ETV Bharat / state

প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 8:13 PM IST

Updated : May 28, 2024, 8:31 PM IST

Cyclone Remal: সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে । ৰেমলৰ ফলত ইতিমধ্যে ৰাজ্যজুৰি ৩ জনৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৭ জন লোক আহত হৈছে ৷ ঠায়ে ঠায়ে ব্যাহত হৈছে বিদ্যুৎ সেৱা ।

Cyclone Remal
প্ৰচণ্ড ধুমুহা-বৰষুণত তিনিজনৰ মৃত্যু (ETV BHARAT ASSAM)

গুৱাহাটী, ২৮ মে’: ৰেমলৰ প্ৰভাৱত প্ৰৱল ধুমুহা আৰু বৰষুণৰ কৱলত পৰিছে ৰাজ্য । সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ বাবে যোৱানিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ । নিশাৰে পৰা হোৱা প্ৰৱল ধুমুহা আৰু বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি হৈছে । বিভিন্ন স্থানত গছ বাগৰি পৰাৰ ফলত সংঘটিত হৈছে বহুকেইটা ঘটনা । গুৱাহাটী মহানগৰীত গছ উভালি পৰাৰ বাবেই এজন যুৱকৰ মৃত্যু হয় । ঘৰত শুই থকা অৱস্থাত বৃহৎ চেগুন গছ পৰি মৃত্যু হোৱা যুৱকজনৰ নাম মিণ্টু তালুকদাৰ । এই ঘটনাত যুৱকজনৰ পিতৃও আঘাতপ্ৰাপ্ত হয় ।

পাঞ্জাবাৰীৰ হিল চাইডৰ নৱজ্যোতি নগৰৰ ৪নং বাইলেনৰ বাসিন্দা মিণ্টু তালুকদাৰৰ বয়স ১৯ বছৰ । মিণ্টু তালুকদাৰ দিছপুৰ কলেজৰ স্নাতক মহলাৰ ছাত্র আছিল । ঘটনাটো পুৱতি নিশাৰ । শুই থকা অৱস্থাতে প্ৰচণ্ড ধুমুহাত এজোপা বৃহৎ গছ উভালি ঘৰৰ ওপৰত পৰে । এই ঘটনাত বিবেক তালুকদাৰ (৫৪) আৰু তেওঁৰ পুত্র মিণ্টু তালুকদাৰ আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক লগে লগে ছয়মাইলৰ জি এন আৰ চি হাস্পতাললৈ নিয়া হয় যদিও মিণ্টু তালুকদাৰৰ ইতিমধ্যে মৃত্যু হয় । আনহাতে বিবেক তালুকদাৰক চিকিৎস‍াৰ পাচত ঘৰলৈ যাবলৈ দিয়া হয় । এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে শেহতীয়া ২৪ ঘণ্টাত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি-আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং জিলা ধুমুহাৰ কৱলত পৰিছে । আনহাতে ৫১ খন ৰাজহ চক্ৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে ক্ষতিগ্ৰস্ত এলেকাসমূহত এন ডি আৰ এফ, এছ ডি আৰ এফ, জৰুৰীকালীন সেৱা, আৰক্ষীৰ জোৱানে সংশ্লিষ্ট জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াইছে । ৰাস্তাত পৰা গছসমূহ আঁতৰাই যাতায়াত ব্যৱস্থা সুচল কৰা হৈছে ।

লগতে পঢ়ক: ৰেমলক লৈ কিদৰে অৱলম্বন কৰিব সাৱধানতা ? - Cyclone Remal

ইফালে বিগত ২৪ ঘণ্টাত ধুমুহাৰ কাৰণে তিনিজনৰ মৃত্যু হোৱা বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জানিবলৈ দিয়ে । ইয়াৰে এগৰাকী কামৰূপৰ, এজন মৰিগাঁৱৰ আৰু এজন গুৱাহাটী মহানগৰীৰ । আনহাতে শোণিতপুৰ আৰু মৰিগাঁৱত ধুমুহাৰ ঘটনাত ১৭ জনকৈ লোক আহত হৈছে । কিন্তু চৰকাৰী সূত্ৰৰ তথ্যৰ বিপৰীতে এই সংখ্যা বেছি হ'ব বুলি স্থানীয় সূত্ৰই সন্দেহ কৰিছে । কাৰণ গুৱাহাটী মহানগৰীতো কেইবাজনো লোক আহত হৈছে । ধুমুহাত মৃত্যু হোৱা মৰিগাঁৱৰ যুৱকজনৰ নাম কৌশিক বৰদলৈ আম্ফি বুলি জানিব পৰা গৈছে । গছ বাগৰি পৰাৰ বাবে যুৱকজনৰ মৃত্যু হয় ।

আনহাতে গছ বাগৰি কামৰূপ জিলাত মৃত্যু হয় আন এগৰাকী মহিলাৰ । তেওঁৰ নাম ৬০ বছৰীয়া লাৱণ্য কুমাৰী বুলি জানিব পৰা গৈছে । দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁৱৰ লাবণ্য কুমাৰীৰ গাত গছ বাগৰি পৰাৰ বাবে গুৰুতৰভাৱে আহত হৈছিল । সংকটজনক অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁৰ মৃত্যু হয় । আনহাতে পাহাৰ অঞ্চলটো ধুমুহাৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে । ইফালে গুৱাহাটীৰ বিভিন্ন স্থানত যোৱানিশাৰে পৰা বিদ্যুৎ সেৱা ব্যাহত হৈ আছে । ফলত মহানগৰবাসীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ওডিশাৰ পৰাই ক্ষয়-ক্ষতিৰ বুজ লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : সন্ধিয়া জৰুৰী বৈঠক - Cyclone Remal

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱ : সষ্টম হৈ আছে ৰাজ্য চৰকাৰ, লাভ কৰিব তাৎক্ষণিক ক্ষতিপূৰণ - CYCLONE REMAL

Last Updated : May 28, 2024, 8:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.