গুৱাহাটী, 2 আগষ্ট : ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে অসমৰ তিনিখন চহৰ ৷ লগতে গুৱাহাটীৰ সমীপৱৰ্তী অসম-মেঘালয় সীমাঞ্চলৰ বৰ্ণিহাটক দেশৰ সৰ্বাধিক প্ৰদূষিত স্থান বুলি চিহ্নিত কৰা হৈছে ৷ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন পর্যন্ত দেশজুৰি চলোৱা এটা সমীক্ষাৰ অন্তত 'চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনার্জী এণ্ড ক্লীন এয়াৰ' (centre for research on energy and clean air) নামৰ সংস্থাটোৱে অসমৰ তিনিখন চহৰ নলবাৰী, গুৱাহাটী আৰু নগাঁৱক প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰিছে ৷

গুৱাহাটীৰ সমীপৱৰ্তী অসম-মেঘালয় সীমাঞ্চলৰ বৰ্ণিহাটক দেশৰ সৰ্বাধিক প্ৰদূষিত নগৰ বুলি সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি বৰ্ণিহাটৰ বায়ুমণ্ডলত ভাসমান কণা 2.5 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত 140 মাইক্ৰ' গ্ৰাম ৷ জনস্বাস্থ্যৰ বাবে বায়ুমণ্ডলত 2.5 ৰ অধিক উপস্থিতি অতি ক্ষতিকাৰক ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ুমণ্ডলত ভাসমান কণা 2.5 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত 5 মাইক্ৰ' গ্ৰামৰ অধিক হ'ব নালাগে ৷ সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ 140 খন চহৰৰ ভিতৰত 180 দিনৰ ভিতৰত 118 বাৰেই সৰ্বাধিক প্ৰদূষিত নগৰ ৰূপে পৰিগণিত হৈ তালিকাত শীৰ্ষস্থান দখল কৰিছে বৰ্ণিহাটে ৷

ইফালে সংস্থাটোৰ প্ৰতিবেদন অনুসৰি দেশৰ 140 টা স্থানৰ ভিতৰত বৰ্ণিহাট প্ৰথম, দ্বিতীয় হাৰিয়ানাৰ ফৰিদাবাদ আৰু তৃতীয় স্থানত আছে দিল্লী ৷ আকৌ প্ৰদূষিত চহৰ হিচাবে অসমৰ নলবাৰী 23 সংখ্যক, গুৱাহাটী 29 সংখ্যক আৰু নগাঁও 49 নম্বৰত আছে ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি নলবাৰীত বায়ুমণ্ডলত ভাসমান কণা 2.5 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত 77 মাইক্ৰ' গ্ৰাম ৷ গুৱাহাটীত বায়ুমণ্ডলত ভাসমান কণা 2.5 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত 75 মাইক্ৰ' গ্ৰাম ৷ নগাঁৱত বায়ুমণ্ডলত ভাসমান কণা 2.5 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত 62 মাইক্ৰ' গ্ৰাম ৷

আনহাতে সংস্থাটোৰ প্ৰতিবেদন অনুসৰি বৰ্ণিহাটত প্ৰদূষণৰ মাত্ৰা 180 দিনৰ ভিতৰত 137 দিন অতি উদ্বেগকজনক আছিল ৷ আকৌ নলবাৰীত প্ৰদূষণৰ মাত্ৰা 180 দিনৰ ভিতৰত 68 দিন অতি উদ্বেগকজনক আছিল ৷ গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা 180 দিনৰ ভিতৰত 65 দিন অতি উদ্বেগকজনক আছিল ৷ আনহাতে নগাঁৱত প্ৰদূষণৰ মাত্ৰা 180 দিনৰ ভিতৰত 43 দিন অতি উদ্বেগকজনক আছিল ৷
লগতে পঢ়ক : প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পুঁজিৰ সৰ্বাধিক ব্যৱহাৰ : দ্বিতীয় স্থানত হায়দৰাবাদ - National Clean Air Program