ETV Bharat / state

ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ - Suicide during FB live

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 12:21 PM IST

Suicide case in Guwahati : ফেচবুক লাইভ চলি থাকোতে যুৱকৰ আত্মহত্যা ৷ গুৱাহাটীৰ জু-ৰোডৰ ভাস্কৰ নগৰত সংঘটিত হৈছে এই ঘটনাটো ৷

Suicide case in Guwahati
ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ (ETV Bharat Assam)

গুৱাহাটী, 30 জুন : ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহননৰ ঘটনা ৷ সামাজিক মাধ্যম ফেচবুকৰ লাইভতেই আত্মহননৰ সিদ্ধান্ত গ্ৰহণ কৰে এজন যুৱকে ৷

গুৱাহাটীৰ ভাস্কৰ নগৰত শনিবাৰৰ সন্ধিয়া সংঘটিত হৈছে এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাটো । আত্মহত্যা কৰা যুৱকজন নলবাৰী জিলাৰ টিহুৰ মৃণ্ময় তালুকদাৰ বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ জু-ৰোডৰ ভাস্কৰ নগৰৰ এটা ঘৰত ভাৰাত আছিল নলবাৰীৰ যুৱকজন ৷ উক্ত ভাৰাঘৰটোতেই চৰম সিদ্ধান্ত গ্ৰহণ কৰে টিহুৰ মৃণ্ময় তালুকদাৰে ৷

জানিব পৰা মতে, সামাজিক মাধ্যম ফেচবুকত লাইভ চলি থকা অৱস্থাতে চিপ লগাই যুৱকজনে চৰম পন্থা বাছি লৈছে । যুৱকজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই । উল্লেখ্য যে, গুৱাহাটীত এজন বন্ধুৰ ঘৰত ভাৰাতীয়া হিচাপে থকা যুৱকজন পেছাত এজন ফটোগ্রাফাৰ ।

লগতে পঢ়ক: পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ - Girl committed suicide

যুৱকজনে ফেচবুকত লাইভ চলাই আত্মহত্যা কৰিব বুলি সদৰী কৰাৰ পিচতে তেওঁৰ একাংশ বন্ধুৱে মহানগৰ আৰক্ষীক এই বিষয়ে অৱগত কৰে । এই তথ্যৰ ভিত্তিত ঘটনাস্থলীত চানমাৰি থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱকজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে যুৱকজনে চৰম পন্থা গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ।

ঘটনা সন্দৰ্ভত চান্দমাৰি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে যুৱকজনৰ আত্মহত্যা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইফালে মদ্যপান কৰি প্ৰায়ে বন্ধু তথা পৰিয়ালৰ সৈতে যুৱকজন কাজিয়াত লিপ্ত হৈছিল বুলিও আৰক্ষীক যুৱকজনৰ ঘনিষ্ঠই অৱগত কৰে ।

লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন ক’ত ? প্ৰতিবেদন ৰাজহুৱা নোহোৱাক লৈ প্ৰশ্ন ভিন্নজনৰ - ULFA I GRENADE ATTACK

মাজুলীত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা - SUICIDE CASE IN MAJULI

ঋণৰ বোজা সহিব নোৱাৰি নুনমাটিত আত্মহত্যা যুৱকৰ - Suicide case in Noonmati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.