ETV Bharat / state

বাঘ ধৰিবলৈ কলিয়াবৰলৈ আহিব বিশেষজ্ঞৰ দল: ট্ৰেংকুলাইজ কৰি হ’লেও বাঘ খেদাৰ আশ্বাস কেশৱ মহন্তৰ - Tiger menace in Kaliabor

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:32 AM IST

Fear of tiger: কলিয়াবৰত অব্যাহত আছে তিনিটাকৈ ঢেকীয়াপতীয়াৰ আতংক । তাৰ মাজতে বৃহস্পতিবাৰে নিশা পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই । বাঘৰ ত্ৰাস নিয়ন্ত্ৰণৰ বাবে কলিয়াবৰলৈ বন বিভাগৰ বিশেষজ্ঞৰ দল আহিব বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ।

Minister Keshab Mahanta on Tiger Terror
বাঘ নিয়ন্ত্ৰণৰ বাবে কলিয়াবৰলৈ আহিব বিশেষজ্ঞৰ দল; মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

কলিয়াবৰ, ১৩ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে কলিয়াবৰৰ বাঘৰ বিচৰণস্থলীত উপস্থিত হৈ বিভাগীয় আৰু প্ৰশাসনীয় বিষয়াৰে বাঘৰ সন্ত্ৰাস নিৰ্মূলৰ বিষয়ক লৈ আলোচনাত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত । উল্লেখ্য যে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ সোণাৰী গাঁও, কামাখ্যা, নাম-কামাখ্যা গাঁৱৰ লগতে কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপতীয়াই সন্ত্ৰাস সৃষ্টি কৰি আহিছে । আনহাতে, দিনক-দিনে এই সন্ত্ৰাস বৃদ্ধি হ'বলৈ ধৰিছে । ফলস্বৰূপে সন্ত্ৰাসিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

কলিয়াবৰত বাঘৰ বিচৰণস্থলীত মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

ইফালে বন বিভাগে ধাৰাবাহিকভাৱে বাঘৰ সন্ত্ৰাস ৰোধৰ চেষ্টা চলাই আহিছে যদিও তিনিটাকৈ বাঘৰ বিচৰণ আজিও অব্যাহত আছে । চুবুৰীয়া গাঁওকেইখনৰ বহুকেইটা পোহনীয়া গৰু-ছাগলী বাঘৰ চিকাৰ হৈছে । আনকি দিন-দুপৰতে বাঘে গাঁৱত প্ৰৱেশ কৰাৰ উপৰি গাঁওকেইখনৰ মাজেৰে পাৰ হৈ যোৱা জখলাবন্ধা-শিলঘাট পথত বিচৰণ কৰাৰ বাবে পথাচাৰীৰো নিৰপত্তা বিঘ্নিত কৰিছে । বাঘ বন্দী কৰিবলৈ বন বিভাগে পিঞ্জৰা স্থাপন কৰিছে যদিও এই পৰ্যন্ত সফল হ'ব পৰা নাই বন বিভাগ ।

আনহাতে, কামাখ্যা গাঁৱৰ পৰা কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে শিলঘাটৰ কামাখ্যা দেৱালয় সংযোগী পথছোৱাও জনসাধাৰণৰ যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে । তৎসত্ত্বেও বাঘৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিব নোৱৰাত অব্যাহত থকা বাঘৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী ।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিয়লি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই বাঘৰ উপদ্ৰৱ বিষয়ে বুজ ল'বলৈ অঞ্চলটো পৰিদৰ্শন কৰে । নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, বনাঞ্চলিক বিষয়া, কলিয়াবৰ মহকুমাৰ প্ৰশাসনিক বিষয়াৰ উপস্থিতিত স্থানীয় ৰাইজেৰে সমগ্ৰ বিষয়টো আলোচনা কৰে ।

এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, "বন বিভাগে বাঘ বন্দী কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁলোকে পিঞ্জৰাও স্থাপন কৰিছে । কিন্তু সফল হ'ব পৰা নাই । গতিকে এতিয়া পৰিস্থিতি যাতে অধিক ভয়াৱহ নহয় তাৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।"

বাঘ নিয়ন্ত্ৰণৰ চেষ্টা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "বন বিভাগৰ ওপৰ মহলাৰ লগত আলোচনা কৰি বাঘ ট্ৰেংকুলাইজাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে । শুকুৰবাৰৰ পৰা ট্ৰেংকুলাইজাৰৰ বিশেষজ্ঞ দল কলিয়াবৰত উপস্থিত হ'ব । লগতে বাঘ খেদিবৰ বাবে প্ৰশিক্ষিত হাতীয়েও এই অভিযানত সহায় কৰিব । বনকৰ্মীৰ সংখ্যা বঢ়োৱাৰ লগতে বাহনৰ ব্যৱস্থা কৰিবলৈও বন বিভাগক কোৱা হৈছে ।"

তেওঁ লগতে কয়, "বন সুৰক্ষা কৰ্মীকো নিয়োজিত কৰিব বন বিভাগে । এই সম্পৰ্কে বন বিভাগৰ মুখ্য কাৰ্যালয়ত উচ্চ পদস্থ বিষয়াসকলে আলোচনা কৰিছে । আশা কৰিছোঁ এই সকলোবোৰ ব্যৱস্থাৰ জৰিয়তে এই স্থানৰ পৰা বাঘ খেদি পঠিয়াব পৰা যাব ।"

বাঘৰ সন্ত্ৰাস সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, "শেহতীয়াকৈ কামাখ্যা-শিলঘাট সংৰক্ষিত বনাঞ্চলৰ সমীপৰ অঞ্চলটোত চেগা-চোৰোকাকৈ বাঘৰ উপস্থিতি দেখা গৈছিল যদিও এতিয়া ই সমস্যাৰ সৃষ্টি কৰিছে, বহুকেইটা পশুধন নিধন কৰিছে । এই অঞ্চলটো বনৰীয়া হাতীৰো উপদ্ৰৱৰ সন্মুখীন হৈ আহিছে । এতিয়া বাঘৰ উপদ্ৰৱত ৰাইজ শংকিত হৈছে ।" সেয়ে এই ব্যৱস্থাৰ জৰিয়তে এই সমস্যা দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । লগতে কামাখ্যা দেৱালয়-কামাখ্যা গাঁও সংযোগী পথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া প্ৰসংগত পথটোত নিৰপত্তাৰক্ষী মোতায়ন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জনায় ।

লগতে পঢ়ক :দিনতে পথত বিচৰণ বনৰজাৰ, দিশহাৰা বন বিভাগ - Tiger scare at Kaliabor
লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ‍্যনৰ - The Corbett Foundation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.