ETV Bharat / state

এইবাৰ কামাখ্যা ধামলৈ যাব লাগিব খালী ভৰিৰে, কিন্তু কিয় ? - AMBUBACHI MELA 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:26 PM IST

Kamakhya Dham : অম্বুবাচীৰ সময়ত কামাখ্যাত পেলনীয়া জোতা-চেণ্ডেলক লৈ অসুবিধাত পৰি আহিছে প্ৰশাসন ৷ সেয়েহে প্ৰশাসনে এইবাৰ লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

AMBUBACHI MELA
আৰম্ভ হৈছে মহা অম্বুবাচী মেলা (ETV BHARAT ASSAM)

গুৱাহাটী, 22 জুন : আজিৰে পৰা আৰম্ভ হৈছে মা কামাখ্যা ধামৰ মহা অম্বুবাচী মেলা ৷ আপুনিও যদি অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ যোৱাৰ কথা ভাবিছে তেন্তে কিন্তু এইবাৰ যাব লাগিব খালী ভৰিৰে ৷ ভক্তসকল নীলাচল পাহাৰলৈ উঠিব নোৱাৰিব জোতা-চেণ্ডেল পিন্ধি ৷ এইবাৰ 25 লাখতকৈয়ো অধিক দৰ্শনাৰ্থীয়ে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে নীলাচল পাহাৰত ভিৰ কৰিবহি বুলি আশা কৰা হৈছে ৷ দীৰ্ঘদিন ধৰি অম্বুবাচীৰ সময়ত কামাখ্যাত পেলনীয়া জোতা-চেণ্ডেলক লৈ অসুবিধাত পৰি আহিছে প্ৰশাসন ৷ সেয়েহে প্ৰশাসনে এইবাৰ লৈছে এক কঠোৰ সিদ্ধান্ত ৷

নীলাচল পাহাৰলৈ উঠিব নোৱাৰিব জোতা-চেণ্ডেল লৈ (ETV BHARAT ASSAM)

প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি কামাখ্যা মন্দিৰলৈ অম্বুবাচী মেলাৰ বাবে অহা সকলো ব্যক্তিয়েই নীলাচল পাহাৰৰ পাদ দেশতেই থৈ যাব লাগিব নিজৰ জোতা-চেণ্ডেল ৷ প্ৰশাসনে তলতেই জোতা-চেণ্ডেল থৈ যাব পৰাৰ ব্যৱস্থা কৰিছে ৷ গড়ে দৈনিক সাতৰ পৰা আঠ লাখ মানুহৰ ভিৰ হ’ব কামাখ্যা ধামত ৷ অৰ্থাৎ দিনটোত প্ৰায় সাত লক্ষাধিক লোকৰ জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব লাগিব প্ৰশাসনে ৷

কামাখ্যালৈ কিয় নিব নোৱাৰিব জোতা-চেণ্ডেল:

মা কামাখ্যা ধামলৈ অহা ভক্তসকলে এইবাৰ নীলাচল পাহাৰলৈ উঠাৰ পূৰ্বে পাদ দেশতেই থৈ যাব লাগিব নিজৰ জোতা-চেণ্ডেল ৷ খালী ভৰিৰেই মূল পথ আৰু পাণ্ডুৰ দিশৰ পৰা অহা বিকল্প পথেৰে কেবা কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব দৰ্শনাৰ্থীসকল ৷ কিন্তু কিয় প্ৰশাসনে লৈছে এনে সিদ্ধান্ত ?

কামখ্যালৈ প্ৰতিবছৰে অম্বুবাচীত দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহে বহু লক্ষ লক্ষ ভক্ত ৷ জোতা-চেণ্ডেলক লৈ প্ৰশাসনে পূৰ্বৰ বছৰবোৰত বহু অসুবিধা পাই আহিছে ৷ গতিকে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত এইবাৰ প্ৰশাসনে পাদ দেশতে জোতা থৈ খালী ভৰিৰে মন্দিৰলৈ উঠি যোৱাৰ ব্যৱস্থা কৰিছে ৷ পূৰ্বৰ বছৰবোৰত অম্বুবাচীৰ পাচত ভক্তই এৰি থৈ যোৱা পেলনীয়া জোতা-চেন্দেলৰ সংখ্যা ইমানেই বেছি হয় যে সেইবোৰ ট্ৰাকেৰে নি পেলাবলগীয়া হৈ আহিছে ৷ লগতে সেইবোৰ সংগ্ৰহ কৰি পৰিষ্কাৰ কৰাটোও প্ৰশাসনৰ বাবে এক কষ্টকৰ কাম হৈ পৰে ৷

লগতে পঢ়ক : আজিৰে পৰা মহা অম্বুবাচী মেলা : 8 বাজি 35 মিনিট 14 ছেকেণ্ডত হ’ল প্ৰবৃত্তি - AMBUBACHI MELA 2024

এই প্ৰসংগত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে সংবাদ মাধ্যমক কয়- “এইবাৰ মা কামাখ্যা দৰ্শনৰ বাবে অহা সকলো ভক্তকে জোতা-চেন্দেল কামাখ্যালৈ উঠা মূল পথতে থৈ আহিবলৈ আহ্বান জনোৱা হৈছে ৷ নীলাচল পাহাৰৰ মূল পথৰ উৰণ সেতুৰ তলত জোতা-চেন্দেল ৰখাৰ বাবে ৰেকৰ ব্যৱস্থা কৰা হৈছে ৷ সকলোৱে তাতে নিজৰ জোতা-চেন্দেল ৰাখি খালী ভৰিৰে ওপৰলৈ যাব লাগিব ৷ পূৰ্বৰ অভিজ্ঞতাৰ পৰা এই ব্যৱস্থা কৰা হৈছে ৷ অন্যথা পূৰ্বতে অম্বুবাচীৰ পাচত ট্ৰাকেৰে জোতা-চেন্দেল পেলাবলগীয়া হৈছে ৷ এইবাৰ জোতা-চেণ্ডেল পাহাৰৰ ওপৰত মন্দিৰৰ ৰখাৰ ব্যৱস্থা কৰা হোৱা নাই ৷”

প্ৰশাসনৰ এন ব্যৱস্থাক লৈ এতিয়া বিভিন্ন পক্ষৰ পৰা প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ তলৰ পৰা ইমান ওপৰলৈ খালী ভৰিৰে পকা ৰাস্তাৰে কেনেকৈ ভক্তসকলে খোজ কাঢ়ি যাব ? এই প্ৰসংগতো পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়- “বেছি গৰম হ'লে ৰাস্তাত পানী মৰাৰ ব্যৱস্থা কৰা হ'ব ৷ তদুপৰি প্ৰশান্তি টুৰিষ্ট ল'জৰ পৰা কামাখ্যালৈ কাৰ্পেটৰ ব্যৱস্থা কৰা হৈছে ৷” কামাখ্যা মন্দিৰলৈ উঠি যোৱা মূল পথ আৰু পাণ্ডুৰ দিশৰ বিকল্প পথৰ তলতে ভক্ত সকলে চেণ্ডেল ৰাখিব পৰাকৈ ব্যৱস্থা কৰিছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ লোকৰ লগতে স্কাউট-গাইডৰ স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ? - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.