ETV Bharat / state

মিতভাষৰ স্ৰষ্টাৰ তিনিখন আত্মজীৱনীমূলক গ্ৰন্থৰ শুভ-অর্পণ অনুষ্ঠান - DR NAGEN SAIKIA

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:24 PM IST

Autobiographies of Nagen Saikia: ডিব্ৰুগড়ৰ আশ্রয়/বর্ণমালাত ড৹ নগেন শইকীয়াৰ আত্মজীৱনী 'ধূলিৰ ধেমালি','পৰ্বান্তৰৰ আলেখ্য' আৰু 'এবাৰ উভতি চাওঁ'ৰ এক ব্য়তিক্ৰমী অনুষ্ঠান ।

Autobiographies of Nagen Saikia
ড৹ নগেন শইকীয়াৰ আত্মজীৱনীমূলক গ্ৰন্থ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, ১২ জুলাই: অসমীয়া সাহিত্য আৰু সমাজ-জীৱন সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়াই সাহিত্য সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে । বিভিন্ন মূল্যৱান গ্ৰন্থ ৰচনাৰে ইতিমধ্যে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিকগৰাকীৰ তিনিখনকৈ আত্মজীৱনীমূলক গ্ৰন্থ আহিব পাঠকৰ মাজলৈ । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াৰ আত্মজীৱনী তিনিখন গ্ৰন্থ ক্রমে-'ধূলিৰ ধেমালি','পৰ্বান্তৰৰ আলেখ্য' আৰু 'এবাৰ উভতি চাওঁ' শুক্ৰবাৰে সাহিত্যিকগৰাকীৰ ডিব্ৰুগড়ৰ নিজা বাসভৱন আশ্রয়/বর্ণমালাত এক শুভ-অর্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ-অর্পণ অনুষ্ঠান অনুষ্ঠিত কৰে গ্ৰন্থ তিনিখন প্ৰকাশ কৰা প্ৰকাশন গোষ্ঠী বনলতাই । প্ৰকাশন গোষ্ঠীৰ হৈ অনন্ত হাজৰিকা, প্রদ্যুৎ হাজৰিকা আৰু মনিষ হাজৰিকাই বিশিষ্ট সাহিত্যিক গৰাকীৰ হাতত গ্ৰন্থ তিনিখন আনুষ্ঠানিকভাৱে অৰ্পণ কৰে । গ্ৰন্থ তিনিখন গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই কয়," আজিৰ এই অনুষ্ঠানটোৱে মোক আধৰুৱা কাম সমূহ সম্পূৰ্ণ কৰাত অনুপ্ৰাণিত কৰিছে । "

অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকা, বিশিষ্ট অনুবাদ সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰদিয়া, শিক্ষাবিদ ড৹ ৰঘুনাথ বৰবৰা, শেৱালী বৰবৰাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

এই অনুষ্ঠানটোত বনলতা প্ৰকাশন গোষ্ঠীৰ হৈ অনন্ত হাজৰিকাই কয়," আজিৰ দিনটো বনলতা পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন । বিশিষ্ট সাহিত্যিকগৰাকীৰ তিনিখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই গৌৰৱান্বিত হৈছো ।" পাঠক সমাজে এই আত্মজীৱনী তিনিখন আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন

সৰুপথাৰত জুহালৰ গল্প শীৰ্ষক গল্প সংকলন উন্মোচন - Book Released

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.