰ্মাণ :

চহৰখনৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নগৰ আৰু গাঁও পৰিকল্পনা বিভাগে এই বজাৰখন চহৰৰ মাজমজিয়াৰ পৰা আঁতৰাই নিবলৈ গেলাপুখুৰীৰ সমীপৰ বাইপাচত প্ৰায় ৫.৪৮ কোটি টকা ব্যয়ে সাপেক্ষে এক বজাৰগৃহ নিৰ্মাণ কৰে ৷ উক্ত বজাৰগৃহটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতে তিনিচুকীয়া পৌৰসভাক অৰ্পন কৰা হয় ৷ যিহেতু তিনিচুকীয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰখন তিনিচুকীয়া পৌৰসভাৰ অধীনত চলে ৷

শুক্ৰবাৰে দেওবৰীয়া বজাৰখনৰ নিবিদা মুকলি হয় ৷ নিবিদাযোগে মানস বৰগোহাঁই নামৰ এজন স্থানীয় যুৱকে বজাৰখন লাভ কৰে ৷ ইফালে, যোৱা তিনিটা সপ্তাহৰ পৰা বজাৰখন বাইপাচৰ নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰ কৰাৰ বিষয়ে বেপাৰীসকলক অৱগত কৰি আহিছিল পৌৰসভাই ৷

বজাৰ স্থানান্তৰ কৰাত আপত্তি :

এই স্থানান্তৰক লৈ বহু বেপাৰীয়ে আপত্তি দৰ্শাই আহিছে ৷ কিয়নো চহৰৰ পৰা কেইবা কিলোমিটাৰ দূৰৈত নিৰ্মাণ কৰা বজাৰখনলৈ ক্ৰেতা নাযাব বুলি তেওঁলোকে আশংকা কৰিছে ৷ কিন্তু কালি প্ৰথম দিনটোত ক্ৰেতা-বিক্ৰেতাই ভৰি পৰে বজাৰস্থলী ।

বিক্ৰেতাসকলে ক্ৰেতা নাহিব বুলি ভয় খাইছিল যদিও প্ৰথম দিনটোত বজাৰ কৰিবলৈ ক্ৰেতাসকল অহাৰ লগতে বজাৰখন চাবলৈও উপস্থিত হয় বহু স্থানীয় লোক ৷ কিন্তু দূৰদূৰণিৰ পৰা থলুৱা শাকপাচলি বিক্ৰী কৰিবলৈ অহা লোকসকলে পূৰ্বৰ দৰে ক্ৰেতাসকল অহা নাই বুলি মনত দুঃখ কৰে ৷

সুকীয়া শাক-পাচলিৰ বজাৰ:

উল্লেখযোগ্য যে তিনিচুকীয়াৰ দৈনিক বজাৰস্থলীত আছে এখন সুকীয়া শাক-পাচলিৰ বজাৰ ৷ সেইগতিকে দেওবাৰেও উক্ত বজাৰখন খোলা হোৱাৰ বাবে বাইপাছ পথস্থিত চহৰৰ পৰা কিছু নিলগত অৱস্থিত দেওবৰীয়া বজাৰখনলৈ চহৰখনৰৰ অধিকাংশ অহাৰ পৰিৱৰ্তে দৈনিক বজাৰৰ পৰাই শাকপাচলি ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:কেৱল পাঠ্যপুথিৰ শিক্ষাতেই সম্ভৱনে জীৱন যুদ্ধত আগবাঢ়ি যোৱাটো ?

অসমতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এখন বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.