ETV Bharat / state

কলিয়াবৰৰ অটব্য অৰণ্যত সন্ধানহীন বৃদ্ধ, পোৱা গৈছে ব্যৱহৃত সামগ্ৰী - Tiger Terror in Kaliabor

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Man missing in forest in Kaliabor : বাঘৰ আতংকৰ মাজতে কলিয়াবৰত নিৰুদ্দেশ এজন লোক । পাহাৰৰ পৰা খৰি আনিবলৈ গৈ বিগত তেৰদিনে নিৰুদ্দেশ হৈ আছে লোকজন । আৰক্ষী আৰু বন বিভাগৰ লোকে অভিযান চলায়ো লাভ কৰা নাই সন্ধান ৷ লাভ কৰা গৈছে লোকজনৰ কাপোৰৰ লগতে টকা আৰু ধপাতৰ টেমা ৷

Man missing in forest in Kaliabor
কলিয়াবৰৰ অটব্য অৰণ্যত সন্ধানহীন বৃদ্ধ (ETV Bharat Assam)

কলিয়াবৰ, ২৩ ছেপ্টেম্বৰ : কলিয়াবৰত এজন লোক নিৰুদ্দেশ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । খৰি কাটিবলৈ যাওঁতে পাহাৰত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰাৰ সন্দেহ পৰিয়ালৰ ।

কলিয়াবৰ চাহ বাগিচাৰ অন্তৰ্গত সোণাৰি শাখাৰ ৪ নং লাইনৰ সমীপৰ শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ অতি দুৰ্গম স্থানত স্থানীয় ৰাইজে পাহাৰৰ ভিতৰত প্ৰত্যক্ষ কৰিছে মহাদেউৱে পিন্ধা পেন্টৰ লগতে টকা, চাধা টেমা আদি । সোণাৰি শাখা বাগিচাৰ হাস্পতাল লাইনৰ প্ৰায় ৬৫ বছৰীয়া মহাদেউ তাছা আজিৰ পৰা ১৩ দিন পূৰ্বেই নিৰুদ্দেশ হৈছিল ।

উল্লেখ্য যে মহাদেউ তাছাই প্ৰায়েই বাগিচাৰ গাতে লাগি থকা কামাখ্যা সংৰক্ষিত বনাঞ্চলত খৰি কাটিবলৈ যায় । পৰিয়ালৰ মতে ১৩ দিন পূৰ্বেও খৰি বিচাৰি যোৱাৰ পিছৰে পৰাই নোহোৱা হৈছিল মহাদেউ । বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সন্ধান নোপোৱাত শিলঘাট আৰক্ষীকো নিৰুদ্দেশ হোৱাৰ এক গোচৰ দিছিল ।

সোমবাৰে পুত্ৰ আৰু স্থানীয় লোকে কামাখ্যা সংৰক্ষিত বনাঞ্চল তথা পাহাৰত বিচাৰিবলৈ যাওতেই মহাদেউ তাছাই পিন্ধা পেণ্ট আৰু দুঠাইত গোটাই থোৱা খৰি উদ্ধাৰ কৰে যদিও মানুহজনৰ কোনো সন্ধান নাপালে । পিছত বিষয়টো আৰক্ষী আৰু বন বিভাগক অৱগত কৰোৱাত আৰক্ষীৰ সহযোগত বন বিভাগৰ লোকে বনাঞ্চলৰ অতি দুৰ্গম স্থানত অভিযান চলাই যদিও পেন্ট আৰু খৰিৰ লগতে সমীপতে বাঘৰ খোজ প্ৰত্যক্ষ কৰে ৷

অঞ্চলটোত কেবাটাও ঢেকীয়াপতীয়া বাঘ থকাৰ প্ৰতি লক্ষ্য ৰাখি তাছাক বাঘে খোৱা বুলি পৰিয়াল, স্থানীয় লোকে সন্দেহ কৰিছে ৷ তথাপি বন বিভাগ বা আৰক্ষীয়ে প্ৰমাণ লাভ নকৰা পৰ্যন্ত বাঘে আক্ৰমণ কৰা বা বাঘে খোৱা বুলি নিশ্চিত হোৱা নাই ।

লগতে পঢ়ক : দিনতে পথত বিচৰণ বনৰজাৰ, দিশহাৰা বন বিভাগ

ছাগলীয়ে মাতিব, বাঘ আহি পিঞ্জৰাত সোমাব : আশাত বন্দী বন বিভাগ

কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘক পিঞ্জৰাবদ্ধ কৰাৰ আশ্বাস বন বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.