ETV Bharat / state

ধনমণি ডেকাক আঢ়ৈ ঘণ্টা মুখত লৈ ঘূৰি ফুৰিছিল ওৰাঙৰ বাঘটোৱে - Tiger Attack

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 3:54 PM IST

Tiger attack in Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এগৰাকী গৃহৰক্ষী জোৱানক বাঘে প্ৰায় তিনি কিলোমিটাৰ অঞ্চলত মুখত লৈ চোঁচৰাই থাকিল ৷ প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত উদ্ধাৰ কৰা হ’ল গৃহৰক্ষীগৰাকীক ৷ সহকৰ্মীয়ে জনালে শিহৰণকাৰী দৃশ্যটোৰ বিষয়ে ৷

TIGER ATTACK
তিনি কিলোমিটাৰ অঞ্চলত বাঘে মুখত লৈ থাকিল ধনমণি ডেকাক (ETV Bharat Assam)

দৰং, ২৯ আগষ্ট : এটা প্ৰকাণ্ড বাঘে প্ৰায় 3 কিঃমিঃপৰ্যন্ত চোঁচৰাই লৈ গ’ল এগৰাকী গৃহৰক্ষী জোৱানক ৷ বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত এই ঘটনাই শিহৰিত কৰিছে প্ৰতিগৰাকী লোককে ৷ হাতত ৰাইফল লৈ গৈ থকা অৱস্থাতে সতীৰ্থৰ সন্মুখৰ পৰাই বাঘে গৃহৰক্ষী জোৱানজনক থপিয়াই লৈ গ’ল ঘন জংঘলৰ মাজলৈ ।

বুধবাৰে সন্ধিয়াৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ বন শিবিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ধনমণি ডেকা আৰু হাতীৰ মাউত শ্বাহাজুল হকৰ সৈতে হাতী লৰাবলৈ পাঁচনৈৰ পাৰে পাৰে কাহিবাৰী বন শিবিৰলৈ গৈছিল । সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা । এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰি ধনমণি ডেকাক জংঘললৈ লৈ যোৱাৰ সময়তে গৃহৰক্ষীগৰাকীয়ে চিঞৰি মাতিছিল সতীৰ্থ শ্বাহাজুল হকক ।

সেই সময়তে শ্বাহাজুল হকে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা । ধনমণিক কিছু নিলগলৈ চোঁচৰাই লৈ যোৱাৰ পিছতে ধনমণিৰ হাতৰ পৰা পৰি যায় ৰাইফলটো । পিছত সতীৰ্থ হাতীৰ মাউত শ্বাহাজুল হকে কেবাজায়ো গুলী ফুটুৱাৰ পিছতো বাঘে এৰি দিয়া নাছিল ধনমণিক । তৎক্ষণাত সেই খবৰ বিয়পি পৰে সমগ্ৰ উদ্যানত৷ তাৰ পিছতেই উদ্যানখনত চলে ধনমণিক বিচাৰি তীব্ৰ উদ্ধাৰ অভিযান ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ১০ টা হাতীৰ জৰিয়তে ৫০ গৰাকী বনকৰ্মীৰ দলে চলাই অভিযান । প্ৰায় আঢ়ৈ ঘণ্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ হয় সৎ, আদৰ্শবান তথা সদায় সকলো কামত আগভাগ লোৱা ধনমণি ডেকাৰ মৃতদেহ । এই ঘটনাই সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : বাঘৰ আক্ৰমণত নিহত বনকৰ্মী : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা

ধিঙত ত্ৰাস চলাই থকা বাঘটোৰ মৃত্যু

বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.